নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ দেশৰ শিক্ষাৰ ক্ষেত্রত বৃহত্তম সংস্কাৰ ৰাষ্ট্রীয় শিক্ষা নীতি–২০২০ ৰূপায়ণক লৈ সোমবাৰে ৰাষ্ট্রপতি–প্রধানম সৈতে ৰাজ্যপালসকলৰ ৰাষ্ট্রীয় অভিৱর্তন অনুষ্ঠিত হয়৷ দেশত ৰূপান্তৰিত উচ্চ শিক্ষাত ৰাষ্ট্রীয় শিক্ষা নীতি–২০২০ৰ ভূমিকা সন্দর্ভত অসমৰ ৰাজ্যপাল অধ্যাপক জগদ্বীশ মুখীয়ে ৰাজ্যখনত ইতিমধ্যে এনইপি বলৱতৰ বাবে নির্বাচিত উপাচার্য কমিটী গঠন কৰা হৈছে বুলি মত প্রকাশ কৰে৷ ভার্চুৱেল অভিৱর্তনত অংশ লৈ ৰাজ্যখনৰ শিক্ষা সন্দর্ভত বিভিন্ন তথ্য দাঙি ধৰাৰ লগতে ৰাজ্যপাল জগদ্বীশ মুখীয়ে দুখন কেন্দ্রীয় চৰকাৰৰ শৈক্ষিক প্রতিষ্ঠান স্থাপনৰ বাবে ৰাষ্ট্রপতি আৰু প্রধানমন্ত্রীক আহ্বান জনায়৷ ৰাজ্যপালগৰাকীয়ে কেন্দ্রীয় চৰকাৰক ‘মাল্টিডিচিপ্লিনাৰী এডুকেচন এণ্ড ৰিছার্চ ইউনিভার্ছিটী’ (মেৰু) আৰু ‘ইণ্ডিয়ান ইনষ্টিটিউট অৱ ট্রেন্সলেচন এণ্ড ইণ্টাৰপিটেচন’ (আইআইটিআই) শৈক্ষিক প্রতিষ্ঠান দুখন অসমত স্থাপন কৰাৰ বাবে ৰাষ্ট্রপতি–প্রধানম আহ্বান জনায়৷ সোমবাৰে অনুষ্ঠিত ৰাজ্যপালসকলৰ ৰাষ্ট্রীয় অভিৱর্তনত ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দ, প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় শিক্ষামন্ত্রী ৰমেশ পোখৰিয়াল ‘নিশাংক’, কেন্দ্রীয় ৰাজ্যিক শিক্ষামন্ত্রী সঞ্জয় ছামৰাও ধোট্রে, এনইপি খচৰা কমিটীৰ অধ্যক্ষ ড০ কস্তুৰী ৰঞ্জনে অংশগ্রহণ কৰে৷ এই ভার্চুৱেল অভিৱর্তনত অংশগ্রহণ কৰি ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে ২০২১ৰ ভিতৰত শিক্ষকৰ শিক্ষাৰ কাৰণে নতুন কাৰিকুলামৰ প্রসংগ উত্থাপন কৰে৷ ৰাষ্ট্রপতিগৰাকীয়ে কয় যে উচ্চ শিক্ষাৰ অংশ হৈছে শিক্ষকৰ শিক্ষা, ৰাজ্যসমূহে মাল্টিডিচিপ্লিনাৰী, ইনট্রিগ্রেটেড টিচার্ছ প্র’গ্রেম আৰম্ভ কৰিব পাৰে৷ তদুপৰি ৰাষ্ট্রপতিগৰাকীয়ে বিশ্ববিদ্যালয় আৰু উচ্চ শিক্ষাৰ প্রতিষ্ঠানসমূহৰ লগতে বিদ্যালয়সমূহত খালী হৈ থকা শিক্ষকৰ পদ শীঘ্রে পূৰণ কৰিবলৈ আহ্বন জনায়৷ নতুন ৰাষ্ট্রীয় শিক্ষা নীতিৰ মূল শিক্ষকেই বুলি আখ্যা দি ৰাষ্ট্রপতিগৰাকীয়ে ৰাজ্য চৰকাৰসমূহক সু–মানসিকতাৰ শিক্ষক নিযুক্তিত গুৰুত্ব দিয়াৰ লগতে এই শিক্ষকসকলৰ চাকৰি যে সন্মানীয় তাৰ বাবে পৰিৱেশ সৃষ্টি কৰিব লাগিব বুলি কয়৷ শিক্ষকসকলৰ দৰমহাৰ ক্ষেত্রতো চৰকাৰে বিবেচনা কৰিব লাগে বুলি কয় ৰাষ্ট্রপতিগৰাকীয়ে৷ আনপিনে, অভিৱর্তন সম্বোধন কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাজ্যপালসকলক নতুন ৰাষ্ট্রীয় শিক্ষা নীতি সন্দর্ভত অংশীদাৰসকলৰ মাজত অধিক সজাগতা প্রসাৰণ কৰিব লাগে বুলি মন্তব্য কৰে৷ এনইপিক লৈ প্রধানমন্ত্রীগৰাকীয়্ কয় যে দেশৰ সামাজিক আৰু অর্থনৈতিক বিকাশত নতুন দিশ প্রদান কৰিব শিক্ষা নীতিয়ে৷ শিক্ষা নীতি ৰূপায়ণৰ ক্ষেত্রত শিক্ষার্থী, শিক্ষক আৰু অভিভাৱক–পিতৃ–মাতৃৰ্ মাজত অধিক সজাগতা অনাৰ পোষকতা কৰে প্রধানমন্ত্রীগৰাকীয়্৷ এনইপিৰ সফলতাৰ মূল চাবিকাঠী অংশীদাৰসকলৰ অন্তর্ভুক্তি বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে নতুন শিক্ষা নীতি সন্দর্ভত সকলো সন্দেহ আৰু প্রশ্ণ জনতাৰ মনৰ পৰা নাইকিয়া হৈ গ’লেহে ইয়াৰ সঠিক ৰূপায়ণ হ’ব৷ ৰাষ্ট্রপতি ভৱনৰ দ্বাৰা আয়োজিত বার্ষিক ৰাজ্যপাল অভিৱর্তনৰ উদ্বোধনী সত্রত প্রধানমন্ত্রীগৰাকীয়্ এনইপিক লৈ সকলো অংশীদাৰক আন্তৰিকতাৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়৷