নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনী দুই দলৰ কৰ্মীৰ মাজত নিৰ্বাচন কেন্দ্ৰীক বাক-বিতণ্ডা

নিয়মীয়া বাৰ্তা, ২ছেপ্তেম্বৰ: চিৰাঙৰ বিজনীৰ কাৰ্গিল চ’কত নিৰ্বাচনী হিংসা।দুই দলৰ কৰ্মীৰ মাজত নিৰ্বাচন কেন্দ্ৰীক বাক-বিতন্দাৰ ফলত এই ঘটনাৰ সূত্ৰপাত হোৱাৰ অভিযোগ স্থানীয় লোকৰ। আনফালে আক্ৰমণৰ ঘটনাত ইউ পি পি এলৰ কোনো কৰ্মী জড়িত নথকাৰ দাবী বিজনী জিলা ইউ পি পি এলৰ। আজিও ঘোষণা হোৱা নাই বিটিচি নিৰ্বাচনৰ দিন বাৰ তাৰিখ। ৰাজ্যত কৰোণা মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী আয়োগে ঘোষণা কৰিব পৰা নাই বিটিচি নিৰ্বাচনৰ তাৰিখ। কিন্তু ইয়াৰ মাজতে বিটিচি পৰিষদ দখল কৰাৰ যুদ্ধত ৰাজনৈতিক দল সমূহে সকলোবোৰ কভিড প্ৰটোকলক ভেঙুচালী কৰি চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী। এনে পৰিপ্ৰেক্ষিতত চিৰাং জিলাৰ বিজনীৰ কাৰ্গিল চ’কত মঙলবাৰে নিশা নিৰ্বাচন কেন্দ্ৰীক আক্ৰমণৰ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে।

বাগৰগাঁৱৰ কাৰ্গিল চ’কত দুগৰাকী UPPL কৰ্মীৰ আক্ৰমণত এগৰাকী AIUDF কৰ্মী আহত হয় । বাগৰগাওঁ নিৱাসী UPPL কৰ্মীদ্বয় তথা সম্বন্ধত ভাই-ককাই আমজাদ আলী(৩৫) আৰু আবেদ আলী(২৫) ৰ আক্ৰমণত AIUDF কৰ্মী আজিজুৰ ৰহমান (২৭) গুৰুতৰভাৱে আহত হয় । আহত আজিজুৰ ৰহমান পেছাত এজনৰ গাড়ীচালক । উল্লেখ্য BTC নিৰ্বাচনৰ ১৯ নং থুৰিবাৰী পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ সমৰ্থিত AIUDF প্ৰাৰ্থী খলিলুৰ ৰহমানৰ সমৰ্থক তথা AIUDF কৰ্মী আজিজুৰ ৰহমান আৰু UPPL কৰ্মী চাইফুল আলীয়ে কাৰ্গিল চ’কৰ চাহ দোকান এখনত থুৰিবাৰী পৰিষদীয় সমষ্টি সন্দৰ্ভত কথা-বতৰা পাতি আছিল। UPPL ৰ কৰ্মী গৰাকীয়ে কয় যে AIUDF ৰ প্ৰাৰ্থী খলিলুৰ ৰহমানে BTC নিৰ্বাচনত জয়লাভ নকৰে। কিন্তু AIUDF কৰ্মী আজিজুৰ ৰহমানে কয় যে জয়লাভ নকৰিলেও তেওঁ খলিলুৰ ৰহমানকে ভোট দান কৰিব। আজিজুৰ আৰু চাইফুলৰ কথোপকথন শুনি থকা UPPL কৰ্মী আমজাদ আলীয়ে AIUDF কৰ্মী আজিজুৰ ৰহমানক উভতি ধৰে আৰু উভয়ৰে মাজত কাজিয়াৰ সূত্ৰপাত হয়। ফলত UPPL কৰ্মী আমজাদ আলী আৰু ভাতৃ আবেদ আলীয়ে AIUDF কৰ্মী আজিজুৰ ৰহমানক প্ৰহাৰ কৰি আহত কৰে।

ঘটনাস্থলীত বিজনীৰ আৰক্ষী উপস্থিত হৈ আজিজুৰ ৰহমানক প্ৰাথমিক চিকিৎসাৰ বাবে ভেটাগাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় ।ইফালে, আক্ৰমণৰ ঘটনাত UPPL ৰ কোনো কৰ্মী জড়িত নথকা বুলি দাবী কৰে বিজনী জিলা UPPL য়ে।এঈ ক্ষেত্ৰত বিজনী জিলা UPPL ৰ উপ-সভাপতি আব্দুৰ ৰহমানে কয় যে আক্ৰমণকাৰী আমজাদ আলী আৰু আবেদ আলী UPPL কৰ্মী নহয় । উক্ত ঘটনাক তেখেতে ব্যক্তিগত কাজিয়া বুলিহে উল্লেখ কৰে।

You might also like