নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত একেদিনাই সৰ্বাধিক ৫১ গৰাকী ক’ভিড পজিটিভ

২গৰাকী ক'ভিড ৰোগীৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১১আগষ্টঃ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত টেঙাখাট ৰাজহ চক্ৰৰ অধীনস্হ এলেকাত আজিৰ দিনটোত জিলাখনৰ ভিতৰতে সৰ্বাধিক ক’ভিড পজিটিভ ৰোগী চিনাক্ত কৰা হৈছে । টেঙাখাট খণ্ড চৰকাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্হ‍্য কৰ্মীসকলে আজি জিলাখনৰ ভিতৰতে বৃহত্তৰ দুলীয়াজানত সৰ্বাধিক ৫৭৭ গৰাকী ব‍্যক্তিক ৰেপিড এন্টিজেন টেষ্ট কৰে ।

ৰেপিড টেষ্টৰ ফলাফলৰ যোগেদি নাওহলীয়া দোকান-বজাৰত ৯ গৰাকী, ডিৰিয়াল চাহ বাগিছাত ৯ গৰাকী, টিপলিং চাহ বাগিছাত ৬ গৰাকী, ক’ভিড পৰীক্ষা কেন্দ্ৰ দুলীয়াজান মধ‍্যজালনী প্ৰাথমিক বিদ‍্যালয়ত ২২ গৰাকীকে ধৰি ক’ভিড পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ অহা সন্দেহজনক আন ৫ গৰাকীৰ ব‍্যক্তিৰ দেহত ক’ভিডৰ উপস্হিতি ধৰা পৰিছে ।

শেহতীয়াকৈ আজিৰ দিনটোত দুলীয়াজানৰ পঞ্চাছোৰ্ধ ২ গৰাকী ক’ভিড ৰোগী ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত মৃত্যু ঘটিছে । প্ৰশাসনৰ সূত্ৰ অনুসৰি আজি পুৱতি নিশা ২ বজাত চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা নাওহলীয়া অঞ্চলৰ ৰমা ৰায় নামৰ ব‍্যক্তিগৰাকী পুৱা ৫ বাজি ২০ মিনিটত মৃত্যু হয় । আনহাতে কালি বিয়লি ৩ বজাত এএমচিএইচ-ত ভৰ্ত্তি হোৱা দুলীয়াজানৰ বাহাৰুল ইছলাম নামৰ ব‍্যক্তিজনৰ মৃত্যু হয় আজি পুৱা ৮ বজাত ।

ইফালে অইল ইণ্ডিয়া লিমিটেডৰ ভিতৰচ’ৰাতো ক’ভিড ৰোগীৰ সংখ্যা নিতৌ বৃদ্ধি পাবলৈ ধৰিছে । ৰোগীৰ বৃদ্ধিৰ সংখ্যালৈ লক্ষ্য ৰাখি দুলীয়াজান সমষ্টিত টেঙাখাটস্হিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় আৰু অইল ইণ্ডিয়া হায়াৰ চেকেণ্ডাৰী বিদ‍্যালয়ৰ লগতে অইল ইণ্ডিয়া হাস্পতালত ইতিমধ্যে ৩৪ খন বিছনাযুক্ত ক’ভিড কেয়াৰ চেন্টাৰ মুকলি কৰা হৈছে

You might also like