তিনি মিচিং সংগঠনৰ জোনাইত চাৰি শতাধিক বানাক্ৰান্তক বান সাহায্য
নিয়মীয়া বাৰ্তা, ১৯ আগষ্টঃ চিয়াং নদীৰ বানৰ কবলত পৰা ধেমাজি জিলা জোনাই মহকুমাৰ বানে বিধ্বস্ত কৰা বেৰাচাপৰি অঞ্চল পৰিদৰ্শন আৰু বানাক্ৰান্ত ৰাইজৰ বুজ লৈ বন্যাৰ্তৰ মাজত বান সাহায্য বিতৰণ কৰি সহায়ৰ হাত আগবঢ়ায় টি এম পি কে, এম এম কে আৰু টি এম এম কেই ৷
উল্লেখ্য যে বিগত বছৰবোৰতকৈ এইবছৰ নদীসমূহৰ চিয়াং নৈৰ বাঢ়নী পানী আৰু জোনাই মহকুমাত থকা নদীসমূহৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ লৈছে। দুখীয়া ৰাইজৰ কৃষিভূমি আৰু পশুধনৰ লগতে সা-সম্পত্তি বিনষ্ট কৰাৰ পৰিপ্ৰেক্ষিতত জোনাইৰ নৈপৰীয়া ৰাইজক আতংকিত কৰাৰ উপৰি জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ৷
সোমবাৰে বানে বিধ্বস্ত কৰা বেৰাচাপৰিত প্ৰায় চাৰি শতাধিক বানাক্ৰান্ত পৰিয়ালৰ মাজত জোনাই জিলা কমিটীৰ টি এম পি কে, এম এম কে আৰু টি এম এম কেই সাহায্য বিতৰণ কৰি ৰাইজক সান্ত্বনা দিয়াৰ উপৰি বানপীড়িত ৰাইজৰ মাজত দেখা দিয়া সমস্যা পৰিদৰ্শন কৰে।
সাহায্য বিতৰণত মিচিং বানে কেবাঙৰ সম্পাদক তথা এমএচিৰ কাৰ্যবাহী সদস্য ৰাজু মেদক, নৰেশ কুম্বাং, টিএমএমকেৰ কেন্দ্ৰীয় সমিতিৰ আলোচনী সম্পাদিকা গীতাঞ্জলি পাতিৰ, সদস্য বিনীতা চাৰহ, বিচন্তী টায়ে, কৰবী পেগু, জোনাই জিলা টিএমপিকেৰ উপ-সভাপতি সঞ্জয় কুম্বাং, সম্পাদক বিধান মিলি, শিক্ষা সম্পাদক বিনেশ পাইত, সাংগঠনিক সম্পাদক মিগম দলে, সদস্য মাৰুক পেগু, গণ নৰহ, ধ্ৰুৱজ্যোতি পাতিৰ, মিচিং মিমাগ কেবাঙৰ জোনাই জিলা সমিতিৰ সভাপতি মুক্তি পেগু, উপ-সভাপতি দিন নৰহ, সম্পাদক দিন পেগু, টাকাম মিচিং মিমৗ কেবাঙ জোনাই জিলা সমিতিৰ সভানেত্ৰী মলয়া বড়ি, সম্পাদিকা কুমাৰী কুলি, জোনাই জিলা ট্ৰাইবেল সংঘৰ সম্পাদক পদ্মেশ্বৰ দলে, মুৰ্কংচেলেক আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেন লক্ষ্মীনাথ দলে, সন্মিলিত গণ শক্তি জোনাইৰ ব্লকৰ সভাপতি স্বপন মাৰাক, সম্পাদক সুবল হাজং উপস্থিত থাকে৷