সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদত নগাঁৱত সাংবাদিকৰ উপায়ুক্ত কাৰ্যালয়লৈ যাত্ৰা
নিয়মীয়া বার্তা, ২১ আগষ্টঃ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সাংবাদিকৰ ওপৰত অব্যাহত থকা নিৰ্যাতনৰ প্ৰতিবাদত নগাঁৱৰ সাংবাদিকসকলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। নগাঁও ইলেকট্ৰনিক মিডিয়া এছ’চিয়েচনৰ উদ্যাগত নগাঁৱৰ সাংবাদিকসকলে ‘নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়লৈ যাত্ৰা’ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
ৰাজ্যজুৰি অব্যাহত থকা সাংবাদিক নিৰ্যাতনৰ প্ৰতিবাদত এই কাৰ্যসূচী ৰূপায়ণ কৰি সাংবাদিকসকলে সাংবাদিকৰ নিৰাপত্তা আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰক দাবী জনায় ।
নগাঁও ইলেকট্ৰনিক মিডিয়া এছ’চিয়েচনৰ কাৰ্যালয়ৰ পৰা যাত্ৰা কৰা সাংবাদিকসকলে নগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি সংবাদিকৰ সুৰক্ষাৰ দাবীত বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।
সাংবাদিকসকলে তিনি দিনৰ পূৰ্বে নগাঁৱৰ পানীখাইতীত একাংশ লোকে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা কেইজনমান ইলেকট্ৰনিক মাধ্যমৰ সাংবাদিকক আক্ৰমণ কৰা ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনায়।
সংবাদিকসকলে পানীখাইতীত সাংবাদিকক আক্ৰমণ কৰা ঘটনাৰ লগত জড়িতসকলক কঠোৰ শাস্তি বিহিবলৈ দাবী জনায়। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত নগাঁও ইলেকট্ৰনিক মিডিয়া এছ’চিয়েচনৰ সভাপতি বীৰেন বৰা আৰু সাধাৰণ সম্পাদক জ্যোতিপ্ৰসাদ বৰা স্বাক্ষৰিত এখন স্মাৰক-পত্ৰ নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰি সাংবাদিকৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী জনায়। এই প্ৰতিবাদী কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকসকলে অংশগ্ৰহণ কৰে।