নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত নৱনিযুক্ত ভাৰতীয় জনতা দলৰ মুখপাত্ৰ অশ্বিনী পাইতক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ আজি জোনাইত ভাৰতীয় জনতা দলে এক দলীয় সভাৰ আয়োজন কৰি নৱনিযুক্ত মুখপাত্ৰ অশ্বিনী পাইতক সম্বৰ্ধনা জনায়৷ পূব জোনাই মণ্ডলৰ নিজা কাৰ্যালয়ত সভাপতি আদিত্য বৰুৱাৰ সভাপতিত্বত শতাধিক কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত এই সভাত মুখপাত্ৰজনক দলীয় কৰ্ময়ে সম্বৰ্ধনা জনোৱাৰ লগতে বিজেপিত কংগ্ৰেছ আৰু গণশক্তি দলৰ কেইবাজনো কৰ্মীয়ে যোগদান কৰে৷

আজিৰ সভাত বিজেপি দলত যোগদান কৰাসকল হ’ল কংগ্ৰেছ দলৰ মাইকেল পেগু, চিগা পঞ্চায়ত গণশক্তি দলৰ কুঞ্জলতা দলে, টুটুমণি দলে, অপৰাজিতা পেগু,কনকলতা পেগু, জোনমণি পেগু, ৰিকিমাই পেগু, পুলপুলি পেগু, জিমি দলে, নিভাৰাণী কুটুম,হীৰকজ্যোতি দলে৷

আজিৰ এই সভাত বিজেপিৰ মুখপাত্ৰজনে জোনাইত গণশক্তি আৰু ভাৰতীয় জনতা পাৰ্টিৰ স’তে থকা মিত্ৰতাক লৈ আক্ষেপ কৰে৷ অহা নিৰ্বাচনত এই মিত্ৰতাক লৈ চিন্তা কৰিব লাগিব বুলি ৰাজ্যিক মুখপাত্ৰজনে মন্তব্য কৰে৷

ভাৰতীয় জনতা দল কাৰো ব্যক্তিগত সম্পত্তি নহয় বুলি কয়৷ সকলো কৰ্মীৰে ইয়াত সম অধিকাৰ আছে বুলি কয়৷ লগতে জোনাই সমষ্টিৰ বিধায়ক ভুবন পেগুক তীব্ৰ সমালোচনা কৰে৷ জোনাই অঞ্চল পিছপৰি থকা আৰু সমস্যা মূলত গণশক্তি দল বুলি দলটোক কটাক্ষ কৰে৷ সংবাদ মাধ্যমৰ স’তে পৰিচিত নোহোবা বাবে তেওঁ যোৱা দুবাৰ নিৰ্বাচনত পৰাজিত হোবাৰ অন্যতম কাৰণ বুলি আক্ষেপ কৰে৷

সভাত উপস্থিত থাকে আৰ্টফেডৰ উপাধ্যক্ষ ৰূপা কামান , পশ্চিম জোনাই মণ্ডলৰ সভাপতি শিব কুমাৰ দলে, বিজেপি কৰ্মী মাধৱ মুছাহাৰী, যুৱতী দলে, প্ৰণৱ টায়ে, দিলীপ দলে লগতে বহু শতাধিক কৰ্মচাৰী আৰু জ্যেষ্ঠ নেতৃত্ব৷

You might also like