নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এদল ছাত্ৰ- ছাত্ৰীৰ প্ৰশংসনীয় পদক্ষেপ বানবিধ্বস্ত অঞ্চলত বিলালে খাদ্য সামগ্ৰী

নিয়মীয়া বাৰ্তা, ২৩ আগষ্টঃ সমগ্ৰ অসমৰ লগতে তিনিচুকীয়া জিলাৰো বিভিন্ন অঞ্চলত বান পানীয়ে জনজীৱন বিপন্ন কৰি তোলে। এনে সময়তে তৈল নগৰী ডিগবৈৰ বৌদ্ধিক চিন্তা- চেতনাৰে উদ্বুদ্ধ কল্যাণ, নৱৰত্ন নিৰ্মাণ ফাউণ্ডেচন আৰু ৰে’ ফাউণ্ডেচনৰ উদ্যোগত আৰু টাটা ইনষ্টিটিউট, মহাৰাষ্ট্ৰৰ ছাত্ৰ সংগঠন, আই অ’ চি অফিচাৰ্ছ এছ’চিয়েচন আৰু সমন্বয় ফাউণ্ডেচনৰ সহযোগত এটা ১২ জনীয়া ছাত্ৰ- ছাত্ৰীৰ দলে তাৰিখে বিভিন্ন খাদ্য- সামগ্ৰী লৈ উপস্থিত হয়গৈ ডিব্ৰু- ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত লাইকা নামৰ বান বিধ্বস্ত বনগাঁওখনত। তিনিচুকীয়াৰ গুইজান ঘাটৰ পৰা ফেৰীৰে দুঘণ্টীয়া বাট অতিক্ৰমি যোগাযোগকে ধৰি কোনোপ্ৰকাৰৰ আন্তঃগাঁ‌থনি নথকা গাঁওখনৰ ৬২২ টা পৰিয়ালৰ লোকক খাদ্য সামগ্ৰী যোগান ধৰে। ছাত্ৰ- ছাত্ৰীৰ দলটোৰ উপৰি উক্ত স্থানত যথাসময়ত উপস্থিত হৈ ভাৰতীয় তেল নিগমৰ বিষয়া সংস্থাৰ দুই বিষয়ববীয়াই দলটোক সহযোগ কৰি মানৱতাৰ পৰিচয় দাঙি ধৰে।

উল্লেখ্য যে যি সময়ত সমাজত যুৱ- উশৃংখলতাই চূড়ান্ত ৰূপ ধাৰণ কৰিছে, তেনে সময়তে এচাম নৱ- প্ৰজন্মৰ মানৱ দৰদী পদক্ষেপক সচেতন মহলে শলাগ লৈছে। কেইবাটাও স্বেচ্ছাসেৱী সংগঠনক প্ৰতিনিধিত্ব কৰা ছাত্ৰ- ছাত্ৰীৰ দলটোৱে আৰ্থিক আৰু কায়িকভাৱে সহযোগ আগৱঢ়োৱা অনুষ্ঠান- প্ৰতিষ্ঠান আৰু দিহা- পৰামৰ্শৰে সহযোগিতা আগবঢ়োৱা তিনিচুকীয়া জিলা প্ৰশাসনক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।

You might also like