নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ ৰাজহুৱা খণ্ডৰ টেলিকম সংস্থা ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ পাছত এইবাৰ স্বেচ্ছামূলক অৱসৰ (ভি আৰ এছ) কার্যকৰী হ’ব ষ্টেট বেংক অৱ ইণ্ডিয়াত৷ অহা এক ডিচেম্বৰৰ পৰা মুঠ ৩০,১৯০জন বিষয়া–কর্মচাৰীক ভি আৰ এছ দিয়াৰ পৰিকল্পনা কৰিছে ষ্টেট বেংকে৷ ইতিমধ্যে ইয়াৰ বাবে ‘ছেকেণ্ড ইনিংছ টেপ ভি আৰ এছ–২০২০’ শীর্ষক প্রকল্পৰ খচৰা প্রস্তুত কৰিছে৷ বর্তমান এই খচৰা ষ্টেট বেংকৰ পৰিচালন পৰিষদৰ অনুমোদনৰ অপেক্ষাত আছে৷ এই কথা প্রকাশ পোৱাৰ লগে লগে বিভিন্ন কর্মচাৰী সংগঠনে তীব্র বিৰোধিতা কৰিছে৷ বেংক কর্মচাৰী সংগঠন নেচনেল অর্গেনাইজেচন অৱ বেংক ৱর্কার্ছৰ উপ–সভাপতি অশ্বিনী ৰাণাই ভি আৰ এছ দিয়াৰ বাবে ষ্টেট বেংকে গ্রহণ কৰা পৰিকল্পনাৰ তীব্র বিৰোধিতা কৰি কয় যে সাম্প্রতিক পৰিস্থিতিত মানুহৰ ৰোজগাৰক লৈ দিনকদিনে আশংকা বাঢ়িব ধৰিছে৷ তাৰ মাজতেই স্বেচ্ছামূলক অৱসৰৰ সিদ্ধান্ত গ্রহণ কৰি ষ্টেট বেংকে কর্মচাৰীবিৰোধী মনোভাবৰহে পৰিচয় দিলে৷ ইফালে, ভি আৰ এছ দিয়াৰ বাবে গ্রহণ কৰা প্রকল্প সন্দর্ভত ষ্টেট বেংকৰ এক শীর্ষ সূত্রই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি প্রধানতঃ ব্যয় সংকোচনৰ লক্ষ্যৰেই এই পৰিকল্পনা লোৱা হৈছে৷ যিসকল বিষয়া–কর্মচাৰীয়ে ২৫ বছৰ ধৰি কাম কৰি আহিছে অথবা ভি আৰ এছ প্রকল্প আৰম্ভ হোৱাৰ দিনা যিসকলৰ বয়স ৫৫ বছৰতকৈ বেছি হ’ব, তেওঁলোকেই প্রকল্পটোৰ আওতাত পৰিব৷ যিসকলে ব্যক্তিগত কাৰণত চাকৰি এৰিব বিচাৰে বা যিসকলে আন কামত যোগ দিয়াৰ বাবে ইচ্ছুক, তেওঁলোকক অগ্রাধিকাৰ দিয়া হ’ব এই প্রকল্পটোত৷ স্বেচ্ছামূলক অৱসৰৰ যোগ্যতা অনুসৰি প্রকল্পটোৰ আওতালৈ আহিব মুঠ ৩০,১৯০জন বিষয়া–কর্মচাৰী৷ এই সংখ্যা ষ্টেট বেংকৰ মুঠ বিষয়া–কর্মচাৰীৰ ১০ শতাংশতকৈও বেছি৷ ইয়াৰে ১১,৫৬৫জন বিষয়া হোৱাৰ বিপৰীতে বাকী ১৮,৬২৫জন কর্মচাৰী৷ অহা এক ডিচেম্বৰত প্রকল্পটো আৰম্ভ কৰি ফেব্রুৱাৰী পর্যন্ত ইয়াৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে৷ উক্ত বিষয়া–কর্মচাৰীসক এক তৃতীয়ংশই যদি ভি আৰ এছ লয়, তেন্তে জুলাই মাহৰ বেতনসহ ষ্টেট বেংকে প্রায় ১,৬৬৩ কোটি টকা ৰাহি কৰিব পাৰিব বুলি কোৱা হৈছে৷ স্বেচ্ছামূলক অৱসৰ লোৱা বিষয়া–কর্মচাৰীসক গ্রেছুইটী, পেন্সন, প্রভিডেণ্ট ফাণ্ড, চিকিৎসাৰ খৰচ আদি দিয়া হ’ব৷ ভি আৰ এছ দিয়াৰ বাবে ষ্টেট বেংকে গ্রহণ কৰা এই পৰিকল্পনাৰ বিষয়ে সদৰী হোৱাৰ লগে লগে বিত্তীয় প্রতিষ্ঠানটোৰ একাংশ বিষয়া–কর্মচাৰীৰ মাজত কার্যতঃ হাহাকাৰ লাগিছে৷ অৱশ্যে সমগ্র বিষয়টো এতিয়া নির্ভৰ কৰিছে পৰিচালন পৰিষদৰ অনুমোদনৰ ওপৰতহে৷