মৰিগাঁৱত বিকলাংগ সন্থাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ
নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ সদৌ অসম বিকলাংগ সন্থাৰ আহ্বান মৰ্মে মৰিগাঁও জিলা বিকলাংগ সন্থাই আজি সংগঠনটোৰ এলানি দাবীৰ সমৰ্থনত মৰিগাঁও জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। এই স্মাৰকপত্ৰত ৰাজ্য চৰকাৰে বিকলাংগসকলক কৰি অহা বঞ্চনাৰ বাবে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। লগতে এই স্মাৰকপত্ৰত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত বাকী থকা বেকলগ পদসমূহ বিভিন্ন বিভাগৰ পৰা সংগ্ৰহ কৰি অতি শীঘ্ৰে নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু স্থগিত কৰি ৰখা পদসমূহৰ সাক্ষাৎকাৰ অতি শীঘ্ৰে সম্পন্ন কৰি নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। স্মাৰকপত্ৰখনত লগতে দিব্যাংগসকলৰ পৰিস্থিতি তথা স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মাহিলি ভাট্টা ১০০০ টকাৰ পৰিৱৰ্তে ১০,০০০ টকা ধাৰ্য কৰিবলৈ, দিব্যাংগসকলৰ বাবে সুকীয়া সঞ্চালকালয় স্থাপন কৰিবলৈ, দিব্যাংগসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য যোজনাৰ কাৰ্ড অথবা ইউ ডি আই ডি কাৰ্ড শীঘ্ৰে প্ৰদান কৰিবলৈ, দিব্যাংগসকলক আয়কৰ আৰু জি এছ টিৰ আওতাৰ বাহিৰত ৰাখিবলৈ, দিব্যাংগ সকলৰ বাবে গুৱাহাটী মহানগৰত এটি জিৰণী ভৱন নিৰ্মাণ কৰিবলৈ, দিব্যাংগসকলৰ আত্মসংস্থাপনৰ বাবে ৩ শতাংশ সুদৰ হাৰত ঋণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু বিধানসভাৰ মজিয়াত দিব্যাংগ ব্যক্তিৰ বাবে ৩ শতাংশ আসন সংৰক্ষণ কৰিবলৈ দাবী জনায়। আজিৰ এই স্মাৰকপত্ৰ প্ৰেৰণ কাৰ্যসূচীত জিলাখনৰ প্ৰায় ৪০ গৰাকী দিব্যাংগ ব্যক্তি উপস্থিত থাকে। কাৰ্যসূচীটোৰ নেতৃত্ব দিয়ে মৰিগাঁও জিলা বিকলাংগ সন্থাৰ সভাপতি লীলাধৰ শইকীয়া আৰু সম্পাদক ভোগধৰ দাসে।