প্ৰতিবন্ধীৰ সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ তৰফৰ পৰা সমাজ কল্যাণ মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান
নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ আজি বিধানসভাৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিন। আজিৰ অধিৱেশনৰ প্ৰথম দিনাই প্ৰতিবন্ধীসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ হকে কাম কৰাৰ বাবে জন্মলাভ কৰা প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মক এক স্মাৰক পত্ৰ প্ৰদান কৰে। এই সম্পৰ্কে প্ৰতিবন্ধী সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে।
স্মাৰক পত্ৰত উল্লেখ কৰা দাবী সমূহ হৈছেঃ
১. দীনদয়াল দিব্য়াংগ আচনিৰ ধন ১০০০/ৰ পৰিৱৰ্তে ৩০০০/ টকা আৰু প্ৰতিমাহে নিয়মীয়ৈকৈ এই ধন দিয়াৰ ব্যৱস্থা কৰা।
২.ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিবন্ধী লোকসকলৰ সুবিধা হোৱাকৈ সন্থাই দাবী জনাই অহা গুৱাহাটীত জিৰণি গৃহটিৰ শীঘ্ৰে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা ।
৩. ঘোষণা হোৱা প্ৰতিবন্ধী বিশেষ সঞ্চালকালয় স্থাপন কৰা।
৪.প্ৰতিবন্ধী শিক্ষানুস্থানসমূহ পুঁজি যোগানৰ লগতে গুৱাহাটীত স্থাপন হোৱা দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়খন অহা ১ মাহৰ ভিতৰত চৰকাৰীকৰণ কৰা।
৫.লকডাউনৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ঘোষণা কৰা ধনৰাশি প্ৰতিবন্ধীসকলক শীঘ্ৰে আদায়ৰ ব্যৱস্থা কৰা।
৬.ৰাজ্যচৰকাৰে ইতিমধ্য়ে ঘোষণা কৰা অনুসৰি চৰকাৰৰ বিভিন্ন বিভাগত বেকলগ হিচাপে থকা ৪৪১৯টা পদত শীঘ্ৰে নিযুক্তিৰ ব্যৱস্থা গ্ৰহণৰ লগতে প্ৰতিটো বিভাগতে নতুনকৈ হ’বলগীয়া নিযুক্তিসমূহক প্ৰতিবন্ধী আইন ২০১৬ অনুসৰি প্ৰতিবন্ধীসকলৰ বাবে ৪% পদ সংৰক্ষণ কৰি নিযুক্তিৰ ব্যৱস্থা কৰা।
আনহাতে সম্পাদক গৰাকীয়ে এই দাবী সমূহ পূৰণ নহলে শীঘ্ৰেই গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।