জোনাইত হাহাকাৰ পৰিস্থিতি বানবিধস্ত ৰাইজৰ
নিয়মীয়া বাৰ্তা, ২৩ আগষ্টঃ এগৰাকী মহিলা৷ সাংবাদিকৰ আগত মহিলা গৰাকী কান্দি কান্দি আমাক মাৰি পেলালেও এই স্থান এৰি নাযাও বুলি কৈছে৷ আমি কলৈ যাম, কি কৰিম বুলি চকু পানী মচি মচি বানাক্ৰান্ত মহিলা গৰাকী সাংবাদিকৰ আগত কয়৷ জোনাইৰ বানবিধস্ত ৰাইজৰ এতিয়া হাহাকাৰ অৱস্থা৷ এফালে যদি বানে খেদে আনফালে প্ৰশাসন আৰু আৰক্ষীয়ে উচ্ছেদ কৰে৷ এইবাৰ চিয়াং লালী নৈৰ বানে একপ্ৰকাৰ জোনাইৰ নৈ কাষৰীয়া তিনিশতাধিক গাওঁ তচনচ কৰি পেলায়৷ কেবাশতাধিক পৰিয়াল চিৰদিনৰ বাবে গৃহহীন হল৷ হেৰুৱাই পেলালে নিজা আপোন ঘৰ- বাৰী, খেতিপথাৰ মুঠতে সকলো নিঃশেষ কৰি পেলালে বলিয়া বানে৷ মথাউৰিৰ নাইবা কোনোবা ওখ ঠাইত ইমানদিনে আশ্ৰয় লোবা এই বানাক্ৰান্ত লোকসকলে স্থায়ী আশ্ৰয় বিছাৰী আহিছিল জোনাই চিমেন চাপৰিৰ চৰকাৰী ভূমিত৷
চাৰি পাঁচটা দিন এই চৰকাৰী ভূমিত টিৰপাল তৰি বহা পিছতে জোনাই মহকুমা প্ৰশাসন আৰু একাংশ স্থানীয় লোকে এই ঠিকনা বিছাৰি অহা খিলঞ্জীয়া লোক সকলক উচ্ছেদ কৰিবলৈ উঠি পৰিল৷ তাকে লয় এতিয়া বানাক্ৰান্ত লোক আৰু প্ৰশসনৰ মাজত চলিছে বাকবিতণ্ডা৷ যোৱা কিছুদিন ধৰি চিমেন চাপৰিৰ এই চৰকাৰী ভূমিত অব্যাহত আছে উত্তেজনা৷ প্ৰশাসনে যিকোন সময়তে চলাব পাৰে উচ্ছেদ৷ আনহাতে বানত সকলো হেৰুবাই পেলোবা লোক সকলে যিকোনো নিজৰ জীৱন দি হলে সেই স্থান ত্যাগ নকৰাৰ হুংকাৰ দিছে ৷ খিলঞ্জীয়া ভূমিপুত্ৰ এই লোক সকলক এতিয়া যাব কলৈ? নিজৰ ৰাজ্যতে এতিয়া ভগনীয়া হৈছে এন বানাক্ৰান্ত ভূমিপুত্ৰ লোক সকলক৷ ৰাজ্যত আৰম্ভ হৈছে ৰাজনীতিৰ গৰম বতাহ৷ অহা বাৰ কেনেকৈ গাদী দখল কৰিব পাৰে তাকে লয় আখাৰত নামিছে সকলো ৰাজনৈতিক দল৷ ব্যস্ত জনপ্ৰতিনিধি সকল৷ কিন্ত কোৰো আহৰি নাই এই বানে সকলো কাঢ়ি নিয়া ভূমপুত্ৰ সকলৰ পুনৰ সংস্থাপনৰ বাবে মাত মতাৰ৷ সকলো বানত শেষ হোবা এই খিলঞ্জীয়া লোক সকলৰ কি হব? নিজৰ লৰা ছোৱালীৰ ভৱিষ্যতক লয় চিন্তিত এই লোক সকল৷
আনাহাতে যোৱা শনিবাৰে এই বানাক্ৰান্ত ৰাইজৰ সমস্যাক সমূহক লয় এক সংবাদ মেলৰ অনুষ্ঠিত কৰে ১৯টা জাতীয় সংগঠনে৷ জোনাই মহকুমাৰ ১৯ টা জনগোষ্ঠীয় সংগঠনৰ নেতা, কৰ্মীয়ে উপস্থিত থকা সংবাদ মেলত জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত গালী চিকাৰী গাওঁ পঞ্চায়তৰ গালীঘাট, জীয়াঢল, মুদৈ ইত্যাদি গাঁৱৰ ১০৫ টা বানপানীত বিধ্বস্ত পৰিয়ালে চিমেন চাপৰি অঞ্চলৰ পলিটেকনিক কলেজৰ সমীপত অৱস্থিত চৰকাৰী ভূমিত আশ্ৰয় গ্ৰহণ কৰি থকা দুৰ্ভগীয়া পৰিয়ালসকলক উক্ত স্থানতে সংস্থাপনৰ সুবিধা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাইছে| সংগঠনসমূহে জানিবলৈ দিয়া মতে গালী চিকাৰী পনচায়তৰ গালীঘাট, মুদৈ আৰু জীয়াঢল গাঁৱৰ প্ৰায় তিনি শতাধিক লোকে বিগত বানত সৰ্বস্ব হেৰুৱাই অঘৰীৰ দৰে অত তত ঘূৰি আছে| সেইবাবে বানত বিধ্বস্ত পৰিয়ালসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ সংগঠনসমূহে চৰকাৰৰ ওচৰত দাবী জনাইছে| অন্যথা চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তোলা হব বুলি সকীয়াই দিছে|
আনহাতে সংবাদমেলৰ শেষত বানবিধ্বস্ত পৰিয়ালসকলে আশ্ৰয় গ্ৰহণ কৰি স্থানত সাংবাদিকৰ দলে পৰিভ্ৰমন কৰে| সাংবাদিকে ভ্ৰমন কৰাৰ সময়ত বানত সৰ্বস্ব হেৰুৱা পৰিয়ালসকলে চিমেন চাপৰিৰ চৰকাৰী ভূমিত মুকলি আকাশৰ তলত সাধাৰণ টিৰপাত তৰি জীৱন নিয়াই আছে| খোৱা লোৱাৰ কোনো সুবিধা নথকাকৈ পুৰুষ, মহিলা আৰু শিশুৰে সৈতে দুৰ্বিষভাৱে সময় অতিবাসিত কৰি আছে| বান বিধ্বস্ত পৰিয়ালসকলে তেওঁলোকক চিমেন চাপৰিৰ চৰকাৰী ভূমিত সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে| উক্ত স্থানত মুকলি আকাশৰ তলত অস্থায়ী শিৱিৰ স্থাপন কৰি আছে| উল্লেখ্য বান বিধ্বস্ত পৰিয়ালসকলে আশ্ৰয় গ্ৰহণ কৰি থকাটো জামজিং সংৰক্ষিত বনাঞ্চলৰ সামাজিক বনানীকৰণৰ ভূমিত অন্তৰ্গত৷ জামজিং সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত চিমেন চাপৰি সামাজিক বনানীকৰণৰ ভূমি খণ্ড চিমেন চাপৰিত নিৰ্মাণ হবলগা প্ৰস্তাৱিত কৃষি বিজ্ঞান কেন্দ্ৰৰ নামত অনুমোদন হৈ আছে বুলি জানিব পৰা গৈছে।