ক’ভিডৰ নিয়ম মানি হ’ব ক’ৰোনা কালৰ ভোট যুদ্ধ
নিয়মীয়া বাৰ্তা, ২২ আগষ্টঃ মহামাৰী ক’ভিড–১৯ৰ সময়ছোৱাত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নির্বাচন আৰু উপ–নির্বাচনৰ বাবে নতুন আচৰণ বিধিসহ নীতি–নির্দেশনা জাৰি কৰিছে দেশৰ নির্বাচন আয়োগে৷ ক’ৰোনাসৃষ্ট পৰিৱেশৰ সৈতে মোকাবিলা কৰি নির্বাচন প্রক্রিয়া সুকলমে সমাপন কৰিবলৈ আজি দেশৰ নির্বাচন আয়োগে কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত সন্নিৱিষ্ট কৰি নতুন নির্বাচন বিধিৰ নির্দেশনা জাৰি কৰিছে৷ ইয়াৰ লগে লগে ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধৰ নিয়ম মানি দেশত ক’ৰোনা কালৰ ভোটযুদ্ধ অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিল৷
নির্দেশনা অনুযায়ী নির্বাচনী প্রক্রিয়াত প্রথমবাৰৰ বাবে প্রার্থীয়ে অনলাইনযোগে মনোনয়ন পত্র–শপতনামা আৰু আমানতৰ ধন জমা কৰিব পাৰিব৷ অৱশ্যে মনোনয়ন–পত্র সোঁশৰীৰেও প্রার্থীয়ে দাখিল কৰিব পাৰিব৷ এইক্ষেত্রত প্রার্থীগৰাকীক মাত্র দুগৰাকী ব্যক্তিয়ে সংগ দিব পাৰিব৷ ক’ভিড–১৯ৰ নির্দেশনা অনুযায়ী নির্বাচন আয়োগে জাৰি কৰা নির্বাচনী বিধিত প্রার্থীয়ে মাত্র ৪জন সতীর্থসহ ভোটাৰৰ দুৱাৰে দুৱাৰে ভোট ভিক্ষা কৰিব পাৰিব৷
তেনেদৰে নির্বাচনী প্রচাৰ সভা আৰু ৰোড শ্ব’ৰ ক্ষেত্রত কেন্দ্রীয় গৃহ মন্ত্রালয় আৰু ৰাজ্য চৰকাৰে জাৰি কৰা নির্দেশনা মানিব লাগিব৷ এই সভা আৰু ৰোড শ্ব’ৰ বাবে বিভাগীয় কর্তৃপক্ষৰ পৰা অনুমতি ল’ব লাগিব৷ আনপিনে নির্বাচনী প্রক্রিয়াত সামাজিক দূৰত্ব বর্তাই ৰাখি ফেচমাস্ক, ছেনিটাইজাৰ, থার্মেল স্কেনাৰ, গ্ল’ভছ, ফেচশ্বিল্ড আৰু পিপিই কিট ব্যৱহাৰ কৰিব লাগিব৷
ইভিএমৰ বুটাম টিপা আৰু নাম পঞ্জীয়ন কৰাৰ সময়ত ভোটাৰে হেণ্ড গ্ল’ভছ পৰিধান কৰাটো বাধ্যতামূলক৷ যদি ভোটগ্রহণৰ দিনা কোনো লোকৰ দেহত ক’ভিড–১৯ৰ লক্ষণ দেখা দিয়ে তেতিয়া হ’লে তেনে ব্যক্তিক ট’কেন যোগান ধৰি ভোটগ্রহণৰ অন্তিম সময়ত আহি ভোটাধিকাৰ সাব্যস্ত কৰাৰ ব্যৱস্থা কৰিব লাগিব৷ এটা ভোটকেন্দ্রত সর্বোচ্চ এক হাজাৰ ভোটাৰ থাকিব৷
উল্লেখ্য যে ইয়াৰ পূর্বে এটা ভোটকেন্দ্রত সর্বোচ্চ ডেৰ হাজাৰ ভোটাৰ আছিল৷ ভোটদানৰ সময়ত সকলো ভোটাৰে ফেচমাস্ক পৰিধান কৰিব লাগিব৷ অৱশ্যে পৰিচয় প্রদানৰ সময়ত কিছু সময়ৰ বাবে ফেচমাস্ক আঁতৰ কৰিব পাৰিব৷ স্বাস্থ্য বিষয়াৰ নিৰীক্ষণত কঠোৰ নিয়মৰ মাজেৰে কোৱাৰেণ্টাইনত থকা ৰোগীসকলক অন্তিম সময়ত ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুযোগ দিয়া হ’ব৷ তাৎপর্যপূর্ণ যে এই নির্দেশনাত ভার্চুৱেল ৰেলী আৰু ডিজিটেল প্রচাৰৰ ক্ষেত্রত কোনো নির্দেশনা জাৰি কৰা হোৱা নাই৷
স্থানীয় পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এই নির্দেশনাসমূহ ৰাজ্য–কেন্দ্রীয়শাসিত অঞ্চলৰ মুখ্য নির্বাচনী বিষয়াই ব্যৱস্থাপনা কৰিব লাগিব৷ উল্লেখ্য যে ক’ভিড–১৯ সংকটৰ বাবে কেন্দ্রীয় গৃহ মন্ত্রালয় আৰু স্বাস্থ্য–পৰিয়াল কল্যাণ মন্ত্রালয়ে সময়ে সময়ে নির্দেশনা জাৰি কৰি আহিছে৷ এই নির্দেশনাৰ আধাৰতেই নির্বাচনী বিধিৰ সংশোধন কৰাৰ লক্ষ্যৰে দেশৰ ৰাষ্ট্রীয়–ৰাজ্যিক ৰাজনৈতিক দলসমূহৰ পৰা নির্বাচন আয়োগে পৰামর্শ বিচাৰিছিল৷
দেশৰ ৰাজনৈতিক দলসমূহে প্রেৰণ কৰা মত আৰু পৰামর্শৰ ভিত্তিতেই নির্বাচন আয়োগে ক’ভিড–১৯ পৰিস্থিতিৰ মাজত অনুষ্ঠিত হ’বলগীয়া নির্বাচনৰ বাবে নতুনকৈ নির্দেশনা প্রস্তুত কৰি আজি আনুষ্ঠানিকভাৱে জাৰি কৰিছে৷ মন কৰিবলগীয়া যে নির্বাচন আয়োগৰ নতুন নির্দেশনা বিহাৰৰ বিধানসভা নির্বাচনতেই প্রথম কার্যকৰী হ’ব৷ সেইদৰে অসম–পশ্চিমবংগ–ক্ বিধানসভা নির্বাচনো এই নতুন বিধিৰ মাজেৰেই অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্রকট৷