পানী খোৱাৰ নিয়ম
• শৰীৰৰ মুঠ ওজনৰ প্রায় দুই–তৃতীয়াংশ অর্থাৎ ৬০ শতাংশ পানী৷ ইয়াৰে মাত্র দুই শতাংশ কমিলেই ডিহাইড্রেচন হ’ব পাৰে৷
• মুখ, নাক, গলৰ ভিতৰ অংশ, হাঁওফাঁও, শ্বাসতন্ত্র, পাচন প্রণালী, মগজু, হূদপিণ্ড, গাঁঠি, মাংসপেশী, ৰক্ত, লেলাউটিৰ লগতে পাচন ক্রিয়াত পানীৰ পৰিমাণ কমিলে শৰীৰত বিৰূপ প্রতিক্রিয়া হ’ব পাৰে৷
• প্রস্রাৱৰ যোগেদি দৈনিক প্রায় ১.৫ লিটাৰ পানী শৰীৰৰ পৰা ওলাই যায়৷
• ঘাম, শ্বাস–প্রশ্বাস আৰু শৌচত দৈনিক প্রায় এক লিটাৰ পানী শৰীৰৰ পৰা ওলাই যায়৷ সেয়ে খাদ্যৰ পানী অংশৰ উপৰি দৈনিক আঠ গিলাচ (দুই লিটাৰ) পানী খাব পাৰিলে ভাল৷
• আপুনি দৈনিক কিমান পানী খাব, সেইটো নির্ভৰ কৰিব আপোনাৰ খাদ্যৰ পৰিমাণ, স্বাস্থ্য, দৈনন্দিন কাম–কাজ আৰু স্থানীয় জলবায়ুৰ উত্তাপৰ ওপৰত৷
• শীতকালতকৈ জহকালত পানী অধিক খাব লাগে৷
• পানী বিশুদ্ধ হ’ব লাগে৷ সাধাৰণ পানীত ৰাসায়নিক পদার্থ, গধুৰ ধাতু অথবা ৰোগৰ বীজাণু থাকিব পাৰে৷ সেয়ে খোৱাপানী শোধন কৰি খাব লাগে৷
• সাধাৰণ পদ্ধতিত উতলাই পানীত থকা ৰোগৰ বীজাণু ধ্বংস কৰিব পাৰি৷ গধুৰ ধাতুও শোধন কৰিব পাৰি৷
• ধীৰে–সুস্থিৰে বহি লৈ পানী খাব৷
• ঢ়ক ঢ়ককৈ নহয়, বৰং ক্ষন্তেক মুখত ৰাখিহে পানী খাব লাগে৷
• অতি শীতল পানী অলপ তপতাই ল’লে ভাল৷
• যিকোনো শাৰীৰিক পৰিশ্রমৰ পিছত পানী খোৱাৰ অভ্যাস কৰক৷
• শুকান বতৰ আৰু শুকান অঞ্চলত বাস কৰিলে মাজে মাজে পানী খোৱাৰ অভ্যাস কৰক৷
• বিমান যাত্রাত বা পর্বতাৰোহণৰ সময়ত মাজে মাজে পানী নাখালে ডিহাইড্রেচন হ’ব পাৰে৷
• গৰমৰ দিনত বা গৰম পৰিৱেশত শিশুৰ সহজেই ডিহাইড্রেচন হয়৷ গতিকে কম কমকৈ বাৰে বাৰে পানী খুৱাই থাকিব লাগে৷
• জ্বৰ হ’লে বা আন কাৰণত শৰীৰৰ পৰা অধিক ঘাম বাহিৰ হ’লে পর্যাপ্ত পৰিমাণে পানী খাওক৷
• অতিসাৰ বা হাগনি আৰু কলেৰা ৰোগত শৰীৰৰ পৰা পানী ওলাই যোৱাৰ ফলত ৰোগী মৃত্যুমুখত পৰিব পাৰে৷ তেনেক্ষেত্রত সামান্য নিমখ–চেনি মিহলোৱা পানী খাব লাগে৷
• দুর্ঘটনাত অধিক ৰক্তক্ষৰণ হ’লে চিকিৎসালয় নোপোৱালৈকে ৰোগীক অলপ অলপকৈ পানী খুৱাই থাকিব লাগে৷
• খাদ্য আৰু পানী সুকীয়াকৈ গ্রহণ কৰিব৷ ভাত কোৱাৰ আধাঘণ্টা আগতে আৰু দুঘণ্টা পিছত পানী খালে ভাল৷ ভাতৰ লগত পানী খোৱা অনুচিত৷ ভাত খাই এঘণ্টামানৰ পিছতহে পানী খাব লাগে৷
• বজাৰৰ শীতল পানীয়তকৈ বিশুদ্ধ পানী, ডাবৰ পানী, ফলৰ ৰস অতি উত্তম৷