নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাই মহকুমা প্ৰশাসনৰ কৰোনা মহামাৰী সম্পৰ্কে ৰাইজৰ মাজত সজাগতা সভা আৰু মাস্ক বিতৰণ

মাস্ক পৰিধান নকৰাৰ বাবদ জোনাই আৰক্ষীৰ ৯ হাজাৰ টকা জৰিমনা সংগ্ৰহ

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ  সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো বৰ্তমান কৰোনা মহামাৰীয়ে ভয়াবহতা সুচনা কৰিছে ৷ ব্যতিক্ৰম নহয় ধেমাজি জিলা তথা জোনাই মহকুমা ৷ তেনে সময়তে জোনাই মহকুমাত সোমবাৰৰ পৰা কৰোনা প্ৰতিৰোধ আৰু মাস্ক পৰিধান কৰাৰ সন্দৰ্ভত মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু জোনাই জনসংযোগৰ সহযোগত কৰোনা মহামাৰী সম্পৰ্কে সজাগতা সভা আৰু মাক্স বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰে৷ জোনাই মহকুমা প্ৰশাসনে জোনাই বজাৰ, ৰুকচিন, মুৰ্কংচেলেক ৰেলৱে ষ্টেচন বজাৰ, তেলাম, বৈকুণ্ঠপুৰ বজাৰ, ডেকাপাম, লাইমেকুৰী বজাৰ, চিমেন চাপৰি, চমকং বজাৰ আদিত মাস্ক বিতৰণ কৰি কৰোনা ভাইৰাছৰ সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত কৰে৷ এই সজাগতা সভাত জোনাই মহকুমাৰ দণ্ডাধীশ প্ৰীতম কুমাৰ দাস , নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰ, শৌবিক ভূঞা, , জোনাই ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) নেকিব চৈয়দ বৰুৱাই জনসাধাৰণক ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ সম্পৰ্কে আৰু মাস্ক পৰিধান কৰিহে ঘৰৰ বাহিৰলৈ ওলাবলৈ অনুৰুধ জনায় ৷ যদিহে জনসাধাৰণে মাস্ক পৰিধান নকৰাকে বাহিৰলৈ ওলায় তেন্তে জোনাই আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত এহেজাৰ টকা জৰিমনা বিহিবলৈ বাধ্য হব বুলি মহকুমা প্ৰশাসনৰ তৰফৰ পৰা ঘোষণা কৰে । উল্লেখযোগ্য যে আজি জোনাই আৰক্ষী থানাই জোনাই বজাৰ আৰু ৰাংকপত তিনিআলিত মাস্ক পৰিধান নকৰা লোকৰপৰা ৯ হাজাৰ টকা জৰিমনা সংগ্ৰহ কৰিবলৈ সক্ষম হয়৷ আনহাতে মানুহে মানুহৰ বাবে আৰু North Easten Soulmate of India ৰ সহযোগত সোমবাৰে জোনাই মহকুমাৰ বিভিন্ন ঠাইত কৰোনা মহামাৰী পৰা সাত হাৰিবলৈ মাস্ক বিতৰণ কৰি ৰাইজক সজাগ হৈ থাকিবলৈ ভ্ৰাম্যমাণ সভাৰ যোগে অনুৰুধ জনায় ৷

You might also like