নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম বিধানসভাৰ অধিবেশনত বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ প্ৰস্তাৱ অনুমোদন হোৱাৰ কামনাৰে চিমেন চাপৰিত ইউবিপিঅৰ বন্তি প্ৰজ্বনল

নিয়মীয়া বাৰ্তা, ৩০ আগষ্টঃ শেহতীয়া বড়ো চুক্তি বিটিআৰৰ পাঁচ নং ধাৰাৰ অধীনত অসমৰ বিটিএডিৰ বাহিৰৰ বড়ো সকলৰ বাবে বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ কামনাৰে আজি সংযুক্ত বড়ো গণ মঞ্চ(ইউবিপিঅ)ৰ উদ্যোগত চিমেন চাপৰিত বন্তি প্ৰজ্বনল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সংযুক্ত বড়ো গণ মঞ্চৰ ধেমাজি জিলা সমিতি, পূৱ সানজাৰি আঞ্চলিক আৰু পশ্চিম সানজাৰি আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত সানজাৰি নৌগৌৰৰ চিমেন চাপৰিস্থিত ধেমাজি জিলা সংযুক্ত বড়ো গণ মঞ্চৰ কাকাৰ্য্যালয়ত সন্ধিয়া এশগচি বন্তি প্ৰজ্বনলনেৰে ৰূপায়ণ কৰা হয় এই কাৰ্য্যসূচী। উল্লেখ্য যে এটা দশক ধৰি সংযুক্ত বড়ো গণ মঞ্চৰ লগতে বিটিএডিৰ বাহিৰৰ বিভিন্ন বড়ো সংগঠনে বিটিএডিৰ বাহিৰৰ অসমৰ একৈশখন জিলাত বসবাস কৰা দহ লক্ষ্যাধিক বড়ো জনগণৰ ৰাজনৈতিক, আৰ্থ-সামাজিক, শৈক্ষিক, সাংস্কৃতিক, ভূমিৰ অধিকাৰ সাৰ্ব্যস্তকৰণৰ দাবীৰে বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবী জনাই আহিছে। বিগত তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ কেবিনেটত গৃহীত কৰাৰ উপৰি বৰ্তমানৰ বিজেপি নেতৃত্বৰ মিত্ৰজোঁটৰ চৰকাৰখনেও এই প্ৰস্তাৱত অনুমোদন জনোৱা বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবীটো ২৭ জানুৱাৰী,২০২০
তাৰিখে নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, এনডিএফবিৰ চাৰিওটা গোট, এবছু আৰু ইউবিপিঅৰ মাজত সম্পাদিত হোৱা বিটিআৰ চুক্তিটো অন্তভুৰ্ক্ত হৈছে।শেহতীয়া বড়ো চুক্তি বিটিআৰৰ পাঁচ নং ধাৰাৰ অধীনত অহা কাইলৈৰ পৰা অনুষ্ঠিত হবলগা অসম বিধানসভাৰ অধিবেশনত প্ৰস্তাৱিত বড়ো কছাৰী স্বায়ত্ত শাসিত পৰিষদ গঠনৰ প্ৰক্ৰিয়াত অনুমোদনৰ লক্ষ্যৰে আজি বন্তি প্ৰজ্বনল কাৰ্যসূচী ৰূপায়ণ কৰে বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰী সংগঠন ইউবিপিঅই। আজিৰ অনুষ্ঠানত ইউবিপিঅৰ কাৰ্য্যকৰী সদস্যা প্ৰাণজিতা বসুমতাৰী, ধেমাজি জিলা ইউবিপিঅৰ উপ সভাপতি জোনাৰাম ব্ৰহ্ম, চাঞ্চুমা বসুমতাৰী, সাধাৰণ সম্পাদক দিপাঙ্কৰ নাৰ্জাৰী,
সম্পাদক প্ৰদীপ ৰামচিয়াৰী,
কোষাধ্যক্ষ ৰবিন বড়ো, পূব সানজাৰি নৌগৌৰ আঞ্চলিক সমিতিৰ সভাপতি ৰাজু বসুমতাৰী, সাধাৰণ সম্পাদক মনোজ বসুমতাৰী, পশ্চিম সানজাৰি নৌগৌৰ আঞ্চলিক সমিতিৰ সভাপতি অনিল বড়ো, সাধাৰণ সম্পাদক দৈমালু বসুমতাৰী প্ৰমুখ্যে বহু সংখ্যক নেতা-কৰ্মীয়ে সহযোগ কৰে।

You might also like