নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ ৰাজ্যিক বিজেপিৰ গুৰুত্বপূর্ণ কার্যনির্বাহক

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ: আগন্তুক বিধানসভা নির্বাচনত ১০০ প্লাছ আসন দখলৰ লক্ষ্যৰে ব্যাপক কুচকাৱাজ আৰম্ভ কৰা বিজেপিয়ে ইতিমধ্যে ৩.২০ লাখ পৃষ্ঠাপ্রমুখক শাসকীয় দলটোৱে নির্বাচনী প্রচাৰ অভিযানত নমাই পূর্ণগতিত প্রতিটো সমষ্টিতে আৰম্ভ কৰিছে তৎপৰতা৷ এই লক্ষ্যৰে ৪ ছেপ্টেম্বৰত বিজেপিয়ে ১০০ দিনীয়া কার্যসূচী গ্রহণৰ বাবেও আৰম্ভ কৰিছে প্রস্তুতি৷ ৪ ছেপ্ঢেম্বৰত গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত ৰাজ্যিক বিজেপিয়ে অনুষ্ঠিত কৰিব নৱনির্বাচিত বিষয়ববীয়াসকলক লৈ প্রথমখন কার্যনির্বাহক সভা৷ নির্বাচনৰ প্রাক্ক্ষণত যথেষ্ট গুৰুত্বপূর্ণ বুলি বিবেচিত হোৱা এই সভাত উপস্থিত থাকিব দলৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক ৰাম মাধৱ আৰু সহঃ সাংগঠনিক সম্পাদক চৰণ সিং৷

আনহাতে, এই বৈঠকত ভার্চুৱেল ভাষণ আগবঢ়াব দলৰ জ্যেষ্ঠ নেত্রী তথা কেন্দ্রীয় বস্ত্র শিল্প, মহিলা আৰু শিশু কল্যাণ দপ্তৰৰ মন্ত্রী স্মৃতি ইৰাণীয়ে৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব লগা কার্যনির্বাহক সভাখনত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে ৰাজ্যিক বিষয়ববীয়া, ৰাষ্ট্রীয় বিষয়ববীয়া, কার্যনির্বাহক সদস্য, সাংসদ আৰু বিধায়কসকল উপস্থিত থাকিব৷ এই বৈঠকতে আগন্তুক ১০০ দিনৰ বাবে দলটোৱে গ্রহণ কৰিব বিশেষ কার্যসূচী৷

অর্থাৎ অহা ডিচেম্বৰ মাহলৈকে নির্বাচনক লক্ষ্য কৰি শাসকীয় দলটোৱে কি ধৰণে আগবাঢ়িব, তাৰ সবিশেষ এই ১০০ দিনীয়া কার্যসূচীত অন্তর্ভুক্ত কৰা হ’ব৷ উল্লেখ্য যে অলপতে হৈ যোৱা দলৰ ক’ৰ কমিটীৰ বৈঠকত ৰাষ্ট্রীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষে আগন্তুক নির্বাচনত দলে যাতে একক সংখ্যাগৰিষ্ঠতাৰে শক্তিশালী ৰূপত জয়ী হ’ব পাৰে, সেই লক্ষ্যৰে সকলোকে কাম কৰাৰ আহ্বান জনাইছিল৷ কেন্দ্রীয় নেতাজনে ইয়াকো স্পষ্ট কৰি দিছিল যে ২০২১ চনত বিজেপিয়ে যাতে এককভাৱে চৰকাৰ গঠনৰ বাবে সক্ষম হয়, সেই লক্ষ্যৰে নির্বাচনত অবতীর্ণ হ’ব লাগিব৷ বি এল সন্তোষৰ এই পৰামর্শৰ পিছতে ৪ ছেপ্ঢেম্বৰত অনুষ্ঠিত হ’ব লগা কার্যনির্বাহকত এলানি বিশেষ সিদ্ধান্ত গ্রহণ কৰা সম্ভাৱনা আছে৷

You might also like