হিন্দু নামেৰে প্রেমৰ অভিনয় কৰি শিলিগুৰিত যুৱতীক বিক্রী মুছলমান যুৱকৰ
বজৰং দলে পতিতালয়ৰ পৰা উদ্ধাৰ কৰিলে বাঁহজানীৰ যুৱতীক
নিয়মীয়া বাৰ্তা ৫ ছেপ্টেম্বৰঃ আৰক্ষীৰ দুর্বলতাৰ বাবেই সমগ্র ৰাজ্যৰ লগতে নলবাৰী জিলাতো লাভ জেহাদী কার্যকলাপ বৃদ্ধি পাবলৈ ধৰাৰ অভিযোগ কৰি আহিছে৷ এনে এক জটিল পৰিস্থিতিৰ মাজতে নলবাৰী জিলাৰ বাঁহজানীৰ পূব কালাকুছিৰ এগৰাকী যুৱতীক বজৰং দলৰ নেতৃত্বই প্রশাসনৰ সহযোগত বহু কৌশল কৰি শিলিগুৰিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আজি বিয়লি যুৱতীগৰাকী নিজ গৃহ আহি পায়৷ অভিযোগ অনুসৰি পূব কালাকুছিৰ যুৱতীগৰাকীক নানা ছলাহী কথা কৈ প্রলোভন দিয়াই নহয়, ছয়গাঁও কুকুৰমাৰাৰ সমাজবিৰোধী মুছলিম যুৱক নাছেৰ আলীয়ে হিন্দুৰ নাম সঞ্জীৱ কলিতা আৰু গুৱাহাটী জি এন আৰ চিৰ মেডিচিন বিভাগৰ চিকিৎসক বুলি পৰিচয় দি প্রেমৰ অভিনয় কৰি ২২ আগষ্টত পূব কালাকুছিৰ পৰা পলুৱাই লৈ যায়৷ বিগত পাঁচ মাহ ধৰি দুর্বৃত্ত নাছেৰে ৭৬৬৪৯–৪৬৪৫৬ ম’বাইল নম্বৰেৰে ফোন কৰি যুৱতীগৰাকীৰ লগত প্রেমৰ অভিনয় কৰিছিল৷ পাছত সমাজবিৰোধী নাছেৰ আলী ওৰফে সঞ্জীৱ কলিতাই ৩১ আগষ্টত শিলিগুৰিৰ ইছলামপট্টিৰ বেশ্যালয় এলেকাত যুৱতীগৰাকীক বিক্রী কৰে৷ অৱশেষত যুৱতীৰ পৰিয়ালে এক ছেপ্ঢেম্বৰত বজৰং দল, নলবাৰীৰ বাঁহজানী প্রখণ্ডৰ স্বয়ংসেৱক ধীৰেন দাসৰ সৈতে যোগাযোগ কৰে৷ তেওঁ বজৰং দলৰ নলবাৰীৰ সংযোজক ৰুবুল বেজবৰুৱা, সহঃ সংযোজক জিতুমণি কলিতা, বাঁহজানী প্রখণ্ডৰ সংযোজক অৰূপ কলিতা, সম্পাদক নীলোৎপল ডেকাৰ প্রচেষ্টাত আৰু আৰক্ষীৰ সহযোগত হিন্দু যুৱতীগৰাকীক বিশেষ কোনো অসুবিধাত নৌপৰোঁতে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আজি যুৱতীগৰাকী নিজৰ পূব কালাকুছি আহি পোৱাত বিভিন্ন নির্যাতনৰ কথা বজৰং দলৰ কর্মীসকলৰ আগত বিতংকৈ অৱগত কৰাৰ লগতে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰে৷ বজৰংগ দল, নলবাৰীয়ে চৰকাৰৰ গৃহ বিভাগে লাভ জেহাদৰ দৰে অপকর্মত লিপ্ত ধুৰন্ধৰসকলক কঠোৰ শাস্তি বিহিব পৰাকৈ এখন কঠোৰ আইন প্রণয়ন কৰাৰ লগতে লাভ জেহাদ ৰোধ কৰিবলৈ সজোৰে দাবী উত্থাপন কৰে৷ ইফালে, বজৰং দলে নাছেৰ আলী নাৰী দেহ ব্যৱসায়ীৰ সৈতে জডিত বুলিও গুৰুতৰ অভিযোগ তোলে৷ আনহাতে, হিন্দু সুৰক্ষা সেনাৰ ৰাজ্যিক সভাপতি জয়দীপ হাজৰিকা, হিন্দু ক্রান্তি দলৰ নলবাৰীৰ সংযোজক নির্মল ৰাজবংশী, হিন্দু জাগৰণ মঞ্চৰ উত্তৰ অসমৰ সংযোজক গৌতম কুমাৰ মেধি, জিলা সভাপতি উৎপল কলিতা, সাধাৰণ সম্পাদক ভক্ত ছেত্রীয়ে এই হিন্দুস্তানৰ হিন্দু আই–মাতৃ–ভনীসকলৰ ওপৰত চলা নির্যাতন ৰোধ কৰাত ৰাজ্য চৰকাৰ ব্যর্থ হৈছে বুলি দোহাৰে৷