ৰহা মণিপুৰটোপত আৰক্ষীৰ অভিযান; চোৰাং তেল টেংকাৰ সহ ছখন গাড়ী জব্দ আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ২২ আগষ্ট: ৰহা আৰক্ষী থানাৰ অন্তৰ্গত মণিপুৰটোপত আজি পুৱতি নিশা ৰহা আৰু নগাঁও আৰক্ষীয়ে যুটীয়া অভিযান চলাই চোৰাং তেল টেংকাৰ সহ ছয়খন গাড়ী আৰু বৃহত পৰিমানৰ ইন্ধন জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰামতে নগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) মোহন লাল মিনাৰ নেতৃত্বত যোৱা ৰহা আৰু নগাঁও আৰক্ষীৰ এক অভিযানকাৰী দলে কালি নিশা এক বিশেষ সূত্ৰৰ পম খেদি ৰহা আৰক্ষী থানাৰ অন্তৰ্গত মণিপুৰটোপ শিঙিমাৰীত এন ,এল-০১এ এ-৩৪৫৪ নম্বৰৰ এখন তেল টেংকাৰৰ পৰা পাইপেৰে চোৰাং ভাৱে ড্ৰামত তেল ভৰাই থকা অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয়। ইয়াৰ লগতে আৰক্ষী দলটোৱে চোৰাং ইন্ধন ভৰ্তি ড্ৰাম সৰবৰাহ কৰা দুখন বলেৰ’ পিকাপ ভান, এখন টাটা ডি,আই ; এখন মেজিক ভান আৰু এখন ৱাগেনাৰ কাৰ জব্দ কৰিবলৈ সক্ষম হয় ।
জব্দকৃত গাড়ীকেইখন এএছ০২চিচি-১৯৯৬; এএচ০২বিচি ০২৩১( বলেৰ’ পিকআপ) ; এএচ ই জে-৩৭১৮(টাটা ডি,আই); এএচ০২চিচি-৪২৪৪( টাটা মেজিক); আৰু
এএচ২১জি-৬২১৫ নম্বৰৰ এখন ৱাগনাৰ জব্দ কৰে। লগতে আৰক্ষীয়ে জব্দ কৰিছে ৩৪টা ইন্ধন ভৰ্তি ড্ৰাম(২০০×৩৪=৬৮০০ লিঃ)। উল্লেখ্য যে, ৰহা আৰক্ষী থানাৰ মণিপুৰটোপ এলেকাত বিগত বহু বছৰৰ পৰা একাংশ লোকে চোৰাং ভাৱে বিভিন্ন ব্যৱসায়ত জড়িত থকা অভিযোগ উত্থাপন হৈ আহিছিল আৰু আজি আৰক্ষীয়ে অভিযান চলাই বিশেষ সফলতা লাভ কৰে। অভিযোগ অনুসৰি জব্দকৃত চোৰাং তেল ব্যৱসায়ত মণিপুৰটোপ অঞ্চলৰ একাংশ চোৰাং ব্যৱসায় জড়িত থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। তদুপৰি স্থানীয় একাংশ সচেতন লোকৰ ভাষ্য অনুসৰি মণিপুৰটো অঞ্চলত এইসকল লোকে এনেদৰে চোৰাং ব্যৱসায়ত জড়িত থাকি অঞ্চলটোলৈ বদনাম কঢ়িয়াই আনিছে বুলিও মন্তব্য কৰিছে।