নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্রে কেন্দ্রলৈ প্রেৰণ কৰিব ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্রতিবেদন

নিয়মীয়া বাৰ্তা, ৩০ আগষ্টঃ ৰাজ্য চৰকাৰে অতি কম দিনৰ ভিতৰতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সংক্রান্তত মন্ত্রীগোটৰ প্রতিবেদন কেন্দ্রীয় চৰকাৰলৈ প্রেৰণ কৰিব৷ মৰাণ জনগোষ্ঠীৰ বাবে ইতিপূর্বে ঘোষণা কৰা স্বায়ত্তশাসিত পৰিষদখনকো শীঘ্রে কার্যকৰী ৰূপ প্রদান কৰা হ’ব তথা অচিৰেই জনগোষ্ঠীটোৰ এখন বুৰঞ্জী প্রকাশ পাব৷

মৰাণ জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ প্রতিনিধি দলে সাক্ষাৎ কৰাৰ সময়ত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি এই কথা সদৰী কৰে৷ মহানগৰীৰ খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত জনগোষ্ঠীটোৰ প্রতিনিধিবর্গৰ সৈতে অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্রী সোণোৱালে কয় যে ৰাজ্য চৰকাৰে মৰাণ জনগোষ্ঠীৰ সমস্যাসমূহ সমাধানৰ বাবে নিষ্ঠাৰে পদক্ষেপ চলাই আহিছে৷ জনগোষ্ঠীটোৰ দীর্ঘদিনীয়া দাবীবোৰ তৎপৰতাৰে ইতিবাচক দৃষ্টিভংগীৰে সমাধানৰ বাবে আগুৱাই নিছে৷

জনজাতিকৰণ সম্পর্কত মুখ্যমন্ত্রী সোণোৱালে কয় যে ৰাজ্য চৰকাৰে এই বিষয়টোত নেৰানেপেৰাকৈ লাগি আছে৷ কেন্দ্রীয় চৰকাৰৰ নির্দেশত ৰাজ্য চৰকাৰে মন্ত্রীগোট গঠন কৰাৰ প্রসংগ উত্থাপন কৰি তেওঁ পুনৰ কয় যে এই মন্ত্রীগোটে ৰাজ্যখনত বর্তমানে থকা জনজাতিসমূহৰ লগতে আন জনগোষ্ঠীসমূহৰ লগত আলোচনাত মিলিত হৈছে৷ বর্তমানে থকা জনজাতিসমূহৰ স্বার্থ আৰু অধিকাৰ বিঘ্ণিত নোহোৱাকৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ অংশ হিচাপে মন্ত্রীগোটে শীঘ্রে প্রতিবেদন দাখিল কৰিব আৰু ৰাজ্য চৰকাৰে সেই প্রতিবেদন কেন্দ্রীয় চৰকাৰলৈ প্রেৰণ কৰিব৷

শৈক্ষিক আৰু আর্থ–সামাজিক দিশত মৰাণ জনগোষ্ঠী বহু পিছপৰি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে জনগোষ্ঠীটোক সকলো দিশতে আগুৱাই নিবলৈ এক সাংবিধানিক ব্যৱস্থাৰ প্রয়োজন আছিল৷ এই কথা গভীৰভাৱে উপলব্ধি কৰি ৰাজ্য চৰকাৰে জনগোষ্ঠীটোৰ বাবে স্বায়ত্তশাসিত পৰিষদ গঠনৰ ব্যৱস্থা হাতত লৈছে আৰু কম দিনৰ ভিতৰতে এই পদক্ষেপে কার্যকৰী ৰূপ লাভ কৰিব৷

ৰাজ্যৰ সৰু–বৰ সকলো জাতি–জনগোষ্ঠীক নিষ্ঠাৰে আগুৱাই নিবলৈ ৰাজ্য চৰকাৰে কাম কৰিছে৷ এই কথা উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে মৰাণ জনগোষ্ঠীৰ বুৰঞ্জী প্রণয়নৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে যি পদক্ষেপ হাতত লৈছে, তাৰ ফলস্বৰূপে প্রকাশ পাবলগীয়া বুৰঞ্জীখনে জাতিটোৰ উদ্যম, সাহস আৰু নির্ভীকতা জনমানসত ফুটাই তোলাৰ উপৰি এই বুৰঞ্জীখন ৰাজ্যৰ সাহিত্য ক্ষেত্রখনত উল্লেখযোগ্য সংযোজন হ’ব৷ মুখ্যমন্ত্রী সোণোৱালে জনগোষ্ঠীটোৰ সর্বাংগীণ বিকাশৰ বাবে ৰাজ্য চৰকাৰে ১২৫ কোটি টকা ব্যয়সাপেক্ষে ৰূপায়ণ কৰিবলগীয়া প্রকল্পৰ উপৰি আন বিভিন্ন সমস্যা সমাধানৰ দিশত যথোচিত পদক্ষেপ গ্রহণ কৰা হ’ব বুলি কয়৷

মৰাণ জনগোষ্ঠীৰ প্রতিনিধিসকলে বৈঠকত মুখ্যমন্ত্রী সোণোৱালক বিভিন্ন দাবী সম্বলিত এখন স্মাৰক–পত্রও প্রদান কৰে৷ প্রতিনিধিসকলে জনগোষ্ঠীটোৰ জনজাতিকৰণৰ দিশত ৰাজ্য চৰকাৰে গ্রহণ কৰা পদক্ষেপৰ শলাগ লয় তথা মন্ত্রীগোটৰ প্রতিবেদন কম সময়ৰ ভিতৰতে দাখিল কৰাৰ বাবে অনুৰোধ জনায়৷ স্বায়ত্তশাসিত পৰিষদ গঠনৰ দিশতো শীঘ্রে কার্যকৰী ব্যৱস্থা ল’বলৈ প্রতিনিধিসকলে মুখ্যমন্ত্রীক অনুৰোধ জনোৱাৰ উপৰি জনগোষ্ঠীটোৰ আর্থ–সামাজিক আৰু শৈক্ষিক বিকাশ সংক্রান্তীয় বিভিন্ন বিষয় উত্থাপন কৰে৷

এই বৈঠকতে তিনিচুকীয়াৰ বাঘজান মিলনজ্যোতি সংঘৰ এটা প্রতিনিধি দলে এখন স্মাৰক–পত্র প্রদান কৰি বাঘজান গেছ কূপৰ অগ্ণিসংযোগৰ ফলত ক্ষতিগ্রস্ত লোকসকলৰ ক্ষতিপূৰণকে ধৰি অগ্ণি নির্বাপণৰ ক্ষেত্রত দ্রুততাৰে পদক্ষেপ গ্রহণ কৰাৰ বাবে মুখ্যমন্ত্রী সোণোৱালক অনুৰোধ জনায়৷ প্রতিনিধি দলটোৱে জনোৱা অনুৰোধৰ প্রতি সঁহাৰি জনাই মুখ্যমন্ত্রী সোণোৱালে ক্ষতিপূৰণকে ধৰি গেছ কূপৰ অগ্ণি নির্বাপণৰ ক্ষেত্রত অইল কর্তৃপক্ষৰ সৈতে বার্তালাপ কৰি শীঘ্রে বিষয় দুটাৰ মীমাংসা কৰা হ’ব বুলিও কয়৷

এই বৈঠকত সাংস্কৃতিক পৰিক্রমা দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্র) মন্ত্রী নৱ কুমাৰ দলে, মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামী, শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়া, অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী মহাপৰিদর্শক হীৰেন নাথ, মুখ্যমন্ত্রীৰ প্রধান সচিব সঞ্জয় লোহিয়া, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্রেণী কল্যাণ বিভাগৰ আয়ুক্ত সচিব ড০ এম অংগমুথু, ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া, সদৌ মৰাণ ছাত্র সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণ প্রমুখ্যে জনগোষ্ঠীটোৰ বিভিন্ন সংগঠনৰ নেতৃবৃন্দ উপস্থিত থাকে৷

You might also like