টাইপাৰ টিপাম শাখা সমিতি গঠন, চ্যাওলুং চ্যুকাফাৰ আদৰ্শক জীয়াই ৰখাৰ সংকল্প
নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ তাই আহোম যুৱ পৰিষদ, অসমৰ ভাদৈ আঞ্চলিক সমিতিৰ উদ্যোগত আজি ঐতিহাসিক টিপাম বুঢ়া ডাঙৰীয়া থান প্ৰাংগণত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ সমাজকৰ্মী বাবুল চেতিয়াৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত উদ্দেশ্য ব্যাখ্যা আগবঢ়াই টাইপাৰ ভাদৈ আঞ্চলিক সমিতিৰ সম্পাদক হেমন্ত গগৈয়ে ৷ সভাত সৰ্বসন্মতিক্ৰমে ভাস্কৰ গগৈক সভাপতি আৰু সত্যজিত ফুকনক সম্পাদক হিচাপে লৈ টাইপাৰ ৩১ জনীয়া টিপাম শাখা সমিতিখন গঠন কৰা হয় ৷
চ্যাওলুং চ্যুকাফাৰ আদৰ্শক জীয়াই ৰখা, টাইপাৰ লক্ষ্য আৰু উদ্দেশ্যক আগত ৰাখি সমাজৰ সৰ্বাংগীণ বিকাশ তথা টিপামলৈ অহা পৰ্যটকৰ আদৰাৰ ক্ষেত্ৰত নবনিৰ্বাচিত সমিতিখনে আগভাগ লোৱাৰ সংকল্প গ্ৰহণ কৰে ৷ সভাত টাইপাৰ উপদেষ্টা ৰঞ্জিত গগৈ, টাইপাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক মানস প্ৰতিম গগৈ, নাহৰকটীয়া মহকুমা সমিতিৰ যুটীয়া সম্পাদক ননী কোঁৱৰ, ভাদৈ আঞ্চলিক সমিতিৰ সভাপতি ভবেন হাজৰিকা, দুলীয়াজান আঞ্চলিক সমিতিৰ সম্পাদক সঞ্জয় বৰফুকন উপস্থিত থাকি সাংগঠনিক বক্তব্য আগবঢ়ায়।