প্রকৃততে তৰুণ গগৈ ঔৰংগজেব–আজমলৰ বংশধৰ
নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ মাজত চলি অহা বাক্যুদ্ধ তুংগত উঠিছে৷ প্রতিদিনে দুই নেতাই ইজনে সিজনক উদ্দেশ্যি কটাক্ষপূর্ণ বাক্যবাণ নিক্ষেপ কৰি আহিছে৷ শনিবাৰে ড০ শর্মা আৰু গগৈৰ মাজত বাক্যুদ্ধ অব্যাহত আছে৷
প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে কালি নিজকে পূর্ণানন্দ বুঢ়াগোহাঁইৰ বংশধৰ বুলি উল্লেখ কৰি মন্ত্রী ড০ শর্মাই আহোমক ভয় কৰে বুলি কয়৷ ইয়াৰ বিপৰীতে বিত্তমন্ত্রী ড০ শর্মাই তৰুণ গগৈক ঔৰংগজেব আৰু আজমলৰ বংশধৰ বুলিহে কটাক্ষ কৰে৷
কালি আমিনগাঁৱত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয় যে নির্বাচন আহিলেই তৰুণ গগৈৰ দেহত কাৰোবাৰ তেজ আহি যায়৷ ২০১৬ চনৰ বিধানসভা নির্বাচনৰ সময়ত গগৈৰ দেহত চুকাফাৰ তেজ, লাচিতৰ তেজ, আন কাৰোবাৰ তেজ আহি গৈছিল৷ কিন্তু প্রকৃততে তৰুণ গগৈ ঔৰংগজেব আৰু আজমলৰহে বংশধৰ৷ অন্ধ পুত্র স্নেহত বন্দী তৰুণ গগৈ অসমৰ ৰাজনৈতিক ইতিহাসত চিৰদিনৰ বাবে এক উদাহৰণ হৈ থাকিব৷ অন্ধ পুত্র স্নেহৰ বাবেই বহু ডাঙৰ ডাঙৰ সাম্রাজ্যৰ পতন ঘটিছে৷ গগৈৰ অন্ধ পুত্র স্নেহৰ বাবেই ২০১৬ চনত কংগ্রেছ দল হাৰিবলগীয়া হ’ল৷ গগৈৰ অন্ধ পুত্র স্নেহৰ বাবেই অসমত কংগ্রেছ ডুবিছে বুলি উল্লেখ কৰি ড০ শর্মাই কয় যে পুত্র স্নেহৰ বাবেই জাতি–ধর্মক বিক্রী কৰিব নাপায়৷
উল্লেখ্য যে এসময়ত হু ইজ বদৰুদ্দিন বুলি কোৱা তৰুণ গগৈয়ে যোৱা লোকসভা নির্বাচনৰ সময়ৰে পৰাই এআইইউডিএফৰ প্রতি কোমল মনোভাব পোষণ কৰাই নহয়, গোপন মিত্রতাতো আবদ্ধ হয় একমাত্র পুত্র গৌৰৱ গগৈক কলিয়াবৰৰ পৰা সাংসদ হিচাপে নির্বাচিত কৰি অনাৰ স্বার্থতে৷ শেহতীয়াকৈ অদূৰ ভৱিষ্যতে পুত্র গৌৰৱক অসমৰ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত কৰাৰ সপোন আগত ৰাখিয়েই গগৈয়ে এইবাৰ এআইইউডিএফৰে মিত্রতা কৰাত আগভাগ লোৱা বুলি বিভিন্ন মহলত চর্চিত হৈ আহিছে৷