লকডাউনত আর্থিক সংকটত জুৰুলা; সদ্যোজাত সন্তানক আনক গতাই পিতৃৰ আত্মহত্যা
নিয়মীয়া বাৰ্তা, ২৪ আগষ্টঃ লকডাউনে বহুতৰ জীৱনলৈ অমানিশা নমাই অনাৰ সময়তে বঙাইগাঁৱত এক মর্মান্তিক ঘটনা সংঘটিত হয়৷ আর্থিক অনাটনৰ বাবে নিজৰ ২৩ দিনীয়া শিশু সন্তানক অইনৰ হাতত তুলি দি দেওবাৰে আত্মহত্যাৰ পথ বাছি ল’লে উত্তম দে’ (৪২) নামৰ এজন লোকে৷ ঘটনাটো সংঘটিত হয় বঙাইগাঁও চহৰৰ উদয় নগৰত৷ চাপাগুৰিত ইলেকট্ৰিক দোকান আছিল উত্তম দে’ নামৰ লোকজনৰ৷
কিন্তু বিগত লকডাউনৰ সময়ছোৱাৰ পৰা দোকান তথা ব্যৱসায় বন্ধ হৈ পৰে উত্তমৰ৷ যাৰ ফলত ক্রমশঃ ঋণত পোত যাবলৈ আৰম্ভ কৰে আৰু হতাশাত ভাগি পৰে উত্তম৷ এগৰাকী ১৪ বছৰীয়া কন্যা সন্তান আৰু ৪ বছৰীয়া পুত্র সন্তান থকা পৰিয়ালটোত প্রায় ২৩ দিন পূর্বে জন্ম হয় আন এটি পুত্র সন্তানৰ৷ লকডাউনৰ প্রভাৱ তথা ব্যৱসায়–বাণিজ্য বন্ধ হৈ থকাৰ সময়ছোৱাত এই নৱজাতক শিশু সন্তানটিক লৈয়ো একপ্রকাৰ বিমোৰত পৰিবলগীয়া হৈছে পৰিয়ালটো৷ আর্থিক সমস্যাৰ বাবে পূর্বৰ দুই সন্তানকে ভালদৰে পোহপাল দিব পৰা নাছিল পিতৃয়ে৷ ইয়াৰে মাজত আন এক সন্তানৰ জন্মত অসহায় হৈ পৰে পিতৃ৷ দুবেলা দুমুঠি খাদ্যৰ বাবেও হাহাকাৰ কৰি থকা পৰিয়ালটোৱে অৱশেষত নিজৰ এই ফুলকুমলীয়া সন্তানটিক গতাই দিয়ে অইন দম্পতীক৷ প্রায় ১৬ দিন পূর্বে অর্থাৎ ৮ দিনৰ এই দেৱশিশু সন্তানটিক গতাই দিয়ে অইন দম্পতীক৷ তথাপি পৰিয়ালটোলৈ নাহিল স্বাভাৱিক জীৱন৷ দিনকদিনে ধাৰৰ বোজা সহিব নোৱাৰা হ’ল পৰিয়ালটোৱে৷
পৰিয়ালৰ মুৰব্বী উত্তমক ঘেৰি ধৰিলে দুশ্চিন্তাই৷ ঋণ দাতাসকলে তাগিদা দিবলৈ আৰম্ভ কৰাত ভয়ত ঘৰৰ পৰা প্রায় বাহিৰত ওলোৱা বন্ধ হ’ল উত্তমৰ৷ এফালে ব্যৱসায়–বাণিজ্য বন্ধ হৈ পৰিল, আনফালে ঋণৰ বোজা৷ এনে পৰিপ্রেক্ষিতত উত্তমে আত্মহত্যাৰ পথ লোৱা বুলি সন্দেহ কৰা হৈছে৷ আজি ঘৰত চিপ লোৱা অৱস্থাত উত্তমৰ মৃতদেহ প্রত্যক্ষ কৰে পৰিয়ালৰ লোকে৷ ইয়াৰ পিছতেই হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয় পৰিয়ালটোৰ মাজত৷ ভাৰাঘৰত থকা পৰিয়ালটোৰ মুৰব্বী তথা উপার্জনৰ একমাত্র গৰাকীজনে এই আত্মহত্যাৰ পথ বাছি লোৱাত পৰিয়ালটোত সকলো ফালেই নামি আহিছে অমানিশা৷