সদৌ অসম ছাত্র সন্থাই ড০ নগেন শইকীয়া আৰু ড০ অৰূপ কুমাৰ দত্তক উপদেষ্টাৰূপে লৈ এখন ১৬জন সদস্যৰ পৰামর্শদাতা সমিতি গঠন কৰিছে ৰাজনৈতিক দল গঠনৰ প্রস্তাৱনাৰূপে৷ আছুক আমি আদৰণি জনাইছোঁ৷ যিবোৰ ক্ষুদ্র ৰাজনৈতিক দল ভূমিষ্ঠ হৈছে, সেইসকলকো শুভেচ্ছা জনাইছোঁ৷ কিন্তু এইখিনিতে কৈ থওঁ– সম্প্রতি অসমখন ধোবাই কাপোৰ ধোৱা পাটহে৷ যাৰ যি মন যায়, এই পাটচলাৰ ওপৰত থুকুচিছে৷ সেই কথাও গুণি গম ল’বৰ হ’ল৷ বর্তমান অসমত ৯৮টা জাতীয় সংগঠন আছে৷ বিশ্বৰ আন ঠাইত আছেনে নাই নাজানো৷ কা (আ) কেব হ’ল, সেই সময়ত আছুৰ নেতৃত্বত অসমব্যাপী ৰাজপথত কঁপনি উঠিছিল৷ কিন্তু আন্দোলনবোৰক নৈতিক আৰু সাংস্কৃতিকৰূপে পৰিচালিত হোৱা দেখা নাই কাৰণেই অসমক সর্বোচ্চ আসনত এতিয়াও অধিষ্ঠিত হোৱা দেখা নাই৷ আছুৰ পৰা ৰাজনীতিক বহুত ওলাল, কিন্তু ৰাজনীতিজ্ঞ এজনকো আছুৱে সৃষ্টি কৰিব নোৱৰাটো আছুৰ নেতৃত্বৰ বিফলতা৷ চেৰাশালিৰ পৰা নৈতিক (?) শক্তিৰে বলীয়ানসকলৰ আদর্শ দেখি কনিষ্ঠসকল আজি অনুপ্রাণিত নহয়৷ ইয়াৰ কাৰণটো হ’ল, নৈতিক আৰু সাংস্কৃতিক শক্তিক ছাত্র সমাজে আধাৰ কৰি নল’লে, সৃষ্টিশীল প্রতিভাৰে শক্তিশালী হৈ নল’লে পৃথিৱীত কোনো আন্দোলনেই জনমানসত স্থায়ী আসন লাভ কৰিব নোৱাৰে৷ অসমীয়াৰ আজিৰ বুকুৰ কুটুম আছুৰ পৰা ওলোৱা তথাকথিত নেতা দেখিলোঁ, নেদেখিলোঁ এজনো সেৱক৷ আজি বৰ দুখেৰে ক’ব লগা হৈছে যে বত্তৃণতা দিয়া ছাত্রনেতাই সু–ভাষণো হেৰুৱালে৷ সু–ভাষণৰ অভাৱতবত্তৃণতাৰ চোক কমে৷ ডিঙিৰ সিৰ ফুলাই উদাত্ত ভাষণ দিয়া নেতাৰ চিন্তাৰ চোক কমায় আৰু লগতে কর্মপ্রেৰণা হ্রাস কৰে৷ এইবোৰ বাহ্যাডম্বৰ, ইন্দ্রৰ ভূষণ মেঘাডম্বৰ, অসমীয়া নেতাৰ ভূষণ বাগাডম্বৰ৷
ছাত্র সন্থাই ইতিমধ্যে কেইবাটাও ভুল কৰি আহিছে৷ গোপনীয়ভাৱে অসম চুক্তি স্বাক্ষৰ, ১৯৫১ এৰি ১৯৭১ কৰাটো আছুৰ প্রথম বিশ্বাসঘাতকতা, ইয়াৰ পিছত অগপ সৃষ্টি৷ হোষ্টেলৰ পৰা পোনে পোনে গৈ দিছপুৰত বহা নেতাসকলৰ নবঞ্চিবৰ কন্যা ওঠৰটা মূর্তি হৈ বায়ুকোণত বৰটুপীয়া বৰষুণৰ শব্দৰ দৰে হাতচাপৰি বাই চমৎকাৰী পুৰুষ হৈ মূল উদ্দেশ্যৰ পৰা পিছলি পৰিল৷ সংকল্পৰ শিলিখাত কামুৰিবলৈ নিশিকিলে৷ অসাধ্য সাধন যেন বাজীকৰে কৰে তেনে বৰকৰতি পুথিখন সাতহাত পানীৰ তলৰ পৰা উদ্ধাৰ কৰি ছাত্র–ৰাজনীতিকৰ ডিঙিত মন্ত্রপূত গামোচাখন পিন্ধালে৷ চিংফৌ নাঙলৰ সীৰলুত সোণগুটি গজোৱা ৰাইজে লাহে লাহে অগপৰ চৰিত্র বুজিলে৷ দুটা কার্যকালৰ পিছত ডিঙিত পিন্ধোৱা গামোচাখনে টেঁটু চেপি ধৰিলে৷ এই কালছোৱাত জীৱনৰ নাওখন মেটমৰা কৰিলে নেতাসকলে৷ বোধহয় এনেবোৰ কাৰণতে বোকোচাৰ পৰা ননমা মন্ত্রী অতুল বৰাই অসম চুক্তিক উঁয়ে খোৱা দলিল বুলি ক’বলৈ সাহ কৰিলে৷
এইবাৰ তৃতীয় স্তৰত ছাত্র সন্থা উপনীত হৈছে– নতুন আঞ্চলিক দল কৰাৰ ঘোষণাৰে, উদ্দেশ্যটো ভাল৷ সর্বভাৰতীয় হাতীৰ দপদপনিত দেশী সিংহৰ গোঁজৰণিৰ একান্ত প্রয়োজন৷ কিন্তু সংগঠনটোৱে সাহস, দক্ষতা, যোগ্যতা, দূৰদর্শিতাৰে ক্ষুদ্র স্বার্থৰ বিপৰীতে বৃহৎ স্বার্থ, আৱেগৰ ঠাইত যুক্তিক প্রাধান্য দি ৰাজ্যখনৰ সর্ববৃহৎ স্বার্থ ৰক্ষা কৰিবলৈ প্রতিশ্রুতিবদ্ধ হ’ব লাগিব৷ দেওটো চাই বলিটো দিব পৰাকৈ বৌদ্ধিক চেতনাৰে উদ্বুদ্ধ হ’বই লাগিব৷ তেনেকৈ কাঁইটৰ মূৰৰ কাঁইটটো, সিৰ চাই টোকৰ মাৰিব পৰা কুশাগ্র বুদ্ধি, দৃঢ মনোবলৰ অধিকাৰী হোৱাতকৈ বাকজাল (ফোঁপোলা ভাষণ) বৰটুপীয়া বৰষুণ পৰা দেখি আমি কষ্ট পাইছোঁ৷বত্তৃণতা চিন্তাৰ পোছাক, সেয়ে শালীনতাহীন তর্কযুদ্ধ বা বত্তৃণতা আৱেগময় হ’লেই বাষ্পৰ দৰে উৰি যায়৷ প্রাণশক্তিৰে ভৰপূৰবত্তৃণতাৰ কাষত শ্রোতাৰ অধিক ভিৰ হয়৷ ভাষাৰ উকা কথা এমুঠি, কিন্তু অলংকাৰ ভাব, চিন্তা, নিৰান্নবৈ মুঠি৷ এই কথাৰ লগতে শৰীৰৰ ভাষাও হ’ব লাগিব মার্জিত৷ নহ’লে তেনে বত্তৃণতা সাগৰৰ বুৰণি মাত্র হ’ব৷ ছাত্রনেতাই জাতীয়তাবাদীবা আঞ্চলিকতাবাদী আদর্শলৈ অনুগামীসকলক উত্তৰণ ঘটাব পৰা নাই৷ তৰুণসকলক নৈতিক শক্তিৰে শক্তিশালী কৰি ল’ব নোৱাৰিলে কেৱল নৈতিকতাৰ ৰামনামীবস্ত্র ল’লেই নহ’ব৷ আগলি খাৰণি হেন নহৈ প্রতিভাৰে বিখ্যাত হ’বই লাগিব৷ নহ’লে কঁকালৰ বিষ নাপাহৰা ভোটাৰৰ সমুখত প্রতীতিৰ পতাকাত গাঁঠি লাগিব, উত্তোলিত কিন্তু নহ’ব৷ ৰাজনীতিত পাও দিয়াৰ আগতে বিবেকক ছাত্র সন্থাই প্রথমে প্রশ্ণ কৰক৷ বিবেক চিন্তাৰ আদালত বুলি কোৱা হয়৷ গতিকে ছাত্র সন্থাৰ নেতৃত্বলৈ অনুৰোধ, বাক্ স্বাধীনতাক প্রশ্রয় নিদি ৰুচিসন্মত প্রকাশভংগীৰে ৰাইজৰ কাষ চাপক৷ ছাত্র সন্থাই জন্মলগ্ণৰে পৰা প্রতিবাদী আন্দোলন কৰি আহিছে৷ এনে ৰত্নগর্ভা অতীতলৈ বর্তমানৰ ছাত্রনেতাই মনত পেলাওক৷ অতীতক পর্যবেক্ষণ কৰিবলৈ শিকিলে দ্বিতীয়বাৰ জীয়াই থকাৰ আনন্দও লাভ কৰিব পাৰে৷
বর্তমান আছুৰ নেতৃত্বৰ দুর্বলতাও চকুত পৰা বিধৰ৷ সাধাৰণ নাগৰিক হিচাপে ছাত্র সন্থা মানে বহুতে সভাপতি, সম্পাদক আৰু উপদেষ্টা বুলিয়ে জানে৷ যদি ছাত্র সন্থাই ৰাইজক ভাল পায়, কিন্তু ক্ষমতাৰে নিজৰ হিত চিন্তাতকৈ জনতাৰ হিত চিন্তাৰ বাণীৰে ৰাইজৰ কাষ চাপিব লাগিব৷
যোৱা সংসদীয় নির্বাচনত আছুৱে লোৱা ভূমিকাক জনতা–জনার্দনে কিন্তু পাহৰা নাই৷ ইমান এটা সর্ববৃহৎ আন্দোলনত বিজেপিৰ নেতা কেনেকৈ জিকিল? ছাত্র সন্থাই গুণি গম ল’ব লাগিছিল৷ এই নির্বাচনত ছাত্র সন্থা সম্পূর্ণ পৰাস্ত হ’ল৷ মই অনুৰোধ জনাওঁ– নতুন দল এককভাৱে গঠন কৰি নির্বাচনৰ বৈতৰণী পাৰ হোৱা কঠিন৷ ছাত্র সন্থাই বিশ্বাসযোগ্যতা হেৰুৱাই পেলাইছে৷ অজলাই ভোজ দিয়ে, টেঙৰে খায়৷ এতিয়া সেই দিন নাই৷ বিশ্বাসযোগ্যতা পুনৰ থাপিবলৈ চেষ্টা কৰাৰ লগতে নিজে বিনয়, শিষ্টাচাৰ, নম্রতা অধিগত কৰিবই লাগিব৷ নম্রতাৰ গচকত জ্ঞানেও অধিক পোহৰ দিয়ে৷ অনুষ্ঠানৰ সকলো সজ গুণৰ সুদৃঢ ভেটি নম্রতা৷ ৰাজনীতিলৈ যোৱাৰ আগতে এনে গুণৰ অধিকাৰী হ’বই লাগিব৷ সকলো প্রতিকূল পৰিস্থিতিৰ বিৰুদ্ধে যুঁজি জয়ী হ’বলৈ চেষ্টা কৰিবই লাগে৷ আমি সাধাৰণ নাগৰিক হিচাপে কওঁ– অসমৰ সকলো বিৰোধী দল এতিয়া এক হোৱাৰ সময়৷ সাপ–নেউলৰ সহবাসৰ সময়৷ কংগ্রেছ, এ আই ইউ ডি এফ, অজিত ভূঞা, অৰূপ বৰবৰা, বেচৰকাৰী অগপ, কৃষক মুক্তি, আছু– এক হৈ ৰণকৌশল প্রস্তুত নকৰিলে আঞ্চলিক দলবোৰ কুলাৰ আগৰ তুঁহ হ’ব৷ দ্বিতীয় বিশ্বযুদ্ধত ষ্টেলিন, চার্চিল, ৰুজভেল্ট যদি অক্ষ শক্তি পৰাজয় কৰিবৰ বাবে এক হ’ব পাৰে, ১৯৭৭ চনত বুখাৰী জনসংঘ, ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ যদি ইন্দিৰা গান্ধীৰ বিপক্ষে এক হ’ব পাৰে, তেনেহ’লে সকলো ভেদাভেদ, আদর্শৰ লগত আপোচ কৰি ৰণ জয় কৰিব নোৱাৰিলে ২০২১ৰ নির্বাচনত ড০ হিমন্ত বিশ্ব শর্মাৰ ভৱিষ্যদ্বাণী সফল হ’বই৷ এনেকৈয়ে যোৱা সংসদীয় নির্বাচনত ছাত্র সন্থাৰ শুধবগা চোলাটোত লগা চেকা নাইকিয়া হ’ব৷ আমিও পৰামর্শদাতা সমিতিৰ দায়িত্ব আৰু কর্তব্য বৃদ্ধি হোৱা দেখিবলৈ পাইছোঁ৷ তাক অধিক সক্ষম ৰূপত চাবলৈ আমিবাট চাই ৰ’লোঁ৷