ছিপাঝাৰত ক’ভিড-১৯ত আক্ৰান্ত হৈ এজনৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট: ক’ভিডে পুনৰ এজন লোকৰ প্ৰাণ ল’লে দৰঙত। ক’ভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাতে আজি মৃত্যুক আঁকোৱালি লয় ছিপাঝাৰৰ সৰাবাৰী-দেওধনী ঘাটৰ ব্যৱসায়ী দিলীপ ভাগৱতীয়ে (৫৩)। উল্লেখযোগ্য যে ক’ভিড টেষ্টত দিলীপ ভাগৱতীৰ লগতে পুত্ৰ আৰু পত্নীৰো পজিটিভ ওলাইছিল। স্বাস্থ্য বিভাগৰ লগত আলোচনামৰ্মে আটাইকেইগৰাকীয়েই ঘৰতে কোৱাৰেণ্টাইন হৈ আছিল। কিন্তু শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱ কৰাত মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল লোকজনক। কিন্তু নিশাই স্বাস্থ্যৰ অৱনতি ঘটাত লোকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও তাতেই মৃত্যুক সাৱটি লয় লোকজনে। ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই ক’ভিড আক্ৰান্ত হৈ লোকজনৰ মৃত্যু নিশ্চিত কৰিছে। লক্ষণীয় যে ইয়াকে লৈ দৰং জিলাত ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে ৯জনলৈ।
Photo