ধর্ম, আধ্যাত্মিকতা আৰু মফিজুদ্দিন আহমদ হাজৰিকা
ড০ সর্বেপল্লী ৰাধাকৃষ্ণনে ঈশ্বৰ–উপাসকসকল পাঁচটা শ্রেণীত বিভক্ত কৰিছিল৷ এই শ্রেণীকেইটা হৈছে– (১) এক পৰম সত্তাৰ The Absolute) উপলব্ধি কৰিবলৈ সমর্থ সর্বোচ্চ শ্রেণীৰ উপাসকসকল, (২) ব্যক্তিৰূপী (অর্থাৎ মনুষ্য কলেৱৰধাৰী) এজনা ঈশ্বৰৰ পূজকবৃন্দ, (৩) অৱতাৰী পুৰুষসকলৰ সেৱকগণ, (৪) সিদ্ধ পুৰুষ অথবা উপৰিপুৰুষসকলক উপাসনা কৰোঁতাসকল আৰু (৫) ভূত–প্রেত ইত্যাদিক পূঁজোতাসকল৷ উল্লিখিত পাঁচটা শ্রেণীৰ অন্তর্গত প্রতিজন ব্যক্তিয়ে এক গভীৰ ৰহস্যানুভূতিৰ বশৱর্তী হৈয়েই নিজ নিজ চিন্তাশক্তি অনুযায়ী একোটাকৈ সাধনমার্গেৰে অগ্রসৰ হ’বলৈ প্রয়াস কৰে৷ পিছে এইখিনিতে এটা কথা অনস্বীকার্য যে সকলো মানুহৰে চিন্তাশক্তি সমপর্যায়ৰ হোৱাটো আশা কৰিব নোৱাৰি৷ যিবিলাক বিষয়ে বিশ্বৰ একমাত্র চিন্তাশীল প্রাণীবিধক অন্যান্য ইতৰ প্রাণীৰ পৰা পৃথক কৰি তুলিছে, সেইবোৰৰ ভিতৰত ৰহস্যানুভূতিও অন্যতম৷ এই ৰহস্যানুভূতি মানুহৰ এক সহজাত গুণ৷ ইয়াক কোনো কোনোৱে ইচ্ছাকৃতভাৱে এৰাই চলিব পাৰে, কিন্তু সেই বুলিয়েই এই সহজাত মানৱীয় প্রবৃত্তিটোক স্বীকাৰ কৰিব পৰা নাযায়৷ অৱশ্যে পৰৱর্তী পর্যায়ত উক্ত ৰহস্যানুভূতিৰ প্রকাশ বিভিন্ন প্রকাৰে ঘটা পৰিলক্ষিত হয়৷ একেটা কাৰকৰ পৰাই এক পৰম সত্তাৰ অন্বেষক মনস্বী শ্রেণী এটাৰো সৃষ্টি হয় আৰু আনহাতে ৰহস্যৰ মায়াজালত বান্ধ খাই ভূত–প্রেতক ভজা এশ্রেণী মন্দধী মানুহেও জন্মলাভ কৰে৷ ঠিক যেন ভাৰতীয় উপাখ্যানত বর্ণোৱা ধৰণে অমৃত মথিবলৈ যাওঁতে বিষ উদ্ভৱ হোৱাটো অনিবার্য হৈ উঠে৷ কিন্তু লালুকীৰ ভয়ত জানো মানুহে পুখুৰী নখন্দাকৈ থাকে? সন্দেহ নাই যে একে ৰহস্য–নুভূতিৰ পৰাই পুলি–পোখা মেলি জ্ঞান–বিজ্ঞানৰ সকলো ধাৰাৰ সৃষ্টি হৈছে আৰু একে সময়তে পূর্বোক্ত শুভ প্রপঞ্চটোৰ ‘উপজাত দ্রব্য’ৰ ৰূপত অনেক অপ্রয়োজনীয় ৰীতি–নীতি (নামান্তৰে কু–সংস্কাৰ) তথা অন্ধবিশ্বাসেও মূৰ দাঙি উঠিছে৷ সেয়ে হ’লেও শুভবুদ্ধিসম্পন্ন চিন্তাশীল লোকসকলে একে ৰহস্যানুভূতিৰ পৰা জন্মা অশুভ বিষয়বিলাক একাষৰীয়া কৰি থৈ ৰহস্যমুখী যাত্রা অব্যাহত ৰখাৰ পোষকতা কৰে৷
মধুযুগৰ প্রসিদ্ধ অসমীয়া কবি মাধৱ কন্দলিৰ ভাষাৰে ‘পখীসৱে উড়ে যেন পখা অনুসাৰে’৷ আন কথাত ক’বলৈ হ’লে কোনোবা টুলুঙা নাও বোৱা নাৱৰীয়া নৈৰ সৰু চাকনৈয়াতে বন্দী হৈ পৰে৷ তাৰ বিপৰীতে এচাম দুর্ধর্ষ নাৱিকে আকৌ মহাসাগৰৰ সুউচ্চ উর্মিমালাকো ভ্রূক্ষেপ নকৰি সপ্তদ্বীপা ধৰিত্রীক প্রদক্ষিণ কৰিবলৈ সমর্থ হয়৷ এতেকে আমাৰ অসমীয়া ভাষাত বহুল প্রচলিত ‘পাঁচোটা আঙুলি কেতিয়াও সমান নহয়’ কথাষাৰ মানি ল’বলৈ আমি বাধ্য৷ অর্থাৎ একে ৰহস্যানুভূতিৰ পৰা মানুহ হোৱাৰ সার্থকতা সমানে আহৰণ কৰাটো সকলোৰে পক্ষে সম্ভৱ হ’ব বুলি ভবাটো নিতান্ত ভুল৷
লক্ষণীয়ভাৱে এক পৰম সত্তাৰ অস্তিত্ব উপলব্ধি কৰাৰ সামর্থ্য খুব কম মানুহৰহে হয়৷ কিয়নো মনীষী ৰাধাকৃষ্ণনে আঙুলিয়াই দিয়া সেই পৰম সত্তা হৈছে অনেক অসীম সত্তাৰ এক সন্মিলিত ৰূপ৷ তেনে একোটা অসীম সত্তাৰ সম্যক ধাৰণা আয়ত্ত কৰাটো তাত্ত্বিকভাৱে অসম্ভৱ বুলিয়েই ক’ব লাগিব৷ উদাহৰণ স্বৰূপে মহাকাশ তথা মহাকালৰ বিস্তৃতিয়ে চিন্তাশীল মানুহক চিৰকাল বিস্ময়াভিভূত কৰি ৰাখিছে৷ এতেকে যি মানুহে গাণিতিক অসীমতা সম্বন্ধেই এক সম্যক ধাৰণা গঢ়ি তুলিবলৈ সমর্থ নহ’ল, সেই মানুহে কোনোবা এদিন সকলো অসীম সত্তাৰ সমাহাৰস্বৰূপ এক পৰম সত্তা সম্বন্ধীয় জ্ঞান সম্পূর্ণভাৱে আয়ত্ত কৰা বুলি কোৱাৰ যুক্তিযুক্ততাই বা কিমান? এনে এক পৰম সত্তা সন্দর্ভত মানুহে কেৱল কিছুমান খেয়ালি ভাব প্রকাশ কৰি অহাটো মুঠেও অস্বাভাৱিক নহয়৷ ইয়াৰেই স্পষ্ট প্রতিফলন দৃষ্টিগোচৰ হয় পৃথিৱী–পৃষ্ঠত অতীজৰে পৰা বর্তি থকা নানাৰঙী ধর্ম আৰু উপধর্মসমূহৰ মাজত৷ মন কৰিবলগীয়া যে তেনে প্রতিটো ধর্মই নিজ নিজ ৰুচি–ভিৰুচি অনুযায়ী সেই পৰম সত্তাৰ একো একোটা ভিন ভিন ৰূপ গঢ় দি লয়৷ ফলত মানৱ সমাজত গভীৰ প্রভাৱ বিস্তাৰ কৰিবলৈ সমর্থ হ’লেও তেনে প্রতিটো ধর্মৰ মাজত আচাৰ–আচৰণৰ ব্যাপক পার্থক্য প্রকট হৈ উঠে৷ ধৰাপৃষ্ঠৰ বিভিন্ন অঞ্চলত বর্তি থকা ভিন ভিন সাংস্কৃতিক উপাদানসমূহৰ প্রভাৱো সহজে দৃষ্টিগোচৰ হয়৷ এই সকলো ক্রিয়া–কাণ্ড প্রত্যক্ষ কৰি বিভিন্ন ধর্মীয় সম্প্রদায়সমূহ পাৰমার্থিক জ্ঞানৰ পৰিৱর্তে লোকাচাৰমুখী হৈ উঠাটো তেনেই স্বাভাৱিক কথা৷ এই প্রসংগত উপধর্মসমূহৰ ভাঙোনমুখী ভূমিকাৰ কথা বহলাই নক’লেও হয়৷ কেৱল ভাৰততে হয়তো নিজকে ঈশ্বৰ কিম্বা ঈশ্বৰৰ অৱতাৰ বুলি দাবী কৰা লোকৰ সংখ্যা সহস্রাধিক হ’ব৷ এইসকলৰ উপস্থিতিয়ে মানুহৰ সমাজত শৃংখলা স্থাপনৰ পৰিৱর্তে কিছুমান ঘৃণনীয় আচাৰ–আচৰণৰহে পোহাৰ মেলি আহিছে৷ বিশেষকৈ ভাৰতীয় সমাজখনত তেনে ধর্ম–ব্যৱসায়ীৰ সংখ্যাধিক্যই অলেখ সামাজিক সমস্যাৰ সৃষ্টি কৰিছে৷ এচামে আকৌ আধ্যাত্মিকতাৰ বাণী বিলোৱাৰ নামত লক্ষ লক্ষ সহজ–সৰল লোকক লুটি–পুতি খাইছে৷ প্রকৃত আধ্যাত্মিকতাৰ মার্গত যে লোকাচাৰ তেনেই গৌণ, সেই সাধাৰণ জ্ঞানকণৰে অভাৱ পৰিলক্ষিত হয় আমাৰ সমাজৰ তথাকথিত আধ্যাত্মিক গুৰুসকলৰ বেলিকা৷ তেওঁলোকৰ নির্বোধতা তথা স্বার্থপৰতাৰ বাবেই ধর্ম আৰু আধ্যাত্মিকতা একাকাৰ হৈ পৰে৷ ফলত স্বল্পশিক্ষিত এচাম লোকৰ পাৰমার্থিক চিন্তাৰ দিশত আগুৱাবলৈ ইচ্ছা থাকিলেও তেওঁলোকক দিশহাৰা কৰি তোলা হয়৷ একাংশ প্রাচীন গ্রন্থত হয়তো অনেক গূঢ় আধ্যাত্মিক তত্ত্ব সর্বসাধাৰণৰ বোধগম্য কৰি তুলিবৰ উদ্দেশ্যে বহুসংখ্যক ৰূপক, উপমা, ৰিজনি analogy) আদিৰ অৱতাৰণা কৰা হৈছিল৷ পিছে পৰৱর্তী কালত একাংশ অল্পমতি ধর্মগুৰুৱে দাঙি ধৰা অপব্যাখ্যাসমূহে সিবোৰকো অপ্রাসংগিক কৰি তোলা দেখা গ’ল৷ ফলত ধর্মৰ জগতখনত আধ্যাত্মিকতাৰ অতি ক্ষীণ আভাস মাথোঁ বর্তি থাকিলগৈ৷
লক্ষণীয়ভাৱে আধ্যাত্মিকতাৰ অনেক সংজ্ঞা থাকিলেও মোৰ দৃষ্টিত সকলো ধর্মৰ লোকাচাৰৰহিত আৰু পৌৰাণিক অতিকথাসমূহে myths) স্পর্শ নকৰা সুগভীৰ তত্ত্বজ্ঞানৰ থূলটোৱেই আধ্যাত্মিকতাৰ প্রকৃত আধাৰটো নির্মাণ কৰিছে৷ আধ্যাত্মিকতাৰ একমাত্র বিচার্য বিষয় হৈছে আমি পূর্বে উল্লেখ কৰি অহা পৰম সত্তাটি, যাক ড০ ৰাধাকৃষ্ণন মহোদয়েThe Absolute ৰূপে অভিহিত কৰিছে৷ বেদান্তত এই পৰম সত্তাৰ চৰিত্র সম্বন্ধে অনুপুংখ বিচাৰ সাধিত হৈছে যদিও সেই যুগৰ কোনোজনা চিন্তানায়কেই সর্বশেষ সত্যত উপনীত হ’ব পৰা নাই৷ বিভিন্ন বিষয়ত স্বাভাৱিকতে একাধিক মতৰ উদ্ভৱ হৈছে৷ উদাহৰণ স্বৰূপে সৃষ্টিৰ আদিতম কাৰণস্বৰূপ পৰম সত্তা অধিকাংশ বিবেচনাৰেই এক নির্গুণ সত্তা হিচাপে পৰিগণিত হ’লেও তাৰ সগুণ ৰূপটোও প্রকট হৈ উঠে৷ তেনে স্থলত দুয়োটা পৰস্পৰবিৰোধী মতৰ মাজত সংশ্লেষণৰ প্রয়াসো দৃষ্টিগোচৰ নোহোৱাকৈ নাথাকে৷ ফলত এনে এক সংশ্লিষ্ট ধাৰণাৰ সৃষ্টি হয়– ‘তেওঁ নির্গুণ হৈয়ো সগুণ’৷ পোহৰে যিদৰে ক্ষেত্র–বিশেষে কণিকাৰ আৰু কিছু ক্ষেত্রত তৰংগৰ চৰিত্র প্রদর্শন কৰে, ঠিক তেনেদৰেই পৰম সত্তাটিয়েও অধিকাংশ ক্ষেত্রত নির্গুণ চৰিত্র দর্শালেও তাৰ সগুণ ৰূপটোও উলাই কৰিব পৰা বিধৰ নহয়৷ ধাৰণা হিচাপে সগুণৰ তুলনাত নির্গুণ বহু পৰিমাণে জটিল যেন লাগে৷ কিন্তু সেই পৰম সত্তাক যেতিয়াই এজনা সৃষ্টিকর্তা কিম্বা বিশ্ব–খনিকৰ ৰূপে অভিহিত কৰা হয়, তেতিয়া সেই সত্তা নির্গুণ হৈ যোৱাৰ প্রশ্ণই উঠিব নোৱাৰে৷ একেদৰে দ্বৈতবাদ আৰু অদ্বৈতবাদক কেন্দ্র কৰি পৰমার্থ–তত্ত্ব ভাৰতীয় চিন্তা–পৰম্পৰাত যিদৰে সমৃদ্ধ হৈ উঠিছে, তাৰ তুলনা সমগ্র বিশ্বতে বিৰল বুলি বিনা দ্বিধাই ক’ব পাৰি৷ আমাৰ শংকৰদেৱ গুৰুজনাই কীর্তনঘোষাৰ পাতনিতে ‘প্রথমে প্রণামো ব্রহ্মৰূপী সনাতন’ বুলি সেই নির্গুণ পৰম সত্তাকে প্রণিপাত জনাইছে৷ কিন্তু অব্যৱহূত দ্বিতীয় শাৰীটোতে নির্গুণ ব্রহ্মৰূপী সনাতনে সগুণ ‘সর্ব অৱতাৰৰ কাৰণ নাৰায়ণ’ ৰূপ পৰিগ্রহ কৰিছে৷ ইয়াৰ অর্থ এনে নহয় যে কীর্তন পুথিৰ ৰচকজনাই ব্রহ্মতত্ত্বক উপেক্ষা কৰিছে, বৰং মনুষ্য–কলেৱৰধাৰী নাৰায়ণৰ মাধ্যমে পৰমব্রহ্মৰ স্বৰূপ সামান্যভাৱে হ’লেও সর্বসাধাৰণে উপলব্ধি কৰাটো যাতে সম্ভৱ হৈ উঠে, তাৰহে গম্ভীৰ প্রয়াস কীর্তনঘোষা গ্রন্থৰ অধ্যায়সমূহত ফুটি উঠিছে৷ আকৌ তৃতীয় পর্যায়ত অৱতাৰী পুৰুষ শ্রীকৃষ্ণৰ লগত পৰমেশ্বৰ নাৰায়ণৰ অভেদত্ব প্রতিষ্ঠা কৰিবলৈ গুৰুজনা যত্নপৰ হোৱা দেখা গৈছে৷ অর্থাৎ দার্শনিকপ্রৱৰ ৰাধাকৃষ্ণনৰ শ্রেণী–বিভাজন অনুসৰি অসমৰ মহাপুৰুষীয়া ধর্মীয় পন্থত উপাসকসকলৰ তিনিটা শ্রেণী একত্রিত হৈছে৷ এই পন্থত কৃষ্ণ, বিষ্ণু, পৰমব্রহ্ম– এই অনুক্রম অতিশয় তাৎপর্যপূর্ণ বুলি মই বিবেচনা কৰোঁ৷ অৱতাৰবাদ এটা অতিশয় বিতর্কমূলক বিষয় যদিও সৃষ্টিৰ আদি কাৰণ পৰমব্রহ্মক যিমানেই নির্গুণ, নিৰাকাৰ ৰূপত কল্পনা কৰা নহওক কিয়, এটা বিশেষ বিন্দুত সেই নির্গুণ পৰম সত্তাত ব্যক্তিত্ব আৰোপ কৰাটো প্রতিটো ধর্মীয় পন্থতে অৱধাৰিত হৈ উঠে৷ ভাৰতীয় সনাতন ধর্মই হওক কিম্বা ইছলামেই হওক, বিশ্বৰ প্রতিটো প্রধান ধর্মতে নিৰাকাৰ সৃষ্টিকর্তা আৰু সাকাৰ পৰমেশ্বৰৰ মাজত এডাল সীমাৰেখা টনাটো বহু সময়ত কঠিন হৈ পৰে৷ ইছলাম ধর্মত সৃষ্টিকর্তাৰ কোনো সাকাৰ ৰূপ নাই যদিও আল্লাহৰ ধাৰণাত ব্যক্তিত্বৰ প্রভাৱ নাই পৰা বুলি কোনেও ক’ব নোৱাৰে৷ সেয়ে নোহোৱা হ’লে ব্যক্তিবোধক ‘তেওঁ’ শব্দটো আল্লাহৰ বেলিকা প্রয়োগ কৰা নহ’লহেঁতেন৷ কেৱল সেয়ে নহয়, সনাতন ধর্মমতত সেই একেই পৰম সত্তাক কিছু বোধগম্য কৰি তুলিবলৈ যিমানবিলাক জাগতিক উপমা প্রয়োগ কৰা হয়, ইছলাম ধর্মত তাৰ কিছু তাৰতম্য ঘটিলেও এই ধর্মমতো তাৰ পৰা সমূলি মুক্ত নহয়৷ নহ’লে ‘আল্লাহৰ খুব খং উঠিছে’ নতুবা ‘আল্লাই ইয়াৰ বিচাৰ কৰিব’ ইত্যাদি বাক্যৰ প্রয়োগ নহ’লহেঁতেন৷ এতেকে যি ধর্মতে নহওক কিয়, পৰম সত্তাৰ প্রচ্ছায়াৰ ৰূপত হ’লেও এক ব্যক্তিৰ ধাৰণাই প্রায় প্রতিজন ধর্মানুৰাগী মানুহৰ মনৰ মাজত খোপনি পুতি বহিছে৷
এইখিনিলৈকে ধর্মীয় চিন্তা–চর্চাসমূহ আধ্যাত্মিকতাৰ থূলটোৰ কাষৰে–পাঁজৰে থকা বুলিয়েই ক’ব লাগিব৷ আমাৰ দৃষ্টিত পৰম সত্তাক উপলব্ধি কৰিবৰ উদ্দেশ্যে কৰা সকলো প্রচেষ্টাই কম–বেছি পৰিমাণে আধ্যাত্মিকতাৰে সংপৃক্ত৷ কেৱল কথা হৈছে, এনে প্রচেষ্টাক কি পৰিমাণে লোকাচাৰমুক্ত কৰি ৰাখিব পৰা হৈছে সেইটোহে৷ কিয়নো লোকাচাৰ আৰু অতিকথাৰ আধিক্যই পাৰমার্থিক চিন্তাক অতি সহজে দিগ্ভ্রষ্ট কৰি পেলায়৷ মূল বিষয়টো তল পেলাই তুচ্ছ পার্থিৱ বিষয়সমূহে মূৰ দাঙি উঠে৷ সেয়ে আধ্যাত্মিক চিন্তা–চর্চাক ধর্মৰ সংকীর্ণতাসমূহৰ পৰা মুক্ত ৰখাটো অতীব গুৰুত্বপূর্ণ কথা৷ সংস্কৃতি আৰু সাহিত্য যিদৰে সমগ্র মানৱ জাতিৰে উমৈহতীয়া সম্পদ, ঠিক একেদৰে আধ্যাত্মিকতাৰ গুৰুত্বও সার্বজনীন৷ ই সকলো ধর্মীয় সম্প্রদায়ৰে সমূহীয়া সম্পত্তি৷ সেয়ে হিন্দু আধ্যাত্মিকতা অথবা খ্রীষ্টীয় আধ্যাত্মিকতা বুলি কিবা বস্তু থাকিব পাৰে বুলি ভবাটোৱেই অযুক্তিকৰ৷
আজিৰ পৰা ঠিক ডেৰশ বছৰ পূর্বে অসম ৰাজ্যৰ ডিব্রুগড়ত জন্মগ্রহণ কৰা জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকা কেৱল অসম বা ভাৰতৰে নহয়, সমগ্র বিশ্বৰে শ্রেষ্ঠ আধ্যাত্মিকতাবাদী কবিসকলৰ অন্যতম৷ তেওঁ জন্মসূত্রে এজন মুছলমান আছিল যদিও কোনো ধর্মীয় পৰিধিয়ে আহমদ হাজৰিকাদেৱৰ আধ্যাত্মিক চেতনাক সীমাবদ্ধ কৰি ৰাখিব পৰা নাছিল৷ বৰঞ্চ ইছলাম আৰু ভাৰতীয় সনাতন ধর্মৰ মূল আদর্শই কবিগৰাকীক সমানে প্রভাৱিত কৰিছিল৷ প্রকৃত আধ্যাত্মিকতাবাদী ব্যক্তি একোজনৰ বাবে তেনে হোৱাটো খুবেই স্বাভাৱিক৷ ‘জ্ঞানমালিনী’ নামৰ ক্ষুদ্র কলেৱৰৰ কবিতাপুথিখনত যিকেইটি গভীৰ ভাবোদ্দীপক কবিতা সন্নিৱিষ্ট হৈছে, সিবোৰৰ ভিতৰতো ‘বিশ্ব–খনিকৰ’ কবিতাটিৰ আধ্যাত্মিক উচ্চতা অসাধাৰণ৷ এই এটি কবিতাৰেই হাজৰিকাদেৱে আধ্যাত্মিকতাৰ জগতখন অতুলনীয়ভাৱে আলোকিত কৰি তুলিছিল৷ ইয়াৰ মাধ্যমে দার্শনিক কবিগৰাকীৰ চিন্তা–চেতনা তথা জীৱন–বীক্ষাৰ সম্যক আভাস পাব পৰা যায়৷ এজনা বিশ্ব–খনিকৰ আৰু এজনা সৃষ্টিকর্তাৰ ধাৰণা দুটাৰ মাজত এক সূক্ষ্ম পার্থক্য থকা যেন লাগে৷ বিশ্ব–খনিকৰ শব্দই এক চিন্তাশীল মহাজাগতিক সত্তাৰ অস্তিত্বৰ আভাস দিয়ে, যি পৰম সত্তাৰ বিদ্যমানতাৰ উপলব্ধি কবিগৰাকীয়ে জীৱন আৰু জগতৰ প্রতিটো দিশৰ পৰাই আহৰণ কৰিছে৷ প্রসিদ্ধা ভাৰতীয় লেখিকা অমৃতা প্রীতমে এবাৰ এক সাক্ষাৎ–প্রসংগত ব্যক্ত কৰিছিল যে জীৱনৰ প্রতিটো মুহূর্ততে এক পৰম সত্তাৰ অস্তিত্ব অনুভৱ কৰি তেওঁ ৰোমাঞ্চিত হয়৷ এই বিষয়ত মফিজুদ্দিন আহমদ হাজৰিকা আৰু অমৃতা প্রীতমৰ ভাবৰ সাদৃশ্য প্রত্যক্ষ কৰি মই অভিভূত হৈ পৰোঁ৷ পঢ়াশলীয়া দিনৰে পৰা মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ ‘বিশ্ব–খনিকৰ’ কবিতাটো মই কিমানবাৰ পঢ়িছোঁ তাৰ হিচাপ নাই৷ বিশ্বৰ সবাতোকৈ জটিল তত্ত্বটো তেওঁ যি খনিকৰী দক্ষতাৰে প্রাঞ্জল কৰি তুলিছে, যথার্থতে তাৰ উপমা বিচাৰি পোৱা নাযায়৷ মোৰ সুদৃঢ় বিশ্বাস এয়ে যে পৃথিৱীত মানৱ জাতি থাকে মানে আধ্যাত্মিক চিন্তাৰ ধাৰাটো প্রৱাহিত হৈ থাকিব৷ অর্থাৎ এক পৰম সত্তাৰ চৰিত্র সম্বন্ধে জনাৰ মানৱীয় স্পৃহাৰ কাহানিও অন্ত নপৰে৷ এই পাৰমার্থিক চিন্তাৰ পৰম্পৰাটিত ‘বিশ্ব–খনিকৰ’ কবিতাটো হৈ ৰ’ব এক অনন্য সংযোজন৷ কাব্যিক মাপদণ্ডেৰে জুখিলে শব্দচয়নৰ দিশৰ পৰা কিম্বা সমকালীন অসমীয়া জতুৱা ঠাঁচৰ বিৱেচনাৰেও ‘বিশ্ব–খনিকৰ’ এটি অপূর্ব কবিতা৷ কিন্তু সর্বোপৰি ইয়াৰ সুষমা নিহিত আছে দার্শনিক কবিজনাৰ ঈশ্বৰোপলব্ধিৰ অনন্যতাত– যি পৰমার্থ–তত্ত্বৰ কেন্দ্রীয় বিষয়বস্তু৷