চামগুৰিৰ কাৱৈমাৰীত গাঁওসভাত কংগ্ৰেছ-বিজেপিৰ খণ্ডযুদ্ধ, সভাগৃহ লণ্ডভণ্ড
নিয়মীয়া বাৰ্তা,১ ছেপ্টেম্বৰঃ আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, সিমানেই নগাঁও জিলাৰ চামগুৰি সমষ্টিত ৰাজনৈতিক বতাহ গৰম হোৱা পৰিলক্ষিত হৈছে৷ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ গৃহ সমষ্টি চামগুৰিৰ কাৱৈমাৰী গাঁও পঞ্চায়তত আজি অনুষ্ঠিত হোৱা এখন গাঁও সভাক কেন্দ্ৰ কৰিয়েই বিজেপি আৰু কংগ্ৰেছৰ দলীয় কৰ্মীৰ মাজত খণ্ডযুদ্ধৰ সূত্ৰপাত ঘটে। পাছত কাৱৈমাৰী আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, এগৰাকী গৰ্ভৱতী মহিলাক বহিবলৈ দিয়া এখন চকীক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু বিজেপি কৰ্মীসকলৰ মাজত খণ্ডযুদ্ধ হয়। দুয়ো ফৈদৰ মাজত সৃষ্টি হোৱা সংঘাতৰ ফলত কাৱৈমাৰী গাঁও পঞ্চায়তৰ সভাগৃহৰ বহু সংখ্যক চকী ভাঙি লণ্ডভণ্ড কৰে দুয়ো দলৰ কৰ্মী সমৰ্থকসকলে৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী এটা আৰক্ষী দলসহ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে৷ আনহাতে উক্ত ঘটনাত কোনো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নাই বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে গাঁওসভাখনত এগৰাকী মহিলাক বহিবলৈ এখন চকী প্ৰদান কৰাক কেন্দ্ৰ কৰি কেইজনমান কংগ্ৰেছীয়ে আপোচ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপি কৰ্মী-সমৰ্থকে, যাক কেন্দ্ৰ কৰি সূত্ৰপাত হৈছিল দুয়ো পক্ষৰ মাজত কাজিয়াৰ। ইফালে সভাখনত উপস্থিত থকা একাংশ বিজেপি কৰ্মী-সমৰ্থকৰ অপব্যৱহাৰক কেন্দ্ৰ কৰিহে কাজিয়াৰ সূত্ৰপাত হোৱাৰো অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছী সমৰ্থকসকলে। গাঁও পঞ্চায়ত কাৰ্যালয়ত অনুষ্ঠিত গাঁও সভাখনত কংগ্ৰেছ দলৰ প্ৰতিনিধিক নিমন্ত্ৰণ নকৰাক লৈয়ে সংঘাতৰ সূত্ৰপাত ঘটে বুলি একাংশ কংগ্ৰেছ কৰ্মীয়ে অভিযোগ কৰিছে। ইপিনে ৰাজ্য চৰকাৰে শেহতীয়াভাৱে লোৱা ‘অৰুণোদয়’ আঁচনিকে ধৰি অন্যান্য চৰকাৰী আঁচনিৰ পৰা কৌশলেৰে কংগ্ৰেছ কৰ্মীক বঞ্চিত কৰাৰ ষড়যন্ত্ৰ একাংশ বিজেপি কৰ্মীয়ে ৰচিছিল বুলিও অভিযোগ উত্থাপন হৈছে। ইপিনে একাংশ কংগ্ৰেছ কৰ্মীয়ে ইচ্ছাকৃতভাৱে সংঘাতৰ সৃষ্টি কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে বুলি অভিযোগ কৰে স্থানীয় বিজেপি কৰ্মীয়ে। যিমানেই নিৰ্বাচনৰ দিন চমু চাপে চামগুৰিত কংগ্ৰেছ আৰু বিৰোধী দলৰ কৰ্মী-নেতাৰ মাজত সংঘাতৰ সৃষ্টি হৈ চামগুৰিৰ নিৰ্বাচনী পৰিস্থিতি উত্তপ্ত হৈ নিত্য নৈমিত্তিক ঘটনাত পৰিণত হোৱা পৰিলক্ষিত হৈ আহিছে। আগন্তুক বিধানসভা নিৰ্বাচনতো যে চামগুৰিত খণ্ডযুদ্ধই উত্তপ্ত কৰি তুলিব সেয়া খাটাং বুলি ৰাজনৈতিক সচেতন মহলে দাবী কৰিছে। কেইদিনমান পূৰ্বেও চামগুৰি সমষ্টিৰ শালপাৰাত বিধায়ক ৰকিবুল হুছেইনৰ এখন সভা অনুষ্ঠিত কৰাৰ সময়ত বিজেপি আৰু কংগ্ৰেছ দলৰ কৰ্মীৰ মাজত সংঘাতৰ সূত্ৰপাত ঘটিছিল যদিও বিধায়ক হুছেইন আৰু আৰক্ষীৰ সহযোগত পৰিস্থিতি শাম কাটিছিল। আৰক্ষীৰ দ্বাৰা আজিৰ সংঘাত নিয়ন্ত্ৰণাধীন হ’ল যদিও বৰ্তমানেও অঞ্চলজুৰি বিৰাজ কৰি আছে এক চেপা উত্তেজনা।