নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ বৰঘৰত জোকাৰণিঃ নেতৃত্বৰ পৰিৱর্তন–চিডব্লিউ স্বচ্ছ নির্বাচনৰ দাবীৰে ছোনিয়ালৈ পত্র

নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ  ৰাজস্থানৰ ৰাজনৈতিক অচলাৱস্থাৰ অন্ত পৰিলেও কংগ্রেছত অব্যাহত আছে গৃহযুদ্ধ৷ যিয়ে ১৩৫ বছৰ পুৰণি দলটোৰ বৰঘৰত এতিয়া তীব্র জোকাৰণি তুলিছে৷ স্বাধীনতাৰ পাছত নেহৰু–গান্ধী পৰিয়ালৰ সদস্যসকলেই সর্বাধিক কাল কংগ্রেছক নেতৃত্ব প্রদান কৰি আহিছে৷ এইক্ষেত্রত সভাপতি নির্বাচনৰ বিষয়টো পৰিণত হৈছে কেৱল নিয়মমাফিক কার্য ৰূপে৷ কিন্তু এইবাৰ পৰিস্থিতি সম্পূর্ণ সুকীয়া৷ নির্দিষ্ট প্রক্রিয়াৰ মাজেৰে দলৰ সভাপতি নির্বাচিত কৰাৰ দাবীত বিগত কেইমাহমান ধৰি একাংশ কংগ্রেছ নেতাই সৰৱ হৈ আহিছে৷ ইয়াৰ মাজতে গান্ধী পৰিয়ালৰ বিৰুদ্ধে দলত প্রায় ১০০ সাংসদ–নেতাই ঘোষণা কৰিলে মুকলি বিদ্রোহ৷ অবিলম্বে নেতৃত্বৰ পৰিৱর্তন আৰু কংগ্রেছ ৱর্কিং কমিটীত (চি ডব্লিউ চি) স্বচ্ছ নির্বাচনৰ দাবীৰে তেওঁলোকে ছোনিয়া গান্ধীলৈ আনুষ্ঠানিকভাৱে এখন পত্র প্রেৰণ কৰিছে৷ প্রায় ১০০ সাংসদ–নেতাৰ মুকলি বিদ্রোহ আৰু ছোনিয়া গান্ধীলৈ এখন পত্র প্রেৰণৰ বিষয়টো ৰাজহুৱা কৰিছে ইতিমধ্যে মুখপাত্র পদৰ পৰা অপসাৰিত সঞ্জয় ঝাই৷ টুইটাৰযোগে এই সন্দর্ভত ঝাৰ তথ্য– ‘দলৰ অভ্যন্তৰত সৃষ্টি হোৱা পৰিস্থিতিত উদ্বিগ্ণ হৈ সাংসদসহ দলৰ প্রায় ১০০জন নেতাই ইতিমধ্যে ছোনিয়া গান্ধীলৈ এখন পত্র প্রেৰণ কৰিছে৷ নেতৃত্বৰ পৰিৱর্তন আৰু চি ডব্লিউ চিত স্বচ্ছ নির্বাচনৰ দাবী উত্থাপন কৰিছে তেওঁলোকে৷’ উল্লেখ্য যে ২০১৯ৰ লোকসভা নির্বাচনৰ পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি ৰাহুল গান্ধীয়ে কংগ্রেছ সভাপতিৰ পদ ত্যাগ কৰিছিল৷ পৰিস্থিতি চম্ভালি লৈ তেতিয়া ছোনিয়া গান্ধীয়ে দলৰ অন্তর্ৱর্তীকালীন সভাপতিৰ দায়িত্ব গ্রহণ কৰে৷ নতুন সভাপতিৰ দায়িত্ব গ্রহণ নকৰাপর্যন্ত সাময়িকভাৱে তেৱেঁই কার্যভাৰ চলাই যাব বুলি সেই সময়ত সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ ইতিমধ্যে এবছৰ কাল উকলি গ’ল৷ যোৱা ১০ আগষ্টত অন্তর্ৱর্তীকালীন সভাপতি হিচাপে ছোনিয়া গান্ধীৰ কার্যকালৰো অন্ত পৰিছে৷ অৱশ্যে যেতিয়ালৈকে নতুন সভাপতি নির্বাচিত নহয়, তেতিয়ালৈকে তেৱেঁই দায়িত্বত থাকিব বুলি দলীয় সূত্রত প্রকাশ৷ কিন্তু ইয়াৰ মাজতে নেতৃত্বৰ পৰিৱর্তন আৰু চি ডব্লিউ চিত স্বচ্ছ নির্বাচনৰ দাবী উত্থাপন হোৱা তথা ইয়াৰ বাবে আনুষ্ঠানিক পত্র প্রেৰণ কৰা বিষয়টোৱে বিশেষ তাৎপর্য বহন কৰিছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধীৰ মধ্যস্থতাত শচীন পাইলটে ৰাজস্থানলৈ উভতি যোৱাৰ পাছতেই পুনৰ দলৰ দায়িত্ব ৰাহুল গান্ধীৰ হাতত অর্পণ কৰাৰ সম্ভাৱনাক লৈ ব্যাপক চর্চা অব্যাহত আছে৷ তাৰ মাজতে প্রায় ১০০জন দলীয় সাংসদ–নেতাই নেতৃত্বৰ পৰিৱর্তন তথা স্বচ্ছ নির্বাচনৰ দাবী তুলি ছোনিয়া গান্ধীলৈ পত্র প্রেৰণ কৰাটো বিবেচিত হৈছে বিশেষ তাৎপর্যপূর্ণ ৰূপে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি জ্যোতিৰাদিত্য সিন্ধিয়াই কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পাছৰে পৰাই গান্ধী পৰিয়ালৰ হাতত দলৰ নেতৃত্বভাৰ থকাক লৈ প্রশ্ণ উত্থাপন হৈ আহিছে৷ য’ত আৰু অধিক ইন্ধন যোগাইছে ৰাজস্থানৰ সাম্প্রতিক ঘটনাৱলীয়ে৷ কোনোমতে ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধীয়ে পৰিস্থিতি চম্ভালিবলৈ সক্ষম হ’লেও শচীন পাইলট–শোক গেহলটৰ মাজৰ মতবিৰোধ সাময়িকভাৱেহে অন্ত পৰিছে৷ দলৰ একাংশ শীর্ষ নেতাৰ মতে অনাগত সময়ছোৱাত ৰাজস্থানৰ কংগ্রেছী ৰাজনীতিত পুনৰ বিস্ফোৰণ ঘটিব পাৰে৷ সেয়েহে দলত সকলোৰে মাজত ভাৰসাম্য বজাই ৰাখিব পৰা বিকল্প নেতৃত্বৰ সন্ধান চলিছে৷ এই প্রসংগত দলৰ জ্যেষ্ঠ সাংসদ শশী থাৰুৰৰ এক মন্তব্য বিবেচিত হৈছে যথেষ্ট ইংগিতপূর্ণ ৰূপে৷ ৰাহুল গান্ধীৰ ওপৰত ভৰসা কৰি বহি থকাটো উচিত নহয় বুলি উল্লেখ কৰি থাৰুৰে কয় যে কংগ্রেছ নেতাসকলৰ বাবে সভাপতি হিচাপে ৰাহুল গান্ধী এতিয়াও প্রথম পছন্দৰ৷ তেওঁ পদত্যাগ–পত্র প্রত্যাহাৰ কৰিলেই হ’ল৷ কিন্তু তেওঁ যদি এইক্ষেত্রত ৰাজী নহয়, তেন্তে আমি বিকল্পৰ সন্ধান কৰিব লাগিব৷ কিয়নো এজন অন্তর্ৱর্তীকালীন সভাপতিয়ে দলৰ সকলো দায়িত্ব নিজৰ কান্ধৰ ওপৰত তুলি লোৱাৰ আশা কৰিব নোৱাৰি৷ সেয়েহে সভাপতি তথা কংগ্রেছ ৱর্কিং কমিটীৰ অন্যান্য পদসমূহৰ বাবে নির্বাচন হ’লে সেয়া দলৰ পক্ষেই লাভজনক৷ কংগ্রেছ সন্দর্ভত মানুহৰ মাজত বিৰূপ ধাৰণাৰ সৃষ্টি হৈছে৷ এনে ধাৰণা আঁতৰাবলৈ হ’লে আমি অবিলম্বে সভাপতি নির্বাচনৰ প্রক্রিয়া আৰম্ভ কৰা উচিত৷ লক্ষণীয়ভাৱে সভাপতি নির্বাচনৰ বিষয়টোক লৈ ইতিমধ্যে কংগ্রেছ শিবিৰ বহুধাবিভক্ত হৈ পৰিছে৷ বিশেষকৈ প্রবীণ আৰু তৰুণ প্রজন্মৰ নেতাসকলৰ মাজত এইক্ষেত্রত পৰিলক্ষিত হৈছে স্পষ্ট মতবিৰোধ৷ তৰুণ প্রজন্মৰ গৰিষ্ঠসংখ্যকে ৰাহুল গান্ধীৰ পক্ষত অৱস্থান কৰিলেও প্রবীণ নেতাসকলে দলক স্থায়ীভাৱে নেতৃত্ব দিব পৰা নেতাকহে সভাপতি পদত বহুওৱাৰ পক্ষপাতি৷ পৰিণতিত বিগত দুটাকৈ লোকসভা নির্বাচনত মুখথেকেচা খোৱা আৰু কেইবাখনো ৰাজ্যৰ শাসন ক্ষমতা হেৰুওৱা দলটোৰ অভ্যন্তৰত ক্রমশঃ বৃদ্ধি পাই গৈ আছে ক্ষোভ–সন্তুষ্টি৷

You might also like