শিক্ষক দিৱসত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ অভিনন্দন পত্ৰ
নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ অসম চৰকাৰৰ নগৰ উন্নয়ন (স্বতন্ত্ৰ), স্বাস্থ্য ও পৰিয়াল কল্যান দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকাই এক ব্যতিক্ৰমী পদক্ষেপেৰে শিক্ষক সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। পবিত্ৰ শিক্ষক দিৱসৰ শুভক্ষণত মন্ত্ৰী পীযুষ হাজৰিকাই জাগীৰোড সমষ্টিৰ অন্তৰ্গত প্ৰতিটো শিক্ষানুষ্ঠানৰ প্ৰতিগৰাকী শিক্ষকলৈ একোখনকৈ অভিনন্দন পত্ৰ আৰু কলম এডাল আগবঢ়াই এক ব্যতিক্ৰমী পদক্ষেপ হাতত লোৱাত অঞ্চলবাসীয়ে প্ৰশংসা কৰাৰ লগতে উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। আজি জাগীৰোড সমষ্টিৰ বিজেপিৰ নেতা-কৰ্মীয়ে সমষ্টিৰ অন্তৰ্গত প্ৰতিখন শিক্ষানুষ্ঠানসমূহত উপস্থিত হৈ মন্ত্ৰী হাজৰিকাৰ হৈ প্ৰতিগৰাকী শিক্ষক-শিক্ষয়ত্ৰীক এই অভিনন্দন পত্ৰ আৰু কলম এডাল প্ৰদান কৰে। শিক্ষকতাৰ দৰে মহান বৃত্তিত আত্মনিয়োগ কৰি শিক্ষকসকলে উত্তৰ পুৰুষক সু-নাগৰিক হোৱাৰ অৱদানক শলাগ লোৱাৰ লগতে অনাগত দিনত সমষ্টি তথা ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থত গঠনমূলক পৰামৰ্শ আৰু পৰিকল্পিত চিন্তা-চৰ্চাৰে সহযোগিতা আগবঢ়াব বুলি এই অভিনন্দন পত্ৰৰ যোগেদি তেঁও আস্থা প্ৰকাশ কৰে। যুৱ মন্ত্ৰীৰ এনে পদক্ষেপে সমগ্ৰ ৰাজ্যতে এক নজীৰ স্থাপন কৰাৰ লগতে শিক্ষক সমাজকো কৰ্মস্পৃহা বঢ়োৱাত অৰিহণা যোগাব বুলি ৰাইজে আশা কৰিছে।