নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনৈতিক তর্কযুদ্ধৰ ভাষা

গোপীনাথ বৰদলৈৰ পৰা আৰম্ভ কৰি সর্বানন্দ সোণোৱাললৈকে অসমৰ আটাইকেইজন মুখ্যমন্ত্রীৰ কার্যকলাপ দেখাৰ সৌভাগ্য মোৰ হৈছে৷ গোপীনাথ বৰদলৈ আছিল এজন বিৰাট ব্যক্তিত্বসম্পন্ন সংস্কৃতিৱান মানুহ৷ অসমীয়া তথা ভাৰতীয় সংস্কৃতিৰ মহৎ গুণৰাশি তেওঁৰ সামাজিক আচৰণ আৰু ভাষাৰ প্রয়োগত ফুটি উঠিছিল৷ বুদ্ধদেৱ আৰু হজৰত মহম্মদৰ শিশুপাঠ্য জীৱনী লিখা আৰু ‘মই তৰুণৰাম ফুকনক যেনেদৰে জানিছিলোঁ’ শীর্ষক অসমীয়া ভাষাৰ শ্রেষ্ঠ ৰাজনৈতিক জীৱনীখন লিখা গোপীনাথ বৰদলৈৰ অধ্যয়নৰ পৰিধিও আছিল বিশাল৷

বৰদলৈৰ উত্তৰাধিকাৰী বিষ্ণুৰাম মেধিৰ ৰাজনৈতিক ব্যক্তিত্ব আছিল অতি শক্তিশালী৷ ব্যক্তিগত আচৰণত অতি মার্জিত মেধিৰ সহজে খং উঠাৰ এটা প্রৱণতা আছিল, আৰু সকলো সময়তে তেওঁ বাকসংযম ৰক্ষা কৰিব পৰা নাছিল৷ তেওঁৰ মাত্র এষাৰ অসংযত কথাই নগাসকলৰ মনত ভাৰতবিদ্বেষ বেছিকৈ বঢ়াই দিলে বুলি প্রবীণ নগা নেতাসকলে আজিও কয়৷ কিন্তু সত্যৰ খাতিৰত এই কথা স্বীকাৰ কৰিব লাগিব যে মেধিৰ ক্ষেত্রত এনে ধৰণৰ অসংযম নিয়মত পৰিণত হোৱা নাছিল সেইবোৰ আছিল কেৱল বিৰল ব্যতিক্রম৷ সেই সমগ্র যুগটোৱেই আছিল অসমৰ ৰাজনীতিৰ স্বর্ণযুগ৷ অমিয় কুমাৰ দাস, তৈয়বুল্লা, সিদ্ধিনাথ শর্মা আদি সংস্কৃতিৱান আৰু চৰিত্রৱান নেতাসকলৰ মংগলময় প্রভাৱে ৰাজনৈতিক বিতর্ক আৰু আচৰণক ৰাখিছিল সকলো ধৰণৰ স্থূলতা আৰু ইতৰামিৰ ঊর্ধ্বত৷ অসমৰ ৰাজনীতিৰ এই মহৎ পৰম্পৰা গোলাপ বৰবৰাৰ মুখ্যমন্ত্রিত্বৰ সময়লৈকে অভগ্ণ হৈ আছিল৷ চুৰিয়া আৰু পায়জামা পিন্ধা এই নেতাসকলে সদাচাৰ, বিনয় আৰু মধুৰ বাক্যক আটাইতকৈ ডাঙৰ ৰাজনৈতিক মূলধন বুলি গণ্য কৰিছিল আৰু ৰাইজৰ শাসক হোৱাতকৈ সেৱক হোৱাৰ ওপৰতহে বেছি গুৰুত্ব দিছিল৷ তাৰ মাজতো নিশ্চয় ব্যতিক্রম আছিল, কিন্তু ৰাজনৈতিক শিষ্টাচাৰ আৰু বাকসংযম এনে এটা অৱশ্য পালনীয় নিয়মত পৰিণত হৈছিল যে সৰু–সুৰা ব্যতিক্রমবোৰক মানুহে ক্ষমা আৰু প্রশ্রয়ৰ দৃষ্টিৰে চাব পাৰিছিল৷

কিন্তু যোৱা কিছু বছৰ ধৰি শিষ্টাচাৰ আৰু বাকসংযমহে বিৰল ব্যতিক্রমত পৰিণত হৈছে, নিয়ম হৈ পৰিছে অসহিষ্ণুতা, অশালীনতা আৰু অশিষ্টাচাৰ৷ এই পৰিৱর্তনটো কিন্তু ধীৰে ধীৰে অহা নাই, মথাউৰি ভাঙি সোমাই অহা বলিয়া বানপানীৰ দৰে সি আহিল হঠাৎ৷ অতি আচৰিত হ’ব লগা কথা এইটোহে যে ৰাজনীতিকৰ মাজত উচ্চ শিক্ষিতৰ সংখ্যা যিমানে বাঢ়িছে, সেই অনুপাতে বাঢ়িব ধৰিছে শিষ্টাচাৰ আৰু শালীনতাৰ অভাৱ৷ গণতন্ত্রৰ মূল ভেটিটোৱেই হ’ল তর্ক আৰু আলোচনা৷ ৰাজনৈতিক তর্ক যদি চুপতা–চুপতিত পৰিণত হয়, আৰু আলোচনা পৰিণত হয় গালি–শপনিত, তেন্তে সুস্থ গণতান্ত্রিক পৰম্পৰা সৃষ্টি হ’ব কেনেকৈ? যিসকল তথাকথিত শিক্ষিত ৰাজনীতিকে ভদ্র আৰু শালীন ভাষাৰে তর্ক কৰিব নোৱাৰে বা ব্যংগ–বিদ্রূপ নকৰাকৈ বিপক্ষক যুক্তিসহকাৰে সমালোচনা কৰিব নোৱাৰে, তেওঁলোকক কি মাপকাঠীৰে উচ্চ শিক্ষিত মানুহ বুলি কোৱা হ’ব? অসমৰ সাম্প্রতিক ৰাজনৈতিক বিতর্কৰ মান দেখিলে ভাব হয় যে ‘শিক্ষিত’ৰ সংজ্ঞাটোকেই নতুনকৈ নিৰূপণ কৰিব লগাৰ সময় উপস্থিত হৈছে৷

অসমীয়া মানুহ স্বভাৱতেই মিষ্টভাষী আৰু শিষ্টাচাৰী৷ তাৰ এটা সম্ভাব্য কাৰণ পণ্ডিতপ্রবৰ যজ্ঞেশ্বৰ শর্মাই তেওঁৰ এটা প্রবন্ধত (নামঘোষা পঢঁো) এনেদৰে উল্লেখ কৰিছে– ‘আমাৰ মহাপুৰুষসকলে অসমীয়া ভাষাৰ ভঁৰাললৈ কেৱল যে ভাব আৰু ভাষাৰ আমদানি কৰিছিল এনে নহয়, মোৰ মনেৰে সেই সময়ৰ বৈষ্ণৱ আন্দোলনে সর্বসাধাৰণৰ মনলৈ ৰুচিৰ পৰিৱর্তন আনি দিলে৷ তেওঁলোকৰ ৰচনাৰ পৰা বুজিব পাৰি যে সেই কালৰ সর্বসাধাৰণ মানুহ সৰহভাগ গ্রাম্য কথাতেই লিপ্ত আছিল৷ তেওঁলোকৰ মাজলৈ উচ্চ কথা লৈ যোৱা লোক নাছিল৷ আমাৰ মহাপুৰুষসকলৰ ধর্ম প্রচাৰৰ কথা এৰি দিলেও এই ৰুচি পৰিৱর্তনৰ কথা অসমৰ সামাজিক বুৰঞ্জীত অতি গুৰুত্বপূর্ণ৷’

যোৱা কেইবাশ বছৰ ধৰি অসমৰ শিষ্ট সমাজে ভাবৰ আদান–প্রদানৰ কাৰণে যিটো শিষ্ট ভাষা গঢ়ি তুলিছিল, তাক ধ্বংস কৰাৰ উপক্রম কৰিছে সাম্প্রতিক কালৰ অসমৰ ৰাজনীতিকসকলে৷ এক নতুন ধৰণৰVulgarism–এৰে এওঁলোকে কলুষিত কৰি পেলাইছে ভাষা, আচাৰ–বিচাৰ আৰু মানৱিক সম্পর্কক৷ সমাজৰ উন্নতি মানে কেৱল ৰাস্তা–ঘাটৰ উন্নতি নহয়, কেৱল প্রাসাদ নির্মাণ নহয়, কেৱল কম্পিউটাৰ আৰু মটৰগাড়ীৰ ক্রমবর্ধমান সংখ্যা নহয়৷ ভাষা, সংস্কৃতি আৰু সামাজিক আচৰণক কলুষিত কৰি যিসকল ৰাজনীতিকে অসমৰ উন্নতি কৰা বুলি টেঁটু ফাটি যোৱাকৈ চিঞৰিছে, তেওঁলোকে আচলতে অসমৰ অপূৰণীয় ক্ষতি কৰিছে৷ এওঁলোকৰ কথা–বার্তা, বত্তৃণতা আৰু আচৰণে আমাক মনত পেলাই দিয়ে এজন আমেৰিকান সাংবাদিকৰ এই উক্তি ঃ’…There was n’t much sign of grown up behaviour in the notoriously infantilized culture of…’ কিন্তু এওঁলোকেতো ভাৰতৰ প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ পৰাও বহু কথা শিকিব পাৰে৷ সাংবাদিক সন্মিলনত সাংবাদিকৰ লগত ড০ সিঙৰ ভাব বিনিময়ৰ ভাষা আৰু আচৰণ দেখি এজন শীর্ষস্থানীয় সাংবাদিকে লিখিছে–’He didnot lose his cool. He was confident. He did not dodge questions. He was conscious but still put his point forth–’. কেৱল ড০ মনমোহন সিঙেই নহয়, অটলবিহাৰী বাজপেয়ীয়েও দেখুৱাই থৈ গৈছে প্রকৃত শিক্ষিত আৰু সংস্কৃতিৱান ৰাজনৈতিক নেতাৰ কথা–বার্তা আৰু আচৰণৰ উচ্চ মান৷ প্রতিটো শব্দ উচ্চাৰণ কৰাৰ আগতে তেওঁলোকে মনে মনে দহবাৰ চিন্তা কৰে৷ ব্রিটেইনৰ এজন প্রাক্তন গৃহমন্ত্রী আৰু বিদেশ মন্ত্রী ডগলাছ হার্ডে নেতাৰ থাকিবলগীয়া গুণবোৰৰ কথা আলোচনা কৰি লিখিছে– Today we should add a third, namely patience and insistence on time to listen, study, think.’ অসমৰ নেতা আৰু মন্ত্রীসকলে এইবোৰ কথা খায় নে কাণত পিন্ধে নিশ্চয় নাজানে৷ তেওঁলোকৰ কাৰণে সৰলতা মানে মুখলৈ অহা প্রতিটো কথাকে বমি কৰি দিয়া সমালোচনা মানে অশালীন ভাষাৰে হিংস্র আক্রমণ, ৰাজনৈতিক বিতর্ক মানে বহুৱালিৰ প্রতিযোগিতা৷ তেওঁলোকে এই কথা পাহৰি যায় যে টেলিভিছনৰ যুগত ৰাজনীতিকসকল সীমাহীনভাৱে সতর্ক হোৱা প্রয়োজন, কাৰণ টেলিভিছনে তেওঁলোকৰ ফোঁপোলা ব্যক্তিত্বৰ স্বৰূপটোৰ লগতে কলপ লগোৱা চুলিৰ পৰা আৰম্ভ কৰি পোকে খোৱা দাঁতলৈকে আটাইবোৰ নেতিবাচক দিশ দর্শকৰ চকুৰ আগত দাঙি ধৰি জনমানসত গঢ়ি তোলে তেওঁলোকৰ এটা পুতৌলগা ভাবমূর্তি৷ এই ভাবমূর্তিটোৱেই হ’ল তেওঁলোকৰ আটাইতকৈ ডাঙৰ শত্রু৷

You might also like