‘ক্ষতিকাৰক’ মিত্রতাক লৈ কংগ্রেছত মহাবিদ্রোহ এআইইউডিএফক নিবিচাৰে উজনি–নামনিৰ বহু কংগ্রেছীয়ে
নিয়মীয়া বাৰ্তা, ২৪ আগষ্টঃ সাংসদ বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰ সৈতে কৰা মিত্রতাক লৈ ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্রেছত আৰম্ভ হৈছে মহাবিদ্রোহ৷ উজনিৰ পৰা নামনিলৈ গৰিষ্ঠসংখ্যক কংগ্রেছ নেতা–কর্মীয়ে এই মিত্রতাক অসমৰ বাবে ক্ষতিকাৰক, কংগ্রেছৰ আত্মঘাতী সিদ্ধান্ত বুলি একমুখে অভিহিত কৰিছে৷ বিজেপিবিৰোধী অন্যান্য গণতান্ত্রিক ধর্মনিৰপেক্ষ ৰাজনৈতিক দল আৰু সংগঠনৰ সৈতে কংগ্রেছে মহাজোঁট গঠন কৰি এআইইউডিএফক অংশীদাৰ হিচাপে ল’লেহে মানি ল’ব বুলি ইতিমধ্যে উজনিৰ কংগ্রেছ নেতৃত্বই স্পষ্ট কৰি দিছে৷ অকল এআইইউডিএফৰ সৈতে মিত্রতা কোনোপধ্যে মানি নোলোৱাৰ প্রকাশ্যে হুংকাৰ দিছে বহু কংগ্রেছ নেতাই৷
বিৰোধী দলপতি দেৱব্রত শইকীয়াই কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাত মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰি কয় যে অকল এআইইউডিএফৰে মিত্রতাৰ তেওঁ পোষকতা নকৰে৷ তদুপৰি কংগ্রেছ যিহেতু হাইকমাণ্ডৰ পৰিচালনাত চলে, সেয়ে মিত্রতা সম্বন্ধে জৰুৰী সিদ্ধান্তত ছীল–মোহৰ হাইকমাণ্ডেহে মাৰিব বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷ শইকীয়াৰ স্পষ্ট বক্তব্য– বিজেপিবিৰোধী সকলো পক্ষকে একত্রিত কৰি তেওঁলোক নির্বাচনত অৱতীর্ণ হোৱাৰ পোষকতা কৰে৷ অকল এআইইউডিএফৰে মিত্রতাৰ পোষকতা নকৰে৷ সেইদৰে কালি নিশা প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ দিছপুৰস্থিত চৰকাৰী বিধায়ক আৱাসত কংগ্রেছ–এআইইউডিএফৰ নেতৃত্বৰ মাজত হোৱা বৈঠক সম্পর্কতো প্রতিক্রিয়া ব্যক্ত কৰি তেওঁ কয় যে সেই বৈঠকলৈ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই তেওঁক আমন্ত্রণ কৰিছিল৷ দলীয় বৈঠক বুলি নিমন্ত্রণ কৰিছিল আৰু সেই অনুসৰি তেওঁ বৈঠকলৈ গৈছিল৷ কিন্তু সেই বৈঠকখনত এআইইউডিএফৰ কেইগৰাকীমান জ্যেষ্ঠ নেতাও উপস্থিত হৈছিল৷ এই বিষয়ে তেওঁ আগতীয়াকৈ একো জনা নাছিল৷ একেদৰে কালি দিনৰ ভাগত গগৈৰ বাসভৱনত একাংশ বিধায়কক লৈ অনুষ্ঠিত বৈঠকখনত তেওঁক আমন্ত্রণ জনোৱা হোৱা নাছিল বুলি জানিবলৈ দি বিৰোধী দলপতি শইকীয়াই কয় যে বৈঠকখন উজনি অসমৰ বিধায়কসকলৰ মাজত হোৱা বুলি কোৱা হৈছে৷ কিন্তু সেই বৈঠকত তেওঁৰ লগতে উজনি অসমৰ বিধায়ক ৰূপজ্যোতি কুর্মী, ৰ’জলীনা তির্কী, দুর্গা ভূমিজ আদি অনুপস্থিত আছিল৷
বিৰোধী দলপতি শইকীয়াৰ এই ভাষ্যত এটা কথাই স্পষ্ট হৈ পৰিছে– প্রদেশ কংগ্রেছৰ মুষ্টিমেয় কেইগৰাকীমান নেতাৰ উদ্যোগতেই লবীকেন্দ্রিক ৰাজনীতিৰ ফলশ্রুতি হিচাপেই কালি আজমলৰ দলৰ সৈতে কংগ্রেছৰ আনুষ্ঠানিক মিত্রতা সম্পন্ন হয়৷ ইপিনে, কংগ্রেছৰ জ্যেষ্ঠ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে আজমলৰে হোৱা মিত্রতাৰ বিৰুদ্ধাচৰণ কৰি কয় যে প্রদেশ কংগ্রেছৰ বর্ধিত কার্যনির্বাহক বৈঠকে ইতিপূর্বে এআইইউডিএফৰে মিত্রতা নকৰাৰ এক প্রস্তাৱ গ্রহণ কৰিছিল৷ সেই বৈঠকত দলৰ ৮০ শতাংশ নেতাই আজমলৰে মিত্রতাৰ বিৰোধিতা কৰাৰ বাবেই লোকসভা নির্বাচনৰ পূর্বেই সেই প্রস্তাৱ গ্রহণ কৰিবলৈ দল বাধ্য হৈছিল৷ কার্যনির্বাহকে গ্রহণ কৰা সেই প্রস্তাৱ পুনৰ কার্যনির্বাহক অনুষ্ঠিত কৰি প্রত্যাহাৰ নকৰাকৈ এআইইউডিএফৰে মিত্রতাৰ সিদ্ধান্ত প্রদেশ কংগ্রেছে কেনেদৰে ল’লে বুলিও তেওঁ প্রশ্ণ উত্থাপন কৰে৷ এআইইউডিএফৰে মিত্রতাৰ সিদ্ধান্ত গ্রহণৰ পূর্বে দলৰ বিধায়ক, সাংসদ, প্রাক্তন বিধায়ক, প্রাক্তন সাংসদকে ধৰি আটাইৰে মতামত গ্রহণ কৰিব লাগিছিল৷ বিধায়ক কুর্মীয়ে কয় যে তেওঁ যুৱচামৰ কণ্ঠ৷ অসমৰ যুৱপ্রজন্মই এআইইউডিএফৰে কংগ্রেছৰ মিত্রতা বিচৰা নাই৷ সেয়ে তেওঁৰ কণ্ঠ মিত্রতাবিৰোধী৷ কোনো পৰিস্থিতিতে তেওঁ এআইইউডিএফৰে মিত্রতা মানি ল’ব নোৱাৰে৷ দলৰ একাংশ নেতাই নিজৰ লাভালাভৰ বাবেহে এইবোৰ কৰিছে৷ দুই–এজন লেবেল মৰা নেতাই মিত্রতাৰ সিদ্ধান্ত ল’ব নোৱাৰে৷ মিচিং, দেউৰী, ৰাভা, কার্বিকে ধৰি জনজাতি আৰু জনগোষ্ঠীয় জনসাধাৰণক কংগ্রেছৰ প্রতি আকৃষ্ট কৰাত নেতৃত্ব চৰমভাৱে ব্যর্থ হোৱাৰো তেওঁ অভিযোগ কৰে৷ গুল আখতাৰা বেগম, শ্বেৰমান আলী আহমেদ আদিকে ধৰি এআইইউডিএফৰ একাংশ নেতাই দল ত্যাগ কৰি কংগ্রেছলৈ অহাৰ উল্লেখ কৰি তেওঁ কয় যে এনে অৱস্থাত এআইইউডিএফৰে দলে কিয় মিত্রতা কৰিবলগীয়া হ’ল? নিজৰ শক্তি বৃদ্ধি নকৰি বর্তমানৰ কংগ্রেছ নেতৃত্বই নকল মাৰি পৰীক্ষা পাছ কৰিব বিচাৰিছে৷ কিন্তু তেওঁলোকে নতুন চাম ভোটাৰ, জনজাতি ভোটাৰৰ আশা–আকাংক্ষা উপলব্ধি কৰিব পৰা নাই৷ অকল আজমলৰে মিত্রতা কৰি চৰকাৰ কৰাৰ সপোন দেখিলে এআইইউডিএফৰহে আসন বৃদ্ধি হ’ব৷ পৰিণতিত কংগ্রেছ শেষ হ’ব৷ নামনি অসমতো বর্তমানৰ বহু কংগ্রেছ নেতাই নিজ নিজ সমষ্টিত যথেষ্ট কষ্টৰে কাম কৰি আহিছে৷ এতিয়া এআইইউডিএফৰে মিত্রতা হ’লে সেইসকল কংগ্রেছ নেতাও ক্ষতিগ্রস্ত হ’ব৷ সেয়ে তেওঁ এতিয়াৰে পৰা এআইইউডিএফৰে মিত্রতাৰ অধিক বিৰোধিতা কৰিব৷ এআইইউডিএফৰে মিত্রতা হ’লে তেওঁ ৰাজনীতি ত্যাগ কৰাকে ধৰি চৰম পন্থা ল’বলৈ বাধ্য হ’ব বুলিও কংগ্রেছ নেতৃত্বক সকীয়াই দিয়ে৷ অনুৰূপ ধৰণে এআইইউডিএফৰে মিত্রতাৰ বিৰোধিতা কৰিছে এআইচিচিৰ সম্পাদক তথা যোৰহাট সমষ্টিৰ প্রাক্তন বিধায়ক ৰাণা গোস্বামীয়ে৷ সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া ব্যক্ত কৰি গোস্বামীয়ে কয় যে প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ বৈঠকত মহাজোঁট গঠনৰহে সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ ক’ৰ কমিটীৰ বৈঠকত বিজেপিবিৰোধী গণতান্ত্রিক, ধর্মনিৰপেক্ষ বিভিন্ন ৰাজনৈতিক দল–সংগঠন, জনগোষ্ঠীয় সংগঠনক লৈ মহাজোঁট গঠনৰ পোষকতা কৰা হয় আৰু দলৰ নেতৃত্বই আটাইৰে সৈতে প্রাৰম্ভিক কথা–বতৰা পাতি আছে৷ এনে অৱস্থাত অকল এআইইউডিএফৰে মিত্রতাৰ তেওঁ দুর্ঘোৰ বিৰোধী৷ কালি দিনৰ ভাগত প্রাক্তন মুখ্যমন্ত্রী গগৈক সাক্ষাৎ কৰি তেওঁ সেই বিষয়ে স্পষ্টভাৱে মতামত প্রকাশ কৰিছে৷ মহাজোঁটৰ অংশীদাৰ আন দলসমূহে এআইইউডিএফক বিচাৰিলেহে আজমলৰ দলৰ সৈতে মিত্রতা হ’ব পাৰে বুলি মন্তব্য কৰি তেওঁ কয় যে তাকে নকৰি অকল এআইইউডিএফৰে মিত্রতা কৰিলে দল লাভান্বিত নহ’ব৷ এআইইউডিএফৰ পৰিৱর্তে আন দলৰ পৰাহে উজনিত কংগ্রেছৰ লাভ হ’ব৷ ইফালে, আজমলৰে কৰা মিত্রতাৰ বিৰুদ্ধে কাইলৈ দিছপুৰৰ নতুন বিধায়ক আৱাসত কংগ্রেছৰ সংখ্যালঘু সম্প্রদায়ৰ প্রাক্তন সাংসদ, প্রাক্তন মন্ত্রী, প্রাক্তন বিধায়কসকলৰ এখন বৈঠক অনুষ্ঠিত হ’ব৷
মাইন’ৰিটী ছিনিয়ৰ কংগ্রেছ লীডার্ছ টীমৰ বেনাৰত হ’বলগীয়া গুৰুত্বপূর্ণ বৈঠকত এআইইউডিএফৰে মিত্রতাৰ বিৰুদ্ধাচৰণ কৰি আনুষ্ঠানিকভাৱে হাইকমাণ্ডক অৱগত কৰাৰ লগতে তেওঁলোকৰ প্রস্তাৱৰ প্রতি যদিহে সঁহাৰি লাভ নকৰে, তেতিয়া হ’লে চৰম বিকল্প পথ লোৱাৰ সিদ্ধান্ত গ্রহণ কৰিব বুলি কংগ্রেছৰ এক সূত্রৰ পৰা জানিব পৰা গৈছে৷ মুঠতে আজমলৰে কৰা মিত্রতাক লৈ উজনিৰ পৰা নামনিলৈ কংগ্রেছত উদ্ভৱ হৈছে মহাবিদ্রোহ৷ কংগ্রেছত শেহতীয়াকৈ সূচনা হোৱা এনে বিদ্রোহত একপ্রকাৰ থৰকাছুটি হেৰুৱাইছে প্রদেশ কংগ্রেছৰ নেতৃত্বই৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই যাৰ বাবে আজমলৰে মিত্রতা এতিয়াও চূড়ান্ত হ’বলৈ বহুদূৰ বাকী বুলি সংবাদ মাধ্যমৰ আগত অতি কৌশলী মন্তব্য কৰিবলৈ বাধ্য হৈছে৷ আজি সন্ধিয়াৰ ভাগত প্রদেশ কংগ্রেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ ড০ ভগীৰথ কৰণে এখন সংবাদ মেলত কংগ্রেছৰ এতিয়ালৈ কাৰো লগত মিত্রতা হোৱা নাই বুলি মন্তব্য কৰি কয় যে দলে আসন্ন বিধানসভা নির্বাচনৰ বাবে মহাজোঁট গঠনৰ দিশত আগবাঢ়িছে৷ বর্তমান প্রাৰম্ভিক আলোচনা চলি আছে৷ সেই মহাজোঁটত চিপিআই, চিপিআই (এম), এইচএছডিচি আদিও আছে৷ কিন্তু এতিয়ালৈ কাৰো সৈতে মিত্রতাৰ চূড়ান্ত সিদ্ধান্ত হোৱা নাই৷ সভাপতি বৰাকে ধৰি প্রদেশ কংগ্রেছৰ এনে কৌশলী ব্যাখ্যাত দলৰ বিদ্রোহী নেতাসকল কিমান পতিয়ন যায়, সেয়া সময়তহে ক’ব পৰা যাব৷