নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ শ খালী পদত আবেদন কৰি ৰৈ আছে লাখ লাখ নিবনুৱা

চৰকাৰী চাকৰি বিচাৰি আশাহত শিক্ষিত যুৱক–যুৱতী

 নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা পদৰ বিপৰীতে বিজ্ঞাপনৰ উপৰি বিজ্ঞাপন প্রকাশ পাইছে৷ কিন্তু নির্দিষ্ট কেইটামান বিভাগক বাদ দি বেছিভাগ পদতে নিযুক্তিৰ কোনো উমঘাম পাবলৈ নাই৷ ফলত শ শ খালী পদত আবেদন কৰি নিযুক্তিৰ বাবে বাট চাই ৰোৱা লাখ লাখ নিবনুৱা এতিয়া আশাহত হৈছে৷ আনকি এই সময়ছোৱাত ব্লেকলিষ্টেড কোম্পানীক নিযুক্তিৰ ঠিকা দিও নিবনুৱাৰ ভৱিষ্যতক লৈ হেতালি খেলিছে একাংশ বিভাগে৷ উল্লেখ্য যে কংগ্রেছ চৰকাৰৰ আমোলত চৰকাৰী নিযুক্তিত সংঘটিত স্বজন–তোষণ, অনিয়মৰ অৱসানৰ প্রতিশ্রুতিৰে শাসনলৈ আহিছিল বিজেপি চৰকাৰখন৷ প্রথমাৱস্থাত এ পি এছ চিকে ধৰি কেইটামান বিভাগৰ নিযুক্তিলৈ স্বচ্ছতা অনাৰ চেষ্টাও চলাইছিল বর্তমানৰ চৰকাৰখনে৷ শেহতীয়া পঞ্চায়ত নির্বাচনৰ পূর্বে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত ব্যাপক নিযুক্তি কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উঠে৷ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত নিযুক্তিপ্রাপ্ত প্রার্থীৰ তালিকাখন ওপৰৰ পৰা তললৈ ভৰি আছিল বিজেপিৰ নেতা–পালিনেতাৰ অঙহী–বঙহীৰে৷ এই কেলেংকাৰিৰ তদন্ত ঘোষণা হ’ল যদিও তদন্তৰ ফলাফল আজিও ৰাজহুৱা নহ’ল৷ ইয়াৰ পাছত আন কেইবাটাও বিভাগৰ খালী পদৰ বিপৰীতে নিযুক্তিৰ বিজ্ঞাপন প্রকাশ পালে৷ সেইমর্মে লাখ লাখ নিবনুৱাই আবেদন–পত্রও পূৰণ কৰিলে৷ কিন্তু নিযুক্তি বাদেই, মাহ–বছৰ উকলি যোৱাৰ পাছতো পৰীক্ষাই অনুষ্ঠিত নহ’ল৷ এইক্ষেত্রত প্রথমেই উল্লেখ কৰিব লাগিব পৰিবহণ বিভাগৰ নিযুক্তিৰ নাটকখনৰ বিষয়ে৷ ২০১৮ চনতে অসম চৰকাৰৰ পৰিবহণ আয়ুক্তই ৫৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল৷ বিভাগটোত খালী হোৱা আয়ুক্তৰ কার্যালয়ৰ কনিষ্ঠ সহায়কৰ ৯টা, জিলা পৰিবহণ কার্যালয়ৰ কনিষ্ঠ সহায়কৰ ২৬টা, ষ্টেন’গ্রাফাৰৰ ১টা, কম্পিউটাৰ সহায়কৰ ১টা, সহকাৰী এনফ’চমেণ্ট ইন্সপেক্টৰৰ ৮টা, এনফ’চমেণ্ট চেকাৰৰ ৮টা পদৰ বাবে আবেদন কৰাৰ শেষ সময়সীমা আছিল ২০১৮ চনৰ ১৮ আগষ্ট৷ তাৰ পাছত দুটা বছৰ উকলি গ’ল৷ কিন্তু পৰিবহণ বিভাগৰ খালী পদসমূহৰ বিপৰীতে নিযুক্তি পৰীক্ষা এই সময়ছোৱাত অনুষ্ঠিত নহ’ল৷ এতিয়া একেবোৰ পদৰ লগত আন কেইটামান পদ সাঙুৰি বিভাগটোৱে নতুনকৈ বিজ্ঞাপন প্রকাশ কৰিছে৷ যোৱা ২০ জুলাইত প্রকাশিত পৰিবহণ বিভাগৰ নতুন বিজ্ঞাপনটোত পূর্বৰ ৫৩টা পদৰ লগতে জিলা পর্যায়ৰ কনিষ্ঠ সহায়কৰ ৩০টা, সহকাৰী এনফ’চমেণ্ট ইন্সপেক্টৰৰ ২২টা, এনফ’চমেণ্ট চেকাৰৰ ৪০টা আৰু চতুর্থবর্গৰ ৩০টা খালী পদ নতুনকৈ যোগ কৰা হৈছে৷ পৰিবহণ বিভাগৰ ১৭৪টা পদৰ লগত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ৫১টা নতুন পদৰ বাবেও আবেদন বিচৰা হৈছে৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ পদসমূহৰ ভিতৰত আছে মুখ্য কার্যালয়ৰ কনিষ্ঠ সহায়কৰ ১৩টা, সহকাৰী বাণিজ্যিক বিষয়াৰ ১টা, কনিষ্ঠ সহায়কৰ ২৪টা, মেকানিষ্টৰ ৪টা, ফিটাৰৰ ৮টা আৰু ইলেক্ট্রিকেল ৱায়াৰমেনৰ ১টা পদ৷ এনেদৰে পৰিবহণ বিভাগৰ মুঠ ২২৫টা পদৰ বাবে যোৱা ৮ আগষ্টত আবেদন প্রক্রিয়াৰ সামৰণি পৰিছে৷ কিন্তু প্রশ্ণ হ’ল বিগত দুটা বছৰে ৫৩টা খালী পদৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰা পৰিবহণ বিভাগে মাত্র কেইটামান মাহৰ ভিতৰত ২২৫টাকৈ পদত নিযুক্তি প্রদান কৰিব পাৰিবনে? একেবোৰ পদৰ বিপৰীতে দুবাৰকৈ বিজ্ঞাপন প্রকাশ কৰি পৰিবহণ বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে ৰাজ্যৰ লাখ লাখ নিবনুৱাক আভুৱা ভাঁৰাৰ অভিযোগো উত্থাপন হৈছে৷ একে সময়তে উল্লেখ কৰিব লাগিব যে নলবাৰী জিলা উপায়ুক্তৰ ১৮টা কনিষ্ঠ সহায়ক পদৰ নিযুক্তি পৰীক্ষাৰ বিষয়েও৷ এই ১৮টা পদৰ নিযুক্তিৰ বাবে আবেদন কৰাৰ সময়সীমা ২০১৮ চনৰ ২৩ মার্চতে উকলি গৈছে৷ দুবছৰজোৰা প্রতীক্ষাৰ অন্তত ২০২০ চনৰ ৮ মার্চত অনুষ্ঠিত হয় লিখিত পৰীক্ষা৷ পাঁচ সহস্রাধিক প্রার্থী এই পৰীক্ষাত অৱতীর্ণ হয় যদিও ‘এনছাৰ কী’ ৰাজহুৱা নকৰাকৈ ফলাফল ঘোষণা কৰে৷ জিলাব্যাপী ইয়াকে লৈ তীব্র প্রতিক্রিয়া সৃষ্টি হয়৷ সর্বত্র কেলেংকাৰিৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে জুন মাহৰ আৰম্ভণিতে কম্পিউটাৰ টেষ্টো সম্পন্ন হৈ যায়৷ কিন্তু যাৱতীয় সকলো পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ ৩ মাহৰ পাছতো এই পদসমূহত নিযুক্তি প্রদান কৰা হোৱা নাই৷ একমাত্র ৰাজনৈতিক হস্তক্ষেপৰ বাবেই নলবাৰী জিলা উপায়ুক্ত কার্যালয়ৰ ১৮টা পদৰ নিযুক্তি আজিও আধৰুৱা হৈ ৰৈছে৷ একেদৰে অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদত খালী হৈছিল ২০টা পদ৷ পৰিষদৰ সহকাৰী অভিযন্তাৰ ৩টা, কনিষ্ঠ অভিযন্তাৰ ৬টা, কনিষ্ঠ সহায়কৰ ১০টা আৰু মণ্ডলৰ ১টা পদৰ বিপৰীতে আবেদন প্রক্রিয়াৰ সামৰণি পৰে ২০১৯ চনৰ ১৫ মার্চত৷ মাজত এবছৰ চাৰি মাহ উকলি গ’ল৷ পৰীক্ষা আৰু নিযুক্তি একোৰে খবৰ এতিয়া পাবলৈ নাই৷ তদুপৰি ইতিহাস আৰু পুৰাতত্ত্ব বিভাগৰ নিম্নবর্গৰ সহায়কৰ ২টা আৰু পিয়নৰ ২টা পদৰ বাবে সহস্রাধিক নিবনুৱাই ২০১৯ চনৰ ৩০ জুলাইতে আবেদন কৰি আজৰি হ’ল৷ তাতো নিযুক্তিৰ খবৰ তেতিয়াৰ পৰা আৰু কোনেও পোৱা নাই৷ একেদৰেই বিভিন্ন জিলাত আইন সেৱা প্রাধিকৰণতো খালী পদৰ বিজ্ঞাপন প্রকাশ হৈছে যদিও নিযুক্তি সম্পন্ন হোৱা নাই৷ শিক্ষা বিভাগৰ অধীনৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ত শেহতীয়াকৈ খালী হৈছে মুখ্য কার্যালয়ৰ কনিষ্ঠ সহায়কৰ ২০টা, জিলা আৰু বিদ্যালয়ৰ কনিষ্ঠ সহায়কৰ ৯৯টা আৰু ষ্টেটিছটিকেল এছিছটেণ্টৰ ১৮টা পদ৷ ১৩৩টা খালী পদৰ বাবে আবেদন প্রক্রিয়াৰ সামৰণি পৰিছে যোৱা জুন মাহতে৷ এতিয়া চাকৰিপ্রত্যাশী লাখ লাখ নিবনুৱাই শিক্ষা বিভাগৰ নিযুক্তি পৰীক্ষাৰ দিন ঘোষণালৈ আশাৰে বাট চাইছে৷ নিবনুৱাৰ দীর্ঘ প্রতীক্ষাৰ অন্তত যোৱা ফেব্রুৱাৰীত জলসিঞ্চন বিভাগে অনুষ্ঠিত কৰিছিল ৩০০টা শাখা সহায়ক পদৰ নিযুক্তি পৰীক্ষা৷ কিন্তু উত্তৰ প্রদেশত ব্লেকলিষ্টেড হোৱা ‘এপটেক’ নামৰ কোম্পানীটোক এই নিযুক্তিৰ ঠিকা প্রদানৰ পাছত সমগ্র বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে৷ যাৰ বাবে জলসিঞ্চনৰ শাখা সহায়কৰ নিযুক্তি প্রক্রিয়া এতিয়া অনিশ্চয়তাৰ মাজত সোমাই পৰিছে৷ কেৱল সেয়াই নহয়, উচ্চ ন্যায়ালয়ত জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাই সগৌৰৱে উল্লেখ কৰিছে যে উত্তৰ প্রদেশত ব্লেকলিষ্টেড হোৱাৰ পাছতো এপটেকে অসমৰ চৰকাৰী আৰু অর্ধচৰকাৰী প্রতিষ্ঠানৰ মুঠ ৯টা নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিছে৷ শ শ খালী পদৰ বিজ্ঞাপন প্রকাশ পোৱাৰ পাছত ৰাজ্যখনৰ লাখ লাখ নিবনুৱাই অত্যন্ত আশাৰে আবেদন কৰিছিল৷ কিন্তু নিযুক্তি দূৰৈৰ কথা, নিযুক্তি পৰীক্ষাই আজিপর্যন্ত অনুষ্ঠিত হোৱা নাই৷

You might also like