ৰাজ্যৰ ৩ জিলাত পুনৰ লক ডাউন ঘোষণা
নিয়মীয়া বাৰ্তা, ২৩ আগষ্টঃ ৰাজ্যৰ ৩খন জিলাত পুনৰ লক ডাউন ঘোষণা। বৰাক উপত্যকাৰ ৩ জিলা ক্ৰমে কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত পুনৰ লক ডাউন ঘোষণা। ২৬ আগষ্টৰ পৰা ৪ছেপ্টেম্বৰলৈ লক ডাউন ঘোষণা।
মুঠ ১০দিনৰ বাবে প্ৰশাসনে ঘোষণা কৰা লক ডাউনত আদৰণি জনাইছে স্থানীয় ৰাইজে। উল্লেখযোগ্য যে বৰাকত আক্ৰান্ত সংখ্যা ৩,৫০০জন আক্ৰান্ত চিকিৎসাধীন হৈ আছে। ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত এই সিদ্ধান্ত। ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰিছে নিৰ্দেশনা। কৰিমগঞ্জত ১৯০০গৰাকী লোক আক্ৰান্তৰ হোৱাৰ বিপৰীতে মৃত্যু হৈছে ২৩গৰাকী লোক।