নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীৰ বিধায়কসহ চিৰাঙত ৩৩ জন কোভিড-১৯ পজিটিভ

নিয়মীয়া বাৰ্তা, ২১ আগষ্ট : বিজনীৰ বিধায়ক কমলসিং নাৰ্জাৰীৰ সৈতে আজি চিৰাং জিলাত মুঠ ৩৩ জনক কোভিড-১৯ পজিটিভ হিচাপে চিনাক্ত কৰা হৈছে। চিৰাং জিলাত বিগত কিছু দিন ধৰি ক’ৰোনা ভাইৰাছৰ গণ সংক্ৰমণ অব্যাহত আছে। আজিৰ পৰা জিলা খনৰ বিদ্যালয় সমূহৰ শিক্ষকসকলৰ ৰেপিড টেষ্ট আৰম্ভ কৰা হৈছে।

জিলা স্বাস্থ্য বিভাগে জনোৱা মতে আজি কোভিড-১৯ পজিটিভ হোৱা ব্যক্তিসকলৰ ভিতৰত বিধায়ক নাৰ্জাৰীসহ মুঠ ১৬ জন আৰ টি-পিচিআৰ টেষ্টৰ জৰিয়তে তথা আন ১৭ জনৰ ৰেপিড এন্টিজেন টেষ্টৰ জৰিয়তে কোভিড-১৯ পজিটিভৰ অৱস্থিতি ধৰা পৰে। বিধায়কজনক বঙাইগাঁও লৱাৰ আছাম হাস্পতালত ক’বিড-১৯ পজিটিভ ধৰা পৰে। বিজনীৰ বিধায়ক জনক লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰা হয়। জিলাখনত থকা বাকী সকলক জিলাখনৰ কেবাটাও কোভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন কৰা হৈছে।

আজিলৈকে জিলাখনত কোভিড-১৯ পজিটিভৰ সংখ্যা ৬১৩ জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ‍ ১৫৪ জনৰ চিকিৎসা অব্যাহত ৰখা হৈছে আৰু আজিৰ ৬৯ জনসহ জিলাৰ মুঠ ৪৫৯ জনক সুস্থ হোৱাৰ পিছত চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে বুলি চিৰাং জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে।।

You might also like