ক’ভিড নিয়ন্ত্রণত থকা কেৰালাক ২৯৩ কোটিৰ বিপৰীতে অসমক দিলে ১৯৬ কোটি
ক’ৰোনা সাহায্যতো কেন্দ্রীয় চৰকাৰৰ চৰম বঞ্চনা
নিয়মীয়া বাৰ্তা ২ আগষ্টঃ ক’ৰোনাজনিত পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কেন্দ্রীয় চৰকাৰে অসম চৰকাৰক এতিয়ালৈ আগবঢ়াইছে ১৯৬.৮২ কোটি টকাৰ অনুদান৷ ইয়াৰে ২০১৯–২০ বিত্তীয় বর্ষত (জানুৱাৰীৰ পৰা মার্চ পর্যন্ত) ৭২.৭৩ কোটি টকা, ২০২০–২১ বিত্তীয় বর্ষত (এপ্রিলৰ পৰা ১৫ আগষ্ট পর্যন্ত) ১১৯.৭০ কোটি টকা আৰু ড’নাৰ মন্ত্রালয়ৰ পৰা ৪.৯৯ কোটি টকা অসমে লাভ কৰিছে৷ আজি অসম বিধানসভাত বিধায়ক ৰকিবুল হুছেইনে সোধা এক লিখিত প্রশ্ণৰ উত্তৰত বিত্ত বিভাগৰ মন্ত্রীয়ে এই তথ্য সদৰী কৰিছে৷ কিন্তু লক্ষণীয় কথাটো হ’ল– আৰম্ভণিৰে পৰা ক’ভিড পৰিস্থিতি নিয়ন্ত্রণত থকা কেৰালাই লাভ কৰিছে কেন্দ্রীয় চৰকাৰৰ পৰা ২৯৩.৫৯ কোটি টকাৰ সাহায্য৷ ইয়াৰ বাহিৰে মহাৰাষ্ট্রই ৪৬৮.০৩ কোটি, তামিলনাডুৱে ৩৬০.৮৮ কোটি টকা আৰু তেলেংগানাই ২১৫.২২ কোটি টকাৰ অনুদান লাভ কৰিছে৷ স্বাভাৱিকতে কেৰালাৰ দৰে ধনী ৰাজ্যৰ তুলনাত অসমৰ দৰে দুখীয়া ৰাজ্যক আগবঢ়োৱা এই অনুদান তেনেই কম হিচাপে বিবেচিত হৈছে৷ ইয়াৰ পৰাই কেন্দ্রৰ বঞ্চনাৰ আন এখন ছবি পৰিস্ফুট হৈ উঠে৷ আজি বিধানসভাত বিত্ত বিভাগে আগবঢ়োৱা তথ্য অনুসৰি ক’ৰোনা মহামাৰীৰ বাবে কেন্দ্রীয় চৰকাৰে ১৯৬.৮২ কোটি টকা মোকলাই দিছে যদিও ৰাজহ–দুর্যোগ ব্যৱস্থাপনা বিভাগে এতিয়ালৈকে কোনো পুঁজি কেন্দ্রৰ পৰা লাভ কৰা নাই৷ অৱশ্যে কেন্দ্রৰ গৃহ মন্ত্রালয়ৰ নির্দেশমর্মে ‘ৰাজ্যিক দুর্যোগ সাহায্য পুঁজি’ৰ পৰা মহানগৰীত পতিত হোৱা ৰোগীৰ যত্ন ল’বলৈ আৰু কোৱাৰেণ্টাইন চেণ্টাৰসমূহৰ মেৰামতিৰ বাবে ১৫০.৮১ কোটি টকা মোকলাই দিছে৷ ইয়াৰ বাহিৰেও অসম আৰোগ্য নিধিলৈ ৫৩,৫৩৪গৰাকী ব্যক্তিয়ে মুঠ ১১৬.০৯ কোটি টকাৰ অনুদান আগবঢ়াইছে৷ এই ধনৰাশিৰ পৰা বর্তমানলৈ এটকাও ব্যয় কৰা হোৱা নাই৷ অসম আৰোগ্য নিধিত জমা হোৱা ধনৰাশিৰ ব্যৱহাৰৰ বাবে এখন পৰামর্শদাতা সমিতি গঠন কৰা হৈছে৷ পৰামর্শদাতা সমিতিয়ে এই ধনৰাশি ক’ভিড ভেকছিন আৰু চিকিৎসা সম্পর্কীয় গৱেষণাৰ বাবে ব্যৱহাৰ কৰিবলৈ পৰামর্শ আগবঢ়াইছে৷ বিষয়টো এতিয়াও চৰকাৰৰ বিবেচনাধীন হৈ আছে৷ আর্থিক সাহায্যৰ উপৰি কেন্দ্রৰ পৰা অসমে ২,১২,২৮৫টা পিপিই কিট, ৭,৬২,৯১০খন এন–৯৫ মাস্ক, ২,৭৫,২৫০টা ভিটিএম, ৫,১৭,৫০০টা হাইড্র’ক্সিক্ল’ৰ’কুইন, ১,০০৩টা ভেণ্টিলেটৰ, ৩,১০৯টা অক্সিজেন চিলিণ্ডাৰ, ৪৩২টা জাম্ব’অক্সিজেন চিলিণ্ডাৰ আৰু ৫০০টা অক্সিজেন কনচেনট্রেটৰো লাভ কৰিছে৷ আনহাতে, ক’ভিড–১৯ মহামাৰীৰ পৰিপ্রেক্ষিতত ৰাষ্ট্রীয় সামাজিক সাহায্য আঁচনিৰ অধীনত বৃদ্ধ, বিধৱা আৰু দিব্যাংগ পেন্সন লাভ কৰি থকা হিতাধিকাৰীসকলক এহেজাৰ টকাকৈ আর্থিক সাহায্য প্রদানৰ অর্থে কেন্দ্রীয় চৰকাৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগক ‘প্রধানমন্ত্রী গৰিব কল্যাণ যোজনা’ৰ অধীনত দুটা কিস্তিত ৮,৪০৯.৮৬ লাখ টকা প্রদান কৰে৷ ইফালে, ক’ৰোনা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বিভিন্ন শিতানত অসম চৰকাৰ আৰু ৰাষ্ট্রীয় স্বাস্থ্য মিছনে মুঠ ৫৭৯.৯০ কোটি টকা মোকলাই দিছে৷ ইয়াৰে ১৯৯.৭২ কোটি টকা হাস্পতালৰ উন্নীতকৰণ, স্ক্রীনিং চেণ্টাৰ, কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰিচালনা, হোটেল আৰু বিভিন্ন অনুষ্ঠানত কৰা কোৱাৰেণ্টাইন, হোম কোৱাৰেণ্টাইন, ক্লিনিকেল আৰু অন্যান্য মেনেজমেণ্টৰ বাবে ৩.৮৫ কোটি টকা বিভিন্ন চিকিৎসা মহাবিদ্যালয় আৰু চৰকাৰী আয়ুর্বেদিক কলেজক, ৫২.৯৫ কোটি টকা ক’ভিড পৰীক্ষাৰ বাবে, ৭৫.৮১ কোটি টকা দৰব ক্রয়ৰ বাবে, ৩৭.৬৯ কোটি টকা চিকিৎসা সামগ্রী ক্রয়ৰ বাবে, ৪২.৮৯ কোটি টকা ৰোগী–স্বাস্থ্যকর্মীৰ পৰিবহণৰ বাবে, ৩.৪১ কোটি টকা সজাগতা অভিযানৰ বাবে, ১.০৬ কোটি টকা প্রশিক্ষণ তথা অতিৰিক্ত মানৱ সম্পদ নিয়োগ, ১.৬০ কোটি টকা বিভিন্ন জিলালৈ অত্যাৱশ্যকীয় সামগ্রী পৰিবহণৰ বাবে আৰু ১৬৫.৯১ কোটি টকা জটিল ৰোগী, বহিঃৰাজ্য বা বিদেশত আবদ্ধ হৈ পৰা লোকসকলক আর্থিক সাহায্য প্রদানৰ বাবে মোকলাই দিয়া হৈছে৷ ইপিনে, ক’ৰোনা প্রতিৰোধৰ বাবে বলৱৎ কৰা লকডাউনৰ সময়ছোৱাত অর্থাৎ ২৫ মার্চৰ পৰা জুন মাহ পর্যন্ত মুঠ ৩,৬৭,৫৬৪গৰাকী লোক অসমত প্রৱেশ কৰিছিল৷ আনহাতে, এই সময়ছোৱাত বহিঃৰাজ্যত আবদ্ধ অসমৰ যুৱক–যুৱতীক দুটা কিস্তিত সর্বমুঠ ১৫৫.৮৪ কোটি টকা আৰু বিদেশত আবদ্ধ হৈ পৰা ৯৭জন লোকক ৭৩.৪৭ লাখ টকাৰ সাহায্যও প্রদান কৰা হৈছিল৷ একে সময়তে শ্রমিক ৰে’লৰ ভাৰাৰ বাবদ ভাৰতীয় ৰে’লৱেক ৩.৬৯ কোটি টকা, ১৬৯গৰাকী কেঞ্চাৰ ৰোগীক ৰাজ্যলৈ ওভতাই আনোতে প্রতিগৰাকীৰ নামত ২৫ হাজাৰ টকাকৈ ব্যয় কৰা হৈছিল৷ তদুপৰি ক’ভিড কেয়াৰ চেণ্টাৰত প্রতিগৰাকী ৰোগীৰ আদৰণী টোপোলাৰ নামত ৫০০ টকা, দৈনিক আহাৰৰ বাবদ ৫০০ টকা আৰু ডায়েবেটিছ ৰোগী–৬৫ বছৰৰ ঊর্ধ্বৰ লোকসকলৰ বাবে অতিৰিক্ত ১০০ টকাকৈ ব্যয় কৰা হৈছিল৷ হোম আইছ’লেচনত থকা লোকসকলকো বিধি অনুসৰি ২,০০০ টকাৰ সামগ্রী দিয়া হৈছে৷ আজি বিত্ত বিভাগৰ তৰফৰ পৰা সদনত এই তথ্যসমূহ সদৰী কৰা হৈছে।