মটক সংগঠনৰ নাম লৈ বেতকুছিত বৰপেটা সত্রৰ ভূমি দখলত নামিল অনুপ চেতিয়া
নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: মহানগৰীৰ মাজমজিয়াত থকা বৰপেটা সত্রৰ ভূমি দখলৰ এক ষড়যন্ত্র শেহতীয়াকৈ পোহৰলৈ আহিছে৷ আশ্চর্যজনকভাৱে এই ঘটনাৰ লগত সাঙোৰ খাই পৰিছে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ নাম৷ এটা মটক সংগঠনৰ নাম লৈ চেতিয়াই সত্রৰ ভূমি দখল কৰিবলৈ যোৱাৰ খবৰে এতিয়া তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷
উল্লেখ্য যে মহানগৰীৰ বেতকুছিত বৰপেটা সত্রৰ শাখা শেনমেলা শাখা সত্র সমাজে দীর্ঘদিন ধৰি সত্রৰ দখলত থকা ভূমিভাগ চোৱাচিতা কৰি আহিছে৷ বেতকুছি ৰাজহ গাঁৱৰ ১৭০৩নং চৰকাৰী দাগৰ ৪ বিঘা মাটি শেনমেলা শিশু উদ্যান আৰু খেলপথাৰৰ নামত সংৰক্ষিত হৈ আছে৷ একেটা দাগৰে ২ বিঘা মাটি সত্র আৰু দৌল উৎসৱৰ ভেটিৰ নামত ভোগ দখল হৈ আছে৷ ২০০৬ চনতে সত্র সমাজ, দৌল উৎসৱ সমিতি আৰু মহিলা সমিতিয়ে সংৰক্ষিত ভূমিৰ পট্টনৰ বাবে কামৰূপ (ম) জিলাৰ উপায়ুক্তৰ কার্যালয়ত আবেদন দাখিল কৰে৷ উক্ত আবেদনৰ ভিত্তিত উপায়ুক্তৰ কার্যালয়ে দিছপুৰ ৰাজহ চক্র বিষয়াৰ পৰা প্রতিবেদন বিচাৰে৷ সেইমর্মে বেতকুছিৰ লাট মণ্ডলে উক্ত তিনিওটা অনুষ্ঠানৰ দখলত ভূমি থকা প্রতিবেদন দাখিল কৰে৷ ইয়াৰ পিছত ২০০৭ চনত কামৰূপ মহানগৰ ভূমি পট্টন শাখাত অনুষ্ঠানকেইটাৰ নামত ভূমি পট্টনৰ ফাইল প্রস্তুত কৰা হয়৷ কিন্তু সেইদিন ধৰি ৰঙা ফিতাৰ মেৰপেঁচৰ বাবে ফাইলৰ কাম বিশেষ আগ নাবাঢ়িল৷
অৱশ্যে বৰপেটা সত্রৰ ভূমিখিনি স্থানীয় অনুষ্ঠানকেইটাই সংৰক্ষণ কৰাৰ লগতে উন্নয়নৰ কামো কৰি যায়৷ সত্র সমাজে দিছপুৰলৈ বহুবাৰ অহা–যোৱা কৰাৰ পিছতো জাতি–মাটি–ভেটিৰ সুৰক্ষাৰ কথা কোৱা চৰকাৰখনে পট্টনৰ ব্যৱস্থা নকৰিলে৷ তাৰ মাজতে ২০১৯ চনৰ পৰা সত্র সমাজৰ ভূমিখিনিলৈ কিছুমান অচিনাকি ব্যক্তিৰ সঘন আহ–যাহ চলিবলৈ ধৰে৷ অচিনাকি ব্যক্তিকেইজনে জনায় যে চৰকাৰে দৌলোৎসৱৰ নামত থকা সংৰক্ষিত ভূমি তেওঁলোকৰ নামত আবণ্টন দিছে৷ ইয়াৰ পিছতে স্থানীয় ৰাইজে ২০১৯ চনৰ অক্টোবৰ মাহত এই ভূমি আনৰ নামত আবণ্টন নিদিবলৈ কামৰূপ (ম) জিলা উপায়ুক্ত কার্যালয়ত অভিযোগ দাখিল কৰে৷ তাৰ মাজতে যোৱা ১৮ আগষ্টত কিছুসংখ্যক ব্যক্তিয়ে মটক সংগঠনৰ নাম লৈ সত্রৰ মাটি দখলৰ চেষ্টা কৰে৷ স্থানীয় ৰাইজৰ বাধাৰ বাবে সেইদিনা তেওঁলোক সফল নহ’ল৷ এইবাৰ দখলকাৰীৰ পক্ষ লৈ গড়চুক থানাৰ এগৰাকী আৰক্ষী বিষয়াই শেনমেলা দৌল উৎসৱ সমিতিৰ সম্পাদকক দখল এৰি দিবলৈ ভাবুকি প্রদান কৰে৷ তাৰ পিছত দৌল উৎসৱ সমিতিৰ লগতে স্থানীয় লোকক দিছপুৰ ৰাজহ চক্র বিষয়াৰ কার্যালয়লৈ মতাই নিয়া হয়৷
সেইদিনা দণ্ডাধীশ, চক্র বিষয়াৰ লগত একে শাৰীতে বহি আছিল আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া৷ ৰাইজক জনোৱা হয় যে দৌল উৎসৱৰ নামত থকা ভূমিৰ পৰা ৩ কঠা মাটি মটক যুৱ–ছাত্র সন্মিলনৰ নামত আবণ্টন দিয়া হৈছে৷ দৌলোৎসৱ সমিতিয়ে ইয়াত সন্মতি জনাব লাগে৷ অনুপ চেতিয়াই আঁত ধৰা সভাখনত ৰাইজে এনে কার্যৰ তীব্র আপত্তি কৰে৷ অৱশেষত সিদ্ধান্ত লোৱা হ’ল যে ১৭০৩নং চৰকাৰী দাগৰ সকলো মাটিৰ জোখ–মাখ কৰা হ’ব, কিন্তু কাকো দখল চমজাই দিয়া নহ’ব৷ কিন্তু ২১ আগষ্টৰ দিনা দিছপুৰৰ চক্র বিষয়া লক্ষ্যজোতি দাসে ম’বাইল ফোনত শেনমেলা সত্র নামঘৰ সমিতিলৈ এখন পত্র প্রেৰণ কৰে, য’ত কোৱা হয় যে ১৭০৩ দাগৰ ৩ কঠা মাটি মটক যুৱ–ছাত্র সন্মিলনৰ নামত আবণ্টন দিয়া হৈছে৷ এই ভূমিখিনিৰহে জোখ–মাখ কৰা হ’ব৷ চক্র বিষয়াৰ এনে কেৰামতালিত স্থানীয় ৰাইজ জাঙুৰ খাই উঠিছে৷ সত্রৰ নামত আৰু দৌলোৎসৱৰ বাবে সংৰক্ষিত ভূমি কোনো সংগঠনৰ নামত অনুপ চেতিয়াই দখল কৰিবলৈ ওলোৱাৰ অভিযোগো এতিয়া উত্থাপন হৈছে৷ অভিযোগ মতে, আলফাৰ সাধাৰণ সম্পাদকগৰাকীয়ে সদলবলে গৈ শেনমেলাৰ ধর্মীয় অনুষ্ঠানৰ নামত থকা মাটি দখল কৰাৰ চেষ্টা চলাইছিল৷ তেওঁ আনকি মুখ্যমন্ত্রীয়ে অনুমতি দিয়া বুলিও উল্লেখ কৰিছিল৷
উল্লেখ্য যে বহু শতিকা আগৰে পৰা বেতকুছিৰ উক্ত স্থানত বৰপেটা সত্রৰ শাখা নামঘৰ এটা আছে৷ শেনমেলা বৰপেটা সত্রৰ শাখা সত্র সমাজে নিজা প্রচেষ্টাৰে নামঘৰটো নতুনকৈ নির্মাণ কৰাৰ লগতে অন্যান্য খালী ভূমিও খেলপথাৰ, শিশু উদ্যান আৰু দৌলোৎসৱৰ নামত সংৰক্ষণ কৰি ৰাখিছে৷ এতিয়া সংগঠনৰ নামত সত্রৰ ভূমি গতোৱা কার্যক কোনোপধ্যে সহজভাৱে ল’ব পৰা নাই স্থানীয় ৰাইজে৷