অসমৰ পৰা কিয় প্রত্যাহাৰ হ’ল ইনাৰ লাইন পার্মিট? ক্ষুব্ধ ছুপ্রিম ক’ৰ্ট
নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ অসমৰ বাবে ইনাৰ লাইন পার্মিট (আই এল পি) গুৰুত্বপূর্ণ বিষয় হিচাপে বিবেচিত হৈ আহিছে৷ বিশেষকৈ বিতর্কিত নাগৰিকত্ব সংশোধনী আইনৰ (কা) পৰিপ্রেক্ষিতত আই এল পিৰ গুৰুত্ব অপৰিসীম৷ পিছে সংসদত ‘কা’ গৃহীত হোৱাৰ প্রাক্মুহূর্তত অসমৰ পৰা আই এল পি কিয় প্রত্যাহাৰ কৰা হ’ল, সেই সন্দর্ভত উচ্চতম ন্যায়ালয়ে যোৱা ফেব্রুৱাৰী মাহত কেন্দ্রীয় চৰকাৰলৈ জাননী জাৰি কৰিছিল যদিও চৰকাৰে আজিকোপতি কোনো শপতনামা দাখিল নকৰাত ক্ষুব্ধ ন্যায়ালয়ে মঙলবাৰে কেন্দ্রীয় চৰকাৰক ভর্ৎসনা কৰে৷ সমগ্র বিষয়টোত অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ আৰু সদৌ তাই আহোম ছাত্র সন্থাৰ দুখনকৈ সুকীয়া আবেদনৰ শুনানি গ্রহণ কৰি মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ বোবডেৰ নেতৃত্বাধীন তিনিজনীয়া খণ্ড বিচাৰপীঠে অসমৰ বাবে আই এল পি এটা ‘ছিৰিয়াছ মেটাৰ’ আখ্যা দি অহা দুই সপ্তাহৰ ভিতৰত কেন্দ্রীয় চৰকাৰক এইক্ষেত্রত মতামত দাঙি ধৰিবলৈ আজি পুনৰ জাননী জাৰি কৰে৷ শুনানিকালত সদৌ তাই আহোম ছাত্র সন্থাক প্রতিনিধিত্ব কৰি জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে আই এল পি প্রত্যাহাৰৰ জাননীখনৰ অন্তর্ৱর্তীকালীন স্থগিতাদেশ জাৰি কৰাৰ আবেদন জনায়৷ পিছে নাগৰিকত্ব সংশোধনী আইনখন এতিয়াও কার্যকৰী নোহোৱাৰ কাৰণ দর্শাই মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে তেনে নির্দেশ দিয়াৰ পৰা বিৰত থাকে৷ লক্ষণীয়ভাৱে অসমৰ ক্ষেত্রত নাগৰিকত্ব সংশোধনী আইনখন সুকীয়াকৈ বিশ্লেষণৰ অৱকাশ থকা বুলি মুখ্য ন্যায়াধীশজনে মত ব্যক্ত কৰে৷ আনহাতে, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদক প্রতিনিধিত্ব কৰি অধিবক্তা ৰুণা ভূঞাই ইমান দিন কেন্দ্রীয় চৰকাৰে কোনো ধৰণৰ মতামত দাখিল নকৰাৰ বিষয়টো উত্থাপন কৰে৷ ইয়াৰ পাছতেই ন্যায়ালয়ে কেন্দ্রীয় চৰকাৰক দুই সপ্তাহৰ ভিতৰত শপতনামাযোগে মতামত দাখিল কৰিবলৈ নির্দেশ প্রদান কৰে৷ উল্লেখ্য যে ব্রিটিছ শাসনকালত প্রৱর্তন কৰা বেংগল ইষ্টার্ন ফ্রণ্টিয়াৰ ৰেগুলেচনৰ অধীনত অসমত আই এল পিৰ ব্যৱস্থা থকা সত্ত্বেও কেন্দ্রৰ বিজেপি চৰকাৰে বিতর্কিত নাগৰিকত্ব সংশোধনী আইনখন বলৱৎ কৰাৰ প্রাক্মুহূর্তত অসমৰ পৰা আই এল পিৰ ব্যৱস্থা গেজেট নটিফিকেচনৰ জৰিয়তে যোৱা বছৰ ১১ ডিচেম্বৰত প্রত্যাহাৰ কৰিছিল৷ পিছে কেন্দ্রৰ এই হঠকাৰী সিদ্ধান্তক প্রত্যাহ্বান জনাই চলিতবছৰত তাই আহোম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ উচ্চতম ন্যালায়ৰ দ্বাৰস্থ হৈছিল৷ দেশজুৰি চলি থকা লকডাউনৰ পূর্বে দুয়োখন আবেদনৰ প্রথমখন শুনানি গ্রহণ কৰা হৈছিল তথা সমগ্র বিষয়টোত কেন্দ্রীয় চৰকাৰক জাননীও জাৰি কৰিছিল মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ বোবডেৰ বিচাৰপীঠে৷ কিন্তু কেন্দ্রীয় চৰকাৰে সমগ্র বিষয়টোত কোনোধৰণৰ গুৰুত্ব প্রদান নকৰাত স্বাভাৱিকভাৱেই আজি ক্ষুব্ধ হৈ পৰে মুখ্য ন্যায়াধীশৰ বিচাৰপীঠ৷ উল্লেখ্য যে অসমত ইনাৰ লাইন পার্মিটৰ ব্যৱস্থা থাকিলে নাগৰিকত্ব সংশোধনী আইন ৰাজ্যখনত প্রযোজ্য নহ’ব৷ কাৰণ আইনখন বলৱৎ হোৱাৰ পৰা আই এল পি থকা ৰাজ্যসমূহক আঁতৰাই ৰখা হৈছে৷