নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সর্থেবাৰীত গ্রেপ্তাৰ লাভ জেহাদী শ্বাহৰুখ খান

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: পুনৰ সর্থেবাৰীত সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা৷ এইবাৰ লাভ জেহাদৰ বলি হৈছে নৱম শ্রেণীৰ ১৪ বছৰীয়া কিশোৰী৷ এই ঘটনা সংঘটিত হৈছে সর্থেবাৰী ৰাজহ চক্রৰ অন্তর্গত কাৱৈমাৰী ৰিজার্ভত৷ কাৱৈমাৰী ৰিজার্ভৰ ২নং ব্লকৰ দুখীয়া পৰিয়ালৰ এগৰাকী নৱম শ্রেণীৰ ছাত্রীক কাৱৈমাৰী ৰিজার্ভৰ ১২নং ব্লকৰ শ্বাহৰুখ খান (১৫) নামৰ এজন কিশোৰে হিন্দু ল’ৰা বুলি পৰিচয় দি কিশোৰীজনীক প্রেমৰ জালত পেলায়৷ বালাপাৰা আঞ্চলিক হাইস্কুলৰ দশম শ্রেণীৰ ছাত্র শ্বাহৰুখ খান আৰু ছাত্রীগৰাকী একেখন বিদ্যালয়ৰ নৱম শ্রেণীৰ ছাত্রী৷

অভিযোগ মতে শ্বাহৰুখ খানে বিভিন্ন ছলাহী কথাৰে কিশোৰীগৰাকীক প্রেমৰ জালত পেলাই সুযোগ বুজি কিশোৰীগৰাকীৰ লগত দৈহিক সম্পর্ক স্থাপন কৰে৷ পৰিয়ালৰ অভিযোগ মতে লম্পট শ্বাহৰুখ খানে কিশোৰীগৰাকীৰ লগত দৈহিক সম্পর্ক স্থাপন কৰোঁতে অতি কৌশলেৰে ম’বাইলেৰে ভিডি’ ৰেকর্ডিং কৰে আৰু পৰৱর্তী সময়ত এই ভিডি’ ৰাজহুৱা কৰাৰ ভয় দেখুৱাই কিশোৰীগৰাকীক মানসিক নির্যাতন চলাই অহাৰ লগতে বিগত ছমাহ ধৰি বিভিন্ন কূটকৌশল কৰি কিশোৰীগৰাকীৰ লগত দৈহিক সম্পর্ক স্থাপন কৰে আৰু অৱশেষত লম্পট শ্বাহৰুখ খানৰ আতিশয্য বাঢ়ি অহাত কিশোৰীগৰাকীয়ে পিতৃ–মাতৃক কথাটো অৱগত কৰে৷

দুর্ভগীয়া কিশোৰীগৰাকীৰ পিতৃয়ে অৱশেষত আৰক্ষীৰ কাষ চাপি লম্পট শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ দাখিল কৰে৷ সর্থেবাৰী আৰক্ষীয়ে ৩০৮ নম্বৰত আৰু ৩৭৬ আইপিচি ধাৰাত গোচৰ ৰুজু কৰি তৎপৰতাৰে কাৱৈমাৰী ১২নং ব্লকৰ আলম খানৰ পুত্র লম্পট শ্বাহৰুখ খানক গ্রেপ্তাৰ কৰে৷ সমগ্র ঘটনাটোৱে সর্থেবাৰী অঞ্চলত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

You might also like