মাধৱপুৰত ৬৫০ চি এফ টি চোৰাং কাঠভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত
নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ আজি পুৱতিনিশা প্ৰায় ২-৩০ বজাত তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী অঞ্চল বৰডুমচাৰ মাধৱপুৰত এখন চোৰাং কাঠভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হয়। এ এছ ০১ এল চি ৮৭৯৭ নম্বৰৰ চোৰাং কাঠভৰ্তি বাৰচকীয়া ট্ৰাকখন অৰুণাচল প্ৰদেশৰ পৰা অসমৰ আলুবাৰীত প্ৰৱেশ কৰি ২ নং মহঙেদি আহি মাধৱপুৰ তিনিআলিত পেঙেৰী দিশে ঘূৰিবলৈ লওঁতেই গাড়ীখনে ভাৰসাম্য হেৰুৱাই নলাত বাগৰি পৰে। উল্লেখ্য যে ঘটনাস্থলীৰ পৰা অসম আৰু অৰুণাচল প্ৰদেশৰ বৰডুমচা (দুয়োখনৰ নাম একেই) থানালৈ দূৰত্ব মাথোঁ ৩০০ মিটাৰ। দুৰ্ঘটনাত পতিত হোৱাৰ পাছতেই বাহনখনৰ চালক আৰু হেণ্ডিমেনে পলায়ন কৰে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে পূৰ্বৰ স্বাভাৱিক অৱস্থাৰ দৰেই ক’ৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত নৈশ লকডাউন কালতো একাংশ বন মাফিয়াই অৰুণাচলৰ পৰা ভিতৰুৱা পথেদি প্ৰায় প্ৰতি নিশাই এনেদৰে গাড়ীয়ে গাড়ীয়ে অবৈধ কাঠ সৰবৰাহ কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। তৎসত্ত্বেও আৰক্ষী তথা প্ৰসাশনে কোনোধৰণৰ প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। দুৰ্ঘটনাত পতিত বাহনখনৰ কাঠসমূহ কোনে সৰবৰাহ কৰিছিল সেই কথা বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও একেলগে অহা আন দুখন কাঠভৰ্তি ট্ৰাক নিৰ্বিঘ্নে পাৰ হৈ যায় বুলি প্ৰত্যক্ষদৰ্শীৰ সূত্ৰত প্ৰকাশ। অবৈধ কাঠৰ মুকলি বেহা বন্ধ কৰা তথা বনজ সম্পদৰ ধ্বংসযজ্ঞ ৰোধ কৰিবলৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পেঙেৰী-বৰডুমচা আঞ্চলিক সমিতিয়ে চৰকাৰ তথা প্ৰসাশনক দাবী জনাইছে যদিও তাৎপৰ্যপূৰ্ণভাৱে উঠা অভিযোগ অনুসৰি অবৈধ কাঠৰ ছিণ্ডিকেটৰে একাধিক ছাত্ৰ সংগঠনৰ নেতা জড়িত আছে। বিভাগীয় বিষয়াই জনোৱা মতে. দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনত বীম আকাৰৰ কাঠখিনিৰ পৰিমাণ প্ৰায় ৬৫০ চি এফ টি। কাঠখিনি কেইবাখনো গাড়ীতে পেঙেৰীস্থিত খাটাংপানী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ নিয়া হয়। একেদৰে দুখন ৰিক’ভাৰী ভানেৰে ট্ৰাকখন উঠাবলৈ চেষ্টা অব্যাহত ৰাখিছে।