নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাহ জনগোষ্ঠীৰ বাবে ৮ খন আঁচনি ঘোষণা মন্ত্ৰী সঞ্জয় কিষাণৰ

নিয়মীয়া বাৰ্তা, তিনিচুকীয়াঃ অসমত বসবাস কৰা চাহজনগোষ্ঠীৰ আৰ্থ-সামাজিক উন্নয়ণৰ বাবে বৰ্তমান চৰকাৰে প্ৰবৰ্তন কৰি থকা ৮ খন আঁচনিৰ কাম অধিক গতিশীল কৰাৰ লগতে স্বচ্ছ কৰাৰ বাবে আৰম্ভ কৰা হৈছে online প্ৰক্ৰিয়া ৷

এই বিষয়কলৈ আজি তিনিচুকীয়াত শ্ৰম আৰু চাহজনগোষ্ঠী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণে এক সংবাদমেল আয়োজন কৰে ৷ সংবাদমেলত মন্ত্ৰী কিষাণে ৮ খন আঁচনিৰ অধীনত ২০২০-২১ বিৰ্ত্তীয় বৰ্ষৰ বাবে সৰ্বমুঠ ৬৩ কোটি টকা আৱন্টন দিয়াৰ কথা ঘোষণা কৰে ৷ বিশেষকৈ প্ৰাক প্ৰাথমিক জলপানী ৩০০০ টকাকৈ ২২৪৬ গৰাকী ছাত্ৰ-ছাত্ৰীক দিয়াৰ কথা জানিব দিয়ে।

প্ৰৱেশিকা জলপানিৰ বাবে ৬ কোটি টকা,উচ্চ শিক্ষাৰবিত্তীয় অনুদানৰ বাবে ২ কোটি টকা,ANM/GNM/ কাৰিকৰী শিক্ষাৰ বাবে ৪ কোটি, উচ্চ শিক্ষাৰ  বাবে ১ কোটি,দয়াল দাস পাণিকা স্বনিয়োজন আঁচনিৰ বাবে৪০ কোটি আৰু বিশেষকৈ চাহ বাগিচাৰ মহিলা সকলৰ আত্মসহায়ক গোটৰ বাবে ১ কোটি টকাৰ অনুদান লোৱাৰ কথা ঘোষণা কৰে ৷ সংবাদমেলত মন্ত্ৰী কিষাণে সংবাদমেলত জানিব পৰা মতে চাহজনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা ছাত্ৰ আৰু যুৱ সংগঠনে চাহজনগোষ্ঠীৰ বাবে কাম কৰিবলৈ আহ্বান জনাই।

You might also like