নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহা সৰিয়হতলি শান্তিপুৰৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ এক যন্ত্ৰণাময় কাহিনী!

এন,কে ,ফ্লাইটিছ ৰোগত আক্ৰান্ত হৈ বাৰ বছৰে চিকিৎসাধীন, বিজেপি যুৱকৰ্মী সঞ্জীৱ হাজৰিকাই দিলে এখন হুইল চেয়াৰ

নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ   এগৰাকী ১৩ বছৰীয়া কিশোৰী।মাক-দেউতাকৰ কোলাত উঠে, বাহিৰলৈ যায়, গা ধুৱে, ভাত খাই আৰু কাপোৰখিনিও পিন্ধাই দিব লাগে। প্ৰতি নিয়ত চকুৰ আগত পিতৃ-মাতৃক বিচাৰে কিশোৰী গৰাকীয়ে আৰু যদিহে দেখা নাপাই তেতিয়াই লাগি যায় হুলস্থুল। হয়, এনে এক কৰুণ তথা জীয়া কাহিনীৰে পূৰ্ণ এগৰাকী তেৰ বছৰীয়া কন্যা সন্তানৰ কাহিনীয়ে সকলোকে আৱেগিক কৰি    তুলিব সেয়া অতি স্পষ্ট। নগাঁও জিলাৰ ৰহা ৰাজহচক্ৰৰ অন্তৰ্গত সৰিয়হতলিৰ শান্তিপুৰৰ পবিত্ৰ নাথৰ(৩৭) তেৰবছৰীয়া কন্যা সন্তান গৰাকীৰ এনে যন্ত্ৰণাময় কৰুণ কাহিনীয়ে চৰম হতাশা আৰু দুৰ্যোগ নমাই আনিছে পৰিয়ালটোলৈ। উল্লেখ্য যে, অপ্ৰাদেশীকৃত সৰিয়হতলি আঞ্চলিক হাইস্কুলৰ চতুৰ্থবৰ্গৰ কৰ্মচাৰী হিচাপে পবিত্ৰ নাথে বৰ্তমানলৈকে দহ বছৰ ধৰি বিনা বেতনেৰে কাম কৰি আছে। দুটি সন্তান সহ বিদ্যালয়ৰ কৰ্তব্যৰ লগতে দিন হাজিৰা কৰি কোনোমতে পোহপালন কৰি থকাৰ মাজতে তেঁওলোকৰ মাজলৈ নামি আহিছিল এক দুৰ্যোগ। দ্বিতীয় সন্তান তথা একমাত্ৰ কন্যা সন্তানটি ডেৰ বছৰ বয়সতেই আক্ৰান্ত হৈছিল জ্বৰ। পাছত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে। তাতে চিকিৎসকে এনকে ফ্লাইটিচ ৰোগত আক্ৰান্ত বুলি কয়। কিন্তু তাত বিশেষ সুফল লাভ নকৰাত গুৱাহাটী জি এন আৰ চিত চিকিৎসা কৰে। তাতো অধিক ধন ব্যয় কৰিব নোৱাৰাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰি চিকিৎসা কৰে। এনেদৰে ইখন পাছত সিখনকৈ চিকিৎসালয় আৰু চিকিৎসক সলনি কৰি বিশেষ একো উন্নতি নোহোৱাত তদুপৰি আৰ্থিক দুৰৱস্থাৰ বাবে অৱশেষত ঘৰলৈ আনি ঘৰৰ পৰাই চিকিৎসা কৰি থাকিল। এইদৰে বৰ্তমান সময়ৰলৈকে  সুদীৰ্ঘ বাৰ বছৰ কাল এনেদৰেই চিকিৎসা প্ৰদানৰ নামত একমাত্ৰ ঘৰৰ ভেটিটোৰ বাদে সকলো খেতিমাটি বন্ধকত দিলে পিতৃ পবিত্ৰ নাথে। অতি দুখৰ বিষয়টো হ’ল চিকিৎসাৰ বিনিময়ত মাটি-বাৰী বিক্ৰী কৰি হায়ৰাণ হোৱা পৰিয়ালটোৰ বাবে অৱশেষত ককাক মিলন নাথে নিজৰ ঘৰৰ দুবিঘা তামোলবাৰীও বন্ধকত দিব লগা হ’ল। কিন্তু আজিও আৰ্থিক অভাৱৰ বাবে উপযুক্ত চিকিৎসাৰ কৰিব পৰা নাই পৰিয়াল বৰ্গই। অন্যহাতে শেহতীয়াকৈ কিশোৰী গৰাকীৰ এনে অৱস্থাৰ খবৰ লাভ কৰি বাসভৱনত উপস্থিত হয় ৰহা সমষ্টিৰ বিজেপিৰ যুৱকৰ্মী সঞ্জীৱ হাজৰিকা। বিজেপিৰ কৰ্মী গৰাকীয়ে কিশোৰী গৰাকীৰ অভিভাৱকৰ লগত কথাপাতি কিশোৰী গৰাকীৰ উঠা-বহা আৰু বাহিৰলৈ অহা-যোৱাৰ সুবিধাৰ্থে এখন হুইল চেয়াৰ প্ৰদান কৰিব বুলি আশ্বাস দিছিল আৰু কালি চহৰী পঞ্চায়তৰ একাংশ বিজেপি কৰ্মীৰ দ্বাৰা উক্ত হুইল চেয়াৰখন কিশোৰী গৰাকীক প্ৰদান কৰে। পিতৃ পবিত্ৰ নাথ আৰু পৰিয়ালে এই কাৰ্যৰ বাবে বিজেপি যুৱকৰ্মী সঞ্জীৱ হাজৰিকাক শলাগ আৰু কৃতজ্ঞতা জনাইছে। তদুপৰি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি যদিহে অধিক উপযুক্ত চিকিৎসা কৰাব পাৰিলে কন্যা সন্তান গৰাকী নিশ্চিত ভাৱে সুস্থসৈ উঠিব বুলি আশা কৰিছে। কন্যা সন্তান গৰাকীক কিদৰে সুস্থ কৰি তুলিব তাৰে চিন্তাত মাতৃ ৰত্নেশ্বৰী দেৱীৰো স্বাস্থ্য অৱনতি ঘটিছে। সেহে অসমৰ সুহৃদলোকক  কিশোৰী গৰাকীৰ চিকিৎসাৰ বাবে কিছু আৰ্থিক  সহায় কৰি এক নতুন জীৱন প্ৰদান কৰিবলৈ পৰিয়ালে আহ্বান জনাইছে। পিতৃৰ একাউন্ট নম্বৰ হ’ল- পবিত্ৰ নাথ -এচি নং- ৭২৬৫০২৬০০২৯৮১-আইএফচি কোড-UTBI0RRBAGB চাপৰমুখ শাখাত জমা দিবলৈ অনুৰোধ জনাইছে। তদুপৰি পিতৃ ৬০০২৩৪০১০৮  নম্বৰত ফোন কৰিও সহায় কৰিব পাৰিব। উল্লেখ্য যে, বিজেপি কৰ্মী সঞ্জীৱ হাজৰিকাৰ এনে মহানুভৱতাক সকলোৱে আদৰণি জনাইছে।

You might also like