নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন দলত যোগ দিবলৈ সাজু হৈছে অগপ–বিজেপিৰ বিধায়ক

নিয়মীয়া বাৰ্তা, ২৪ আগষ্টঃ আসন্ন বিধানসভা নির্বাচনক কেন্দ্র কৰি প্রতিটো ৰাজনৈতিক দলতে আৰম্ভ হৈছে প্রার্থিত্বকেন্দ্রিক জল্পনা–কল্পনা৷ বহুকেইগৰাকী শাসক–বিৰোধী বিধায়কে প্রার্থিত্ব হেৰুওৱাৰ আশংকাত ভোগাৰ বিপৰীতে নতুন নতুন নেতাই প্রার্থিত্বৰ আশাৰে সমষ্টিসমূহত সোমাই পৰিছে৷ ইয়াৰে সুযোগ গ্রহণৰ বাবে তৎপৰতা আৰম্ভ কৰিছে আছু আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ প্রস্তাৱিত নতুন ৰাজনৈতিক দলটোৱে৷ নতুন দলত যোগ দিবলৈ শাসক–বিৰোধীৰ কেইবাগৰাকীও বিধায়কে ইতিমধ্যে সংগঠন দুটাৰ নেতৃত্বৰ লগত যোগাযোগ আৰম্ভ কৰিছে৷ ইয়াৰ ভিতৰত শাসকীয় দল অগপ–বিজেপিৰো কেইবাগৰাকী বিধায়ক আছে৷

আছু–যুৱ ছাত্র পৰিষদৰ উদ্যোগত জন্ম হ’বলগীয়া নতুন দলটোত যোগ দিবলগীয়া বিধায়কৰ তালিকাত প্রথম শাৰীত আছে দিছপুৰৰ বিধায়ক অতুল বৰা আৰু তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী৷ উল্লেখ্য যে দিছপুৰৰ বিজেপি বিধায়ক অতুল বৰা (জ্যেষ্ঠ) দীর্ঘদিন ধৰি দলৰ ওপৰত অসন্তুষ্ট হৈ আছে৷ বিগত বিধানসভা নির্বাচনত ৰাজ্যৰ ভিতৰতে সর্বাধিক ভোট লাভ কৰি বিজয়ী হোৱা জ্যেষ্ঠ নেতাগৰাকী স্বাভাৱিকতেই মন্ত্রিত্বৰ দাবীদাৰ আছিল৷ আনকি সর্বানন্দ সোণোৱালৰ নাম বিধায়িনী দলৰ নেতা হিচাপে প্রস্তাৱ কৰা বিধায়কগৰাকীয়ে আছিল অতুল বৰা৷ কিন্তু দীর্ঘদিনৰ প্রচেষ্টাৰ পিছতো অতুল বৰাক মন্ত্রীসভাত স্থান দিয়া নহ’ল৷ পাঁচ বছৰীয়া কার্যকালৰ সামৰণি পৰিবলৈ মাত্র কেইটামান মাহ বাকী থকা অৱস্থাতো দিছপুৰৰ বিধায়ক অতুল বৰাক দল আৰু চৰকাৰ কোনো এটা পক্ষই যথোচিত গুৰুত্ব নিদিলে৷ বিক্ষুব্ধ হৈ পৰা বিধায়কগৰাকীয়ে নির্বাচনৰ পূর্বেই আছু–সম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ উদ্যোগত গঠন হ’বলগীয়া দলটোত যোগদান কৰাৰ প্রস্তুতি চলোৱা বুলি জানিব পৰা গৈছে৷ ইফালে, তেজপুৰৰ অগপ বিধায়ক বৃন্দাবন গোস্বামীও সংগঠন দুটাৰ নেতৃত্বৰ লগত সঘন যোগাযোগত আছে৷

অসম গণ পৰিষদত সম্প্রতি নেতৃত্বৰ মাজত চলা বিসম্বাদে গুৰুতৰ ৰূপ লৈছে৷ প্রফুল্ল মহন্ত, বৃন্দাবন গোস্বামী, পবিন্দ্র ডেকাকে ধৰি কেইবাগৰাকীও বিধায়কে নেতৃত্বৰ বিৰুদ্ধে মুকলি অসন্তুষ্টি প্রকাশ কৰিছে৷ প্রফুল্ল মহন্তৰে সভাপতি অতুল বৰাৰ দীঘলীয়া বৈঠক অনুষ্ঠিত হোৱাৰ পিছতো সংঘাতৰ ওৰ পৰাৰ কোনো সম্ভাৱনা দেখা পোৱা নাই৷ কালি সভাপতিৰ তৰফৰ পৰা সত্যব্রত কলিতাক বিধায়ক পবিন্দ্র ডেকাৰ ওচৰলৈ প্রেৰণ কৰা হৈছিল যদিও তাৰো ফলাফল নোলাল৷ এনে প্রেক্ষাপটত অসন্তুষ্ট বিধায়ক বৃন্দাবন গোস্বামীয়ে প্রস্তাৱিত নতুন আঞ্চলিক দলটোত যোগ দিবলৈ সাজু হোৱাৰ খবৰ ওলাইছে৷ ইপিনে পাটাছাৰকুছিৰ বিধায়ক পবিন্দ্র ডেকাই আজি পুনৰ ক্ষোভ প্রকাশ কৰি সংবাদ মাধ্যমৰ আগত কয় যে যোৱা চাৰে চাৰি বছৰত অগপৰ কোনো দাবী বিজেপিয়ে মানি লোৱা দেখা নগ’ল৷ এতিয়াও মানি লোৱাৰ কোনো সম্ভাৱনা নাই৷ গতিকে অহা জানুৱাৰী মাহতহে তেওঁ নির্বাচন সন্দর্ভত চূড়ান্ত সিদ্ধান্ত ল’ব৷ আনহাতে পশ্চিম গুৱাহাটীৰ অগপ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতায়ো ঘোষণা কৰিছে যে অগপৰ দখলত থকা কোনো এটা সমষ্টি বিজেপিক এৰি দিয়াৰ সিদ্ধান্ত মানি লোৱা নহ’ব৷ এনেদৰেই প্রার্থিত্ব আৰু ক্ষমতাকেন্দ্রিক সংঘাতৰ বাবেই অগপ–বিজেপিৰ কেইবাগৰাকীও বর্তমানৰ বিধায়কে নতুন আঞ্চলিক দলত যোগদানৰ বাবে নিজকে সাজু কৰি তুলিছে৷ বিজেপি আৰু অগপৰ মাজত সমষ্টি ভাগ–বাটোৱাৰাৰ আলোচনা আগবঢ়াৰ লগে লগে বিষয়টো অধিক স্পষ্ট হৈ পৰিব৷

You might also like