নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিবাদৰ পিছতে পৰীক্ষাৰ সূচী ঘোষণা কর্তৃপক্ষৰ

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ বি এড পাঠ্যক্রমৰ চূড়ান্ত বর্ষৰ শিক্ষার্থীসকলে ৩০ ছেপ্টেম্বৰৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰি ফলাফল ঘোষণা কৰাৰ দাবীত ৪৮ ঘণ্টাৰ অন্তত বৃহস্পতিবাৰে বিশ্ববিদ্যালয়ৰ উপাচার্যৰ কার্যালয়ৰ সন্মুখত পাঁচঘণ্টীয়া প্রতিবাদী কার্যসূচী পালন কৰে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা শতাধিক শিক্ষার্থীয়ে হাতে হাতে প্লে–কার্ড, পোষ্টাৰ লৈ পৰীক্ষাৰ সূচী ঘোষণা নকৰা পর্যন্ত আৰু উপাচার্যই সোঁশৰীৰে আহি পৰীক্ষাৰ সূচী সন্দর্ভত ঘোষণা নকৰিলে প্রতিবাদী কার্যসূচী অব্যাহত থাকিব বুলি দিনৰ ১০.৩০ বজাৰ পৰা উপাচার্যৰ কার্যালয়ৰ সন্মুখত অৱস্থান কৰে৷ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ হেমন্ত কুমাৰ নাথ, শ্রেণীসমূহৰ সচিব ড০ দিলীপ বৰা, পৰীক্ষাসমূহৰ নিয়ন্ত্রক ড০ ধ্রুৱজ্যোতি চৌধুৰীয়ে প্রতিবাদকাৰী শিক্ষার্থীসকলক সন্ধিয়াৰ ভিতৰত সময়সূচী ঘোষণা কৰিব বুলি বুজনি দিয়ে৷ কিন্তু প্রতিবাদকাৰী শিক্ষার্থীসকলে উপাচার্য নহা পর্যন্ত প্রতিবাদ চলি থাকিব বুলি ঘোষণা কৰে৷ অৱশ্যে সেই সময়ত উপাচার্য ড০ প্রতাপজ্যোতি সন্দিকৈয়ে বিশ্ববিদ্যালয়ৰ উন্নয়ন সন্দর্ভত জৰুৰী আলোচনাৰ বাবে অসমৰ ৰাজ্যপাল আৰু বিশ্ববিদ্যালয়ৰ আচার্য অধ্যাপক জগদীশ মুখীৰ তলব মর্মে ৰাজভৱনত আছিল৷

অৱশেষত উপাচার্য ড০ প্রতাপজ্যোতি সন্দিকৈ বিয়লি ২.৩০ বজাত বিশ্ববিদ্যালয়ত উপস্থিত হয় আৰু প্রতিবাদকাৰী শিক্ষার্থীসকলৰ সৈতে আলোচনাত মিলিত হৈ এঘণ্টা পিছতে বি এডৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিব বুলি আশ্বাস দিয়ে৷ অৱশেষত পাঁচ ঘণ্টাৰ অন্তত শিক্ষার্থীসকলে প্রতিবাদী কার্যসূচী প্রত্যাহাৰ কৰে৷ ইফালে, বিয়লি ৪ বজাত বিশ্ববিদ্যালয় কর্তৃপক্ষই বি এডৰ দ্বিতীয় বর্ষ তথা চূড়ান্ত বর্ষৰ পৰীক্ষাৰ সময়সূচী ঘোষণা কৰে৷ সেই অনুসৰি ক’ভিড প্রট’কলৰ বিধি মানি ১৫ ছেপ্ঢেম্বৰৰ পৰা ২০ ছেপ্ঢেম্বৰলৈ ব্যৱহাৰিক পৰীক্ষা আৰু ২২ ছেপ্ঢেম্বৰৰ পৰা ২৯ ছেপ্ঢেম্বৰলৈ বাকী পৰীক্ষা অনুষ্ঠিত হ’ব বুলি পৰীক্ষাসমূহৰ নিয়ন্ত্রণক ড০ ধ্রুৱজ্যোতি চৌধুৰীয়ে পৰীক্ষাৰ সময়সূচী প্রকাশ কৰে৷

উল্লেখ্য, পহিলা ছেপ্টেম্বৰতে শিক্ষার্থীসকলে প্রতিবাদী কার্যসূচী পালন কৰিছিল৷ সিদিনা উপাচার্যৰ অনুপস্থিতিত কর্তৃপক্ষই পিছদিনা অর্থাৎ ২ ছেপ্টেম্বৰত পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিব বুলি শিক্ষার্থীসকলক আশ্বাস দিছিল৷

You might also like