দুলীয়াজান সমষ্টিৰ তাই উন্নয়ন পৰিষদ গঠন
নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ দুলীয়াজান সমষ্টিৰ তাই উন্নয়ন পৰিষদ গঠনৰ উদ্দেশ্যে আজি দুলীয়াজান পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ চলাকটকীস্থিত কাৰ্যালয়ত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। মাণিক ফুকনে পৌৰোহিত্য কৰা সভাখনত উদ্দেশ্য ব্যাখ্যা আগবঢ়াই মুক্তি গগৈয়ে ।
সভাত পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সাঃ সম্পাদক পুষ্পধৰ শইকীয়া,
তাই উন্নয়ন পৰিষদ, কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ৰত্নগোপাল গগৈ, মুক্তি গগৈ, প্ৰদীপ কোঁৱৰ আদি ব্যক্তিয়ে আহোম সম্প্ৰদায়টোৰ উন্নয়নৰ হকে নিজস্ব মতামত প্ৰকাশ কৰে ।
এই সভাতে সৰ্বসন্মতিক্ৰমে সভাপতি দেৱা ফুকন, কাৰ্যকৰী সভাপতি মুক্তি গগৈ, উপসভাপতি প্ৰদীপ কোঁৱৰ, সদানন্দ গগৈ, যুটীয়া সম্পাদক প্ৰদীপ গগৈ, পদ্ম ৰাজকোঁৱৰ, সহঃ সম্পাদক হেমধৰ গগৈ, ৰঞ্জিত গগৈ, কোষাধ্যক্ষ ফণী দেওধাই বৰুৱাক লৈ কেইবাজনীয়া দুলীয়াজান সমষ্টিৰ তাই উন্নয়ন পৰিষদ কমিটিখন গঠন কৰা হয় ।
সভাত উপস্থিত থাকে শিক্ষাবিদ হেমধৰ গগৈ, তাই উন্নয়ন পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক প্ৰকাশ কোঁৱৰ, দুলীয়াজান পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ সভাপতি হীৰা গগৈ, সম্পাদক প্ৰদীপ গগৈ, পৰমানন্দ গগৈ, মনোৰথ ফুকনসহ বহুকেইগৰাকী তাই সংস্কৃতিৰ সাধক।