গোৰেশ্বৰ পৰিষদীয় সমষ্টি বিপিএফে অক্ষুণ্ণ ৰাখিব পাৰিবনে ?
নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ বিটিচি পৰিষদৰ চতুৰ্থতো নিৰ্বাচনৰ দিন ঘোষণা কৰিও ক’ৰোনা ভাইৰাছৰ বাবে নিৰ্বাচন স্থগিত ৰাখিছে ৰাজ্যিক নিৰ্বাচন আয়োগে।অৱশ্যে বৰ্তমানেও নিৰ্বাচনৰ দিন আয়োগে ধাৰ্য কৰা নাই যদিও ৰাজনৈতিক দল তথা প্ৰাৰ্থীৰ মাজত অব্যাহত আছে নিৰ্বাচনী কুচকাৱাজ। উল্লেখ্য যে বাগসাৰ ৩০ নং গোৰেশ্বৰ (জনজাতি) সমষ্টিতো অব্যাহত আছে প্ৰাৰ্থীসকলৰ নিৰ্বাচনী ৰণকৌশল তথা প্ৰচাৰ কাৰ্য। সমষ্টিটো সম্প্ৰতি বিপিএফৰ দখলত আছে যদিও এইবাৰ প্ৰতিষ্ঠানবিৰোধী ঢৌ তুংগত উঠিছে। বিপিএফৰ প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰী (মৌকথাং)য়ে সমষ্টিটোৰ পৰা দুবাৰকৈ জয়ী হৈ বিটিচি পৰিষদৰ কাৰ্যবাহী সদস্য হৈ কেইবাটাও গুৰুত্বপুৰ্ণ বিভাগৰ দপ্তৰো লাভ কৰিছিল। কিন্তু উক্ত সময়ছোৱাত সমষ্টিৰ কোনো বিশেষ উন্নয়ন সাধিব নোৱাৰাৰ অভিযোগ ভোটাৰ ৰাইজৰ মাজত। প্ৰাপ্ত ভোটাৰ ৰাইজৰ অভিযোগ মতে, মহেশ্বৰ বসুমতাৰীয়ে বিটিচি পৰিষদৰ ই এম দুবাৰকৈ হোৱাৰ পিছতো পোন্ধৰ বছৰ পিছতো গুৰমৌ-খন্দিগড় পথৰ ধুলাবড়ীত পুঠিমাৰীৰ ওপৰত নিৰ্মাণ আৰম্ভ কৰা দলঙৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিব নোৱাৰিলে।অঞ্চলবাসীৰ অভিযোগ দলং নিৰ্মাণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰে ই এমগৰাকীয়ে কমিচন বিচৰাৰ বাবে অসম্পূৰ্ণ কৰি নিৰ্মাণকাৰ্য বন্ধ কৰি দিয়ে, যাৰ বাবে এখন দলং নিৰ্মাণৰ বাবে বৰ্তমানলৈকে তিনিগৰাকীকৈ ঠিকাদাৰে কাম কৰিও আজিলৈকে সম্পূৰ্ণ কৰিব নোৱাৰা বুলি অভিযোগ উত্থাপন কৰে। ইয়াৰ বাবে অঞ্চলবাসীয়ে বিপদসংকুলভাৱে ৰে’লৱে দলঙেৰে যাতায়াত অব্যাহত ৰাখিছে। ফলত বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিতও হৈ আহিছে। সেয়েহে অঞ্চলবাসীয়ে এইবাৰৰ নিৰ্বাচনত বিপিএফৰ প্ৰাৰ্থী তথা প্ৰাক্তন ই এম মহেশ্বৰ বসুমতাৰীৰ বিৰুদ্ধে উঠিপৰি লাগিছে। উল্লেখ্য যে অকল সেয়াই নহয় প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে সমষ্টিটোৰ চুকে-কোণে সম্প্ৰতি উন্নয়নৰ ফোঁপোলা স্বৰূপৰ কথাই বিদ্যমান। সেয়েহে প্ৰাৰ্থীগৰাকীয়ে কি প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী বৈতৰণী পাৰ কৰে সেয়াহে লক্ষণীয় হৈ পৰিছে। আনহাতে সমষ্টিটোত শক্তিশালী ৰূপত যুৱ নেতা সুৰেন চন্দ্ৰ বড়োৱে সবল ৰূপত নিৰ্বাচনী যুঁজত নামি পৰিছে।ইতিমধ্যে ভোটাৰ ৰাইজৰ মাজতো বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। যুৱ নেতাগৰাকীয়ে ইতিমধ্যে সদল-বলে ভোটাৰ ৰাইজৰ মাজত সোমাই পৰি বিপিএফৰ প্ৰাৰ্থী তথা প্ৰাক্তন ই এম মহেশ্বৰ বসুমতাৰীয়ে যে সমষ্টিবাসীক প্ৰতাৰণা কৰি অহাৰ লগতে বিভিন্ন দুৰ্নীতি সংঘটিত কৰাৰো অভিযোগ উত্থাপন কৰি ভোটাৰৰ মন আকৰ্ষণ কৰাত উঠিপৰি লাগিছে। উল্লেখ্য যে সমষ্টিটোত বিজেপিয়ে গজেন্দ্ৰ বড়োক প্ৰাৰ্থীত্ব দিছে যদিও প্ৰাৰ্থীগৰাকী সমষ্টিবাসীৰ অচিনাকি মুখৰ।বহু ভোটাৰে প্ৰাৰ্থী গৰাকীৰ ছাঁতোকে দেখিবলৈ পোৱা নাই বুলি ভোটাৰ ৰাইজও অভিযোগ কৰিলেও অৱশ্যে মন্ত্ৰী ভৱেশ কলিতাই দিনে-নিশাই প্ৰাৰ্থীগৰাকীক জয়ী কৰি নিবলৈ উঠিপৰি লগা বুলি জানিবলৈ দিয়ে।য়আনহাতে ইউ পি পি এল দলৰ প্ৰাৰ্থী হিচাপে বিটিচি পৰিষদৰ প্ৰাক্তন সদস্য তথা বিপিএফ ত্যাগী পৱিত্ৰ কুমাৰ বড়োক প্ৰাৰ্থিত্ব দিছে যদিও প্ৰাৰ্থীগৰাকীয়ে পৰিষদৰ সদস্য হৈ থকা সময়ছোৱাত ভোটাৰ ৰাইজক দিয়া মিথ্যাপ্ৰতিশ্ৰুতি তথা আশ্বাসৰবাবে এইবাৰ ভোটাৰ ৰাইজে প্ৰাৰ্থীগৰাকীক সহজভাৱে আঁকোৱালি ল’বলৈ টান পোৱা বুলি ভোটাৰ ৰাইজ তথা ৰাজনৈতিক পৰ্যবেক্ষক মহলত চৰ্চিত হৈছে।