‘তৰুণ গগৈক মই পাছফালৰ পৰা আক্ৰমণ কৰা নাই, সন্মুখৰ পৰা কৰিছো’
নিয়মীয়া বাৰ্তা, ১৭ আগষ্টঃ তৰুণ গগৈক মই পাছফালৰ পৰা আক্ৰমণ কৰা নাই। যেতিয়া মাৰিছো আগফালৰ পৰাই যুদ্ধত অৱতীৰ্ণ হৈছো। এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তৰুণ গগৈ আৰু তেওঁ পুত্ৰইহে মোক আগফালৰ পৰা আক্ৰমণ কৰিছে।
মই সন্মুখৰ পৰা যুদ্ধত অৱতীৰ্ণ হৈছো। ৰাইজৰ আদালতত গৈ সাহসৰে যুঁজিছো। সেয়ে আজি মই মন্ত্ৰী হৈ আছো আৰু তেওঁ বিৰোধী পক্ষত আছে। নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নত এইদৰে কয় মন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে কয় যে নিৰ্বাচনী ফলাফল মোৰ মতেই হ’ব।