‘নিজৰ ওপৰত বিশ্বাস হেৰুৱাইছে তৰুণ গগৈ-ৰিপুণ বৰাই’
নিয়মীয়া বাৰ্তা, ২৩ আগষ্টঃ কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা সন্দৰ্ভত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া। এই মিত্ৰতা কেতিয়াও মানি লোৱা নহয়, মই এই মিত্ৰতাৰ সদায় বিৰোধিতা কৰি যাম। প্ৰদেশ কমিটীৰ লগতে ক’ৰ কমিটীৰ বৈঠকত মিত্ৰতা নোহোৱা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু এতিয়া কিহৰ ভিত্তিত তৰুণ গগৈ ডাঙৰীয়া আৰু ৰিপুণ বৰাই মিত্ৰতা কৰিছে নাজানো আৰু আমি ইয়াৰ বিৰোধিতা কৰিছো। মিত্ৰতা নকৰি যদি আমি অকলেই অথবা আঞ্চলিকতাবাদ-জাতীয়তাবাদৰ চিন্তা-ধাৰা থকা দলৰে সহায় লৈ নিৰ্বাচন খেলিব পাৰিলো হয়।
ৰিপুণ বৰা-তৰুণ গগৈ ডাঙৰীয়াৰ এতিয়া নিজৰ ওপৰত ভৰষা নোহোৱা হৈছে। তেওঁলোকে চিন্তা কৰিব লাগিছিল কোন জাতি-জনগোষ্ঠীৰ আমাৰ প্ৰতিনিধি নাই, তেনে ভাৱমূৰ্তি লৈ আমি আগবাঢ়িলে আমি পুনৰ চৰকাৰগঠনৰ সুবিধা পালো হয় বুলিও মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে।