এটা উপকাৰী ব্যায়াম
১৯৫৭ চনত সেই সময়ৰ ভাৰতৰ ৰাষ্ট্রপতিৰ কবিৰাজী চিকিৎসক পণ্ডিত শিৱচন্দ্র শর্মাক ইউনেস্ক’ই UNESCO) নিমন্ত্রণ কৰিছিল ভাৰতীয় আয়ুর্বেদ চিকিৎসাৰ ওপৰত এলানি বত্তৃণতা দিবলৈ৷ ভাৰতলৈ ঘূৰি আহি তেওঁ সেই বত্তৃণতামালা কিতাপ আকাৰে প্রকাশ কৰিছিল আৰু মই লগে লগে কিতাপখন কিনিছিলোঁ৷ স্বাস্থ্যৰ বিষয়ে মই বহু কিতাপ পঢ়িছোঁ, কিন্তু এইখনৰ নিচিনা উপকাৰী আৰু ৰসাল কিতাপ মই খুব বেছি পঢ়িবলৈ পোৱা নাই৷ বহুত বছৰৰ আগতে কিনা সেই কিতাপখন এতিয়া মোৰ লগত নাই৷ কিতাপখনত লেখকে বাৰে বাৰে সকীয়াই দিছিল যে নিয়মিতভাৱেNeck-Roll কৰা অভ্যাস কৰিলে মানুহে একে সময়তে বহুতো উপকাৰ পাব৷ কিতাপখনৰ বেছিভাগ কথাই মই পাহৰি গ’লো, কিন্তু এইNeck-Roll নামৰ ব্যায়ামটোৰ কথা কিতাপখনত পঢ়াৰ দিন ধৰি আজিলৈকে অর্থাৎ অর্ধশতিকাতকৈও বেছি কাল ধৰি সেই ব্যায়ামটো মই নিয়মিতভাৱে কৰি আহিছোঁ৷ কোৱা বাহুল্য মাথোন যে যথেষ্ট উপকাৰ নোপোৱা হ’লে ইমান দীর্ঘকাল ধৰি আৰু এদিনৰ কাৰণেও খতিখুন নোহোৱাকৈ মই সেই ব্যায়ামটো কৰি নাথাকিলোঁহেঁতেন৷ বিশেষকৈ সদায় তলমূৰ কৰি লিখিবলৈ বা পঢ়িবলৈ বাধ্য হোৱা মানুহৰ কাৰণে এই ব্যায়ামটো বিশেষভাৱে উপকাৰী৷ অতি সহজ ব্যায়াম– মই নিয়মটো কৈ দিলে আপোনালোকে নিজে নিজে ব্যায়ামটো কৰিব পাৰিব৷
থিয় হওক বা বিছনাত বা মজিয়াত বজ্রাসনত বহক৷ দুয়োখন হাত পাছফালে কঁকালৰ ওচৰলৈ নি মুঠি মাৰক৷ এতিয়া মূৰটো ধীৰে ধীৰে পিঠিৰফালে নি কান্ধৰ ওচৰত পিঠিত লগাওক৷ এইবাৰ ধীৰে ধীৰে মূৰটো সন্মুখলৈ আনি থুঁতৰিটো ডিঙিত লগাই কিছু সময় ৰাখক৷ মনত ৰাখিব, শীৰৰ ওপৰত জোৰ–জবৰদস্তি নাখাটিব৷ অলপ বেছি বয়সত ব্যায়ামটো কৰিবলৈ আৰম্ভ কৰা মানুহৰ কাৰণে মূৰৰ পাছফালটো পিঠিত লগাবলৈ আৰু থুঁতৰিটো ডিঙিত লগাবলৈ যথেষ্ট কষ্ট হ’ব আৰু সময়ো লাগিব৷ খুব ধীৰে ধীৰে চেষ্টা কৰি ১৫ দিনৰ পৰা ১ মাহৰ ভিতৰত মূৰৰ পাছফালটো পিঠিত আৰু থুঁতৰিটো ডিঙিত লগাবলৈ চেষ্টা কৰিব৷ ইয়াৰ পিছত হাত দুখন গাৰ দুয়োফালে এৰি দি মূৰটো এবাৰ সোঁফালে এবাৰ বাঁওফালে হাওলাই কাণ দুখনেৰে কান্ধ দুটা চুবলৈ চেষ্টা কৰিব৷ এনেকৈ তিনিবাৰ কৰিব৷ এসময়ত সেই চেষ্টাত কৃতকার্য হ’বই লাগিব, কাৰণ তেতিয়াহে ব্যায়ামটোৰ সম্পূর্ণ সুফল পাব৷ এইবাৰ শৰীৰটো সম্পূর্ণ পোন কৰি ৰাখি ডিঙিটো সম্পূর্ণভাৱে এবাৰ সোঁফালে এবাৰ বাঁওফালে ঘূৰাবলৈ চেষ্টা কৰিব৷ এনেকৈ তিনিবাৰ কৰিব৷
এইবাৰ আহক ব্যায়ামটোৰ একেবাৰে শেষৰ অংশলৈ৷ শৰীৰটো পোন আৰু শিথিল কৰি লৈ ডিঙিটো এবাৰ ক্লকৱাইজ এবাৰ এণ্টি ক্লকৱাইজ সম্পূর্ণ ঘূৰাবলৈ চেষ্টা কৰিব৷ এয়ে হ’লNeck-Roll ৷ ডিঙিটো সোঁফালে ঘূৰাওঁতে সোঁ–কাণখনে সোঁফালৰ কান্ধটো আৰু বাঁও কাণখনে বাঁও কান্ধটো স্পর্শ কৰিব৷ এনেকৈ তিনিবাৰ কৰিব৷
এই ব্যায়ামটো সফলতাৰে কৰিব পাৰিলে কেতিয়াও ডিঙিটো ভালকৈ লৰচৰ কৰিব নোৱৰা অৱস্থা নহ’ব কেতিয়াও কান্ধৰ আৰু গলধনৰ বিষ নহ’ব, মূৰলৈ তেজ চলাচল বৃদ্ধি হোৱাৰ কাৰণে আপোনাৰ গোটেই গাটো পাতল লাগিব৷ মই গা ধোৱাৰ পিছত যোগাসন কৰিবলৈ আৰম্ভ কৰোঁতে আসনবোৰৰ মাজতে এই ব্যায়ামটো কৰি লওঁ৷ তদুপৰি একেলেথাৰিৰে দুইৰ পৰা চাৰি ঘণ্টা সময় তলমূৰ কৰি লিখাৰ পিছত মই এইNeck-Roll ব্যায়ামটো কৰোঁ৷ অতিশয় উপকাৰ নোপোৱা হ’লে সুদীর্ঘ ৫০ বছৰ ধৰি মই নিশ্চয় এই ব্যায়ামটো কৰি নাথাকিলোঁহেঁতেন৷ কবিৰাজ শিৱচন্দ্র শর্মাই এই ব্যায়ামটোৰ উপকাৰিতাৰ কথা দঢ়াই দঢ়াই কৈ সকলো মানুহকে ব্যায়ামটো নিয়মিতভাৱে কৰিবলৈ উপদেশ দিছিল৷
প্রসংগক্রমে এটা পৰম উপকাৰী যোগাসনৰ কথাও এইখিনিতেই কৈ থওঁ৷ আসনটো হ’ল শৱাসন৷ মানুহৰ হূৎপিণ্ডক স্থানান্তৰ কৰি আন এজন মানুহৰ শৰীৰত সফলভাৱে সংযোজন কৰা বিশ্ববিখ্যাত চিকিৎসক ডাঃ খ্রীষ্টিয়ান বার্নার্ডেAll About Good Health নামৰ বহুপঠিত কিতাপখনত লিখিছে যে সকলো যৌগিক আসনৰ ভিতৰত শৱাসন বিশেষভাৱে উপকাৰী আসন৷ ওপৰে ওপৰে চাবলৈ গ’লে আসনটো নিচেই সহজ নিজৰ গাটোক মৰাশৰ নিচিনা কৰি কেইমিনিটমান সময় স্থিৰ আৰু শান্তভাৱে পৰি থাকিব লাগে৷ যিহেতু আপুনি এটা শৱত পৰিণত হৈছে, গতিকে আপোনাৰ মনটোৱেও সেই সময়ত কোনো কথা চিন্তা কৰিব নোৱাৰিব৷ কিন্তু আসনটো শুনাত যিমান সহজ কৰাত সিমান কঠিন৷ কিছুদিন একান্ত মনোযোগসহকাৰে অভ্যাস কৰি আয়ত্ত কৰি ল’ব পাৰিলে তাৰ পৰা যে কিমান উপকাৰ পোৱা যাব সেই কথা বর্ণনা কৰি শেষ কৰিব নোৱাৰি৷ শৱাসন আটাইতকৈ বেছি ফলদায়ক উক্ত ৰক্তচাপ নিয়ন্ত্রণ কৰি ৰখাৰ ক্ষেত্রত৷ ডাঃ বার্নার্ডৰ মতে যিহেতু বর্তমান যুগত বেছিভাগ মানুহেই উচ্চ ৰক্তচাপৰ সমস্যাৰ দ্বাৰা আক্রান্ত হয়, তেনেস্থলত সকলো মানুহেই শুদ্ধভাৱে শৱাসন কৰিবলৈ শিকা উচিত৷