৫ ছেপ্টেম্বৰৰ পিছত ক’টৰ নিয়মীয়া কাম–কাজ
নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: উচ্চ ন্যায়ালয়ৰ লগতে আন আন আদালতসমূহৰ কাম–কাজ পৰিচালনাৰ ক্ষেত্রত ইতিমধ্যে জাৰি কৰা নিয়মাৱলী অহা ৫ ছেপ্টেম্বৰ পর্যন্ত বাহাল থাকিব৷ আজি এক নির্দেশনাযোগে এই কথা সদৰী কৰিছে মহাপঞ্জীয়কে৷ উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু নিম্ন আদালতসমূহৰ কাম–কাজ নিয়মীয়া কৰিবলৈ অধিবক্তা সমাজে দাবী উত্থাপন কৰি আহিছে৷
ইতিমধ্যে বাৰ কাউন্সিল আৰু সদৌ অসম উকীল সন্থাই প্রতিবাদো সাব্যস্ত কৰিছে৷ যাৰ পৰিপ্রেক্ষিতত উচ্চ ন্যায়ালয়ৰ লগতে নিম্ন আদালতৰ কাম–কাজসমূহ নিয়মীয়া কৰা অথবা সীমাবদ্ধতা আৰোপ কৰাৰ ক্ষেত্রত পৰামর্শ দিবলৈ এখন কমিটী গঠন কৰা হৈছে৷ এই সমিতিখনে নিয়মীয়া কাম–কাজৰ বাবে আলোচনাৰ সময় ছেপ্ঢেম্বৰৰ প্রথম সপ্তাহলৈ পিছুৱাই দিছে৷ সেয়েহে ইতিপূর্বে জাৰি কৰা নিয়মাৱলীৰ ম্যাদ অহা ৫ ছেপ্ঢেম্বৰলৈ প্রদান কৰে উচ্চ ন্যায়ালয়ে৷ ইপিনে, এই প্রসংগত নিম্ন আদালতসমূহৰ পৰাও মতামত বিচৰা হৈছে৷
সমান্তৰালভাৱে নিম্ন আদালতসমূহৰ প্রিজাইডিং বিষয়াসকলক আদালত কক্ষসমূহত অতিৰিক্ত সুৰক্ষামূলক ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছে৷ নিয়মীয়া শুনানি অনুষ্ঠিত কৰাৰ বাবে এটা সুপৰিৱেশ সৃষ্টিৰ লক্ষ্যৰে এই নির্দেশ দিছে মহাপঞ্জীয়কে৷