ৰাজ্যত ২৪ ঘণ্টাত পুনৰ ৮জনৰ মৃত্যু, সংক্রমিত ১২৭২জন
নিয়মীয়া বাৰ্তা, ২৪ আগষ্টঃ ৰাজ্যখনত ঘাতক ক’ভিড–১৯ৰ সংহাৰ দেওবাৰে দিনটোতো অব্যাহত আছে৷ দেওবাৰৰ দিনটোতো ৰাজ্যত মুঠ ৮গৰাকী লোকে ক’ভিডৰ ওচৰত হাৰ মানি প্রাণ হেৰুৱায়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি দেওবাৰে প্রাণ হেৰুওৱা লোকসকল হৈছে– কামৰূপ গ্রাম্যৰ অৰুণ ঠাকুৰীয়া (৬৩), ওমপ্রকাশ শর্মা (৫৬), ডিব্রুগড়ৰ দুর্গা বাহাদুৰ সোণাৰ (৪৮), সুনীল কুমাৰ ফগলা (৮৫), কৰিমগঞ্জৰ ৰঞ্জিত কুমাৰ দত্ত (৭৪), নলবাৰীৰ প্রফুল্ল ডেকা (৫৩), বাক্সাৰ মলাই বসুমতাৰী (৪৮) আৰু হোজাইৰ খগেন পণ্ডিত (৬৫)৷
স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আটাইকেইগৰাকী লোকৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷ ইয়াকে ধৰি এতিয়ালৈ ৰাজ্যখনত ক’ভিডত আক্রান্ত ২৪২গৰাকী লোক মৃত্যুমুখত পৰে৷ আনহাতে ক’ভিডৰ সংক্রমণ কালিৰ দিনটোতো অব্যাহত আছে৷ কালি ৰাজ্যখনত মুঠ ১,২৭২গৰাকী লোক ক’ভিডত আক্রান্ত হয়৷ ইয়াৰে ২৮০গৰাকী গুৱাহাটী মহানগৰীৰ৷ কাছাৰৰ ১৩৪গৰাকী আক্রান্ত হৈছে৷ যোৱা ২৪ ঘণ্টাত মুঠ ১৮,৪৩৫গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ৬.৮৯ শতাংশ৷
দেওবাৰে আক্রান্ত হোৱাসকলৰ মাজত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতি, পত্নীসহ কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌছন, ক’ভিডৰ চিকিৎসা সেৱাৰ সৈতে জড়িত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ দুই ক’ভিড যোদ্ধা ডাঃ মৃণ্ময় বৰুৱা আৰু ডাঃ প্রশান্ত প্রতিম শর্মা অন্যতম৷ সেইদৰে কালিৰ দিনটোত বিভিন্ন হাস্পতালত চিকিৎসাধীন হৈ থকা ৩,২৫৯গৰাকী লোকে হাস্পতালৰ পৰা সুস্থ হৈ ঘৰলৈ উভতে৷ আজিৰ দিনটোলৈ ৰাজ্যখনত মুঠ ৯০,৭৪০গৰাকী লোক ক’ভিডত আক্রান্ত হয় যদিও এতিয়ালৈ ৭০,৯০০গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভতিবলৈ সক্ষম হৈছে৷ বর্তমান ১৯,৫৯৫গৰাকী লোক বিভিন্ন হাস্পতালত চিকিৎসাধীন হৈ আছে৷