ইউডিএফৰ আনুষ্ঠানিক ঘোষণা: কোনোদিনেই অসমৰ মুখ্যমন্ত্রী নহয় আজমল
নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ কংগ্রেছৰে মিত্রতা তথা মহাজোঁটবন্ধনক কেন্দ্র কৰি ৰাজ্যৰ ৰাজনীতিত বিতর্ক অব্যাহত থকাৰ সময়তে মুখ্যমন্ত্রী পদ সম্পর্কত শনিবাৰে এক গুৰুত্বপূর্ণ ঘোষণা কৰা হৈছে এআইইউডিএফৰ তৰফৰ পৰা৷ দলটোৰ অন্যতম সাধাৰণ সম্পাদক তথা নাওবৈচা সমষ্টিৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে এখন সংবাদ মেলযোগে দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল কোনো কাৰণতে অসমৰ মুখ্যমন্ত্রী নহয় বুলি স্পষ্ট কৰি দিয়ে৷ দিছপুৰত অনুষ্ঠিত সংবাদ মেলখনত বিধায়ক চৌধুৰীৰ আনুষ্ঠানিক ঘোষণা– ‘বদৰুদ্দিন আজমল কোনোদিনে অসমৰ মুখ্যমন্ত্রী নহয়৷ মই দলৰ সাধাৰণ সম্পাদক হিচাপে বদৰুদ্দিন আজমলৰ নির্দেশত তথা বদৰুদ্দিন আজমলৰ হৈ স্পষ্টকৈ কৈছোঁ, তেওঁ অসমৰ মুখ্যমন্ত্রী নহয়৷’ আজমল কিয় মুখ্যমন্ত্রী নহয় বুলি সাংবাদিকে ওলোটাই সোধা প্রশ্ণৰ উত্তৰত বিধায়ক চৌধুৰীয়ে কয়– ‘আমি এইক্ষেত্রত কোনো বিতর্ক নিবিচাৰোঁ৷ আমি ধর্মীয় সংখ্যালঘু৷ অসমৰ সংখ্যাগুৰুসকলৰ সৈতে আমি শান্তিপূর্ণ সহাৱস্থান বিচাৰোঁ৷ সেয়েহে আমাৰ দলে প্রস্তাৱ গ্রহণ কৰিছে তথা সিদ্ধান্ত লৈছে যে বদৰুদ্দিন আজমল কোনোদিনে অসমৰ মুখ্যমন্ত্রী নহয়৷ ১৯৮০ চনত আনোৱাৰা টাইমূৰ অসমৰ মুখ্যমন্ত্রী হোৱাৰ পিছত কিধৰণৰ পৰিৱেশ সৃষ্টি হৈছিল সেয়া সকলোৰে অৱগত৷ সংখ্যালঘুসকলে সংখ্যাগুৰুসকলৰ সৈতে শান্তিপূর্ণ সহাৱস্থান কৰাৰ ক্ষেত্রত গুৰুত্ব দি আহিছে৷
ইয়াৰ আধাৰতে আমাৰ দলৰ সভাপতি বদৰুদ্দিন আজমলে কেতিয়াও অসমৰ মুখ্যমন্ত্রী নহয়৷’ সংবাদ মেলত উপস্থিত থকা আন এজন বিধায়ক হাফিজ ৰফিকুল ইছলামে বিজেপিক তীক্ষ্ণ সমালোচনা কৰে৷ তেওঁ আগন্তুক বিধানসভা নির্বাচনত বিজেপিৰ বিধায়কৰ সংখ্যা ১০জনলৈ হ্রাস পাব বুলি দাবী কৰি কয় যে মাত্র ৫জন বিধায়ক থকা বিজেপিয়ে যোৱা নির্বাচনত আসনৰ সংখ্যা যিদৰে ৬০খনলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল, ঠিক একে ধৰণে আগন্তুক নির্বাচনত বিজেপিৰ বিধায়কৰ সংখ্যা হ্রাস পাব ১০জনলৈ৷ তদুপৰি মহাজোঁটবন্ধনক কেন্দ্র কৰি কংগ্রেছ–এআইইউডিএফৰ্ লগতে চিপিআই আৰু অন্যান্য দলসমূহে তৎপৰতা অব্যাহত ৰখাক কেন্দ্র কৰি বিজেপি শংকিত হোৱা বুলিও তেওঁ দাবী কৰে৷ ইয়াৰ বিপৰীতে মহাজোঁটে ৭৫খনৰো অধিক আসন দখল কৰিব বুলি মন্তব্য কৰে বিধায়ক ইছলামে৷ অৱশ্যে বর্তমান পর্যন্ত আসন বুজাবুজিক লৈ কংগ্রেছৰে কোনোধৰণৰ আলোচনা হোৱা নাই বুলি সদৰী কৰে৷ তেওঁ কয় যে শংকিত হৈয়েই বিজেপিয়ে মহাজোঁটবন্ধনক অনুপ্রৱেশকাৰীৰ মিত্রতা বুলি প্রচাৰ চলাইছে৷
ইফালে, ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে বলৱৎ কৰা তলাবন্ধৰ সময়ছোৱাত ভাঙি পৰা অর্থনীতিক টনকিয়াল কৰিবলৈ কেন্দ্র–ৰাজ্য উভয় চৰকাৰে কোনোধৰণৰ সুপৰিকল্পিত কার্যপন্থা গ্রহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে বিধায়ক ইছলামে৷ সংবাদ মেলখনত কোচ ৰাজবংশীসকলৰ বাবে গঠন হ’বলগীয়া স্বায়ত্তশাসিত পৰিষদখনৰ নাম ‘কমতাপুৰ’ দিয়াক লৈও পুনৰ আপত্তি প্রদর্শন কৰে এআইইউডিএফৰ নেতৃত্বই৷